Home Breaking পুনৰ ফেচবুক যোগে মন্ত্ৰী হিমন্ত বিশ্বক মৃত্যুৰ ভাবুকিঃ ডবকা আৰক্ষী থানাত গোচৰ

পুনৰ ফেচবুক যোগে মন্ত্ৰী হিমন্ত বিশ্বক মৃত্যুৰ ভাবুকিঃ ডবকা আৰক্ষী থানাত গোচৰ

44
3

দৈনন্দিন বাৰ্তা, ডিজিটটে সেৱা, ডবকাঃ হোজাই জিলাৰ ডবকাৰ এজন যুৱকৰ নামৰে ফেচবুকত ভুৱা একাউণ্ট খুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিধায়ক শিলাদিত্য দেৱক ভাবুকি প্ৰদান কৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ডবকাৰ বদৰ উদ্দিন নামৰ যুৱকজনৰ নাম ঠিকনা আৰু ফটো ব্যৱহাৰ কৰি ফেচবুকত ভুৱা একাউণ্ট খুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক শিলাদিত্য দেৱক হত্যাৰ ভাবুকি দিয়ে। লগতে ভাৰতীয় সেনাৰ নামতো আপত্তিজনক পোষ্ট দিয়ে দুষ্ট চক্ৰই। এই বিষয়ে বদৰুদ্দিন আৰু তেওঁৰ বন্ধুবৰ্গই গম পাই কালি ভূৱা একাউণ্টটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ডবকা থানাত গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে ডবকাৰ ভুক্তভোগী বদৰ উদ্দিন নামৰ যুৱকজনে জানিবলৈ দিয়া মতে তেওঁৰ ফেচবুকত এটাই একাউণ্ট সেই একাউণ্টটো প্ৰায় দহ বছৰৰ ধৰি ব্যৱহাৰ কৰি আছে। কিন্তু বৰ্তমান তেওঁৰ নাম আৰু ফটো ঠিকনা ব্যৱহাৰ কৰি ফেচবুকত ভুৱা একাউণ্ট খুলি বিভিন্ন আপত্তিজনক আৰু বিতৰ্কিত পোষ্ট দি তেওঁক শলঠেকত পেলাবলৈ দুষ্ট চক্ৰই অহৰহ চেষ্টা অব্যাহত ৰাখিছে।

3 COMMENTS

  1. Thank you for any other informative website. Where else may I am getting that
    type of info written in such a perfect means? I’ve a mission that I am just now running on,
    and I’ve been at the glance out for such info.

LEAVE A REPLY

Please enter your comment!
Please enter your name here