Home Breaking শুৱালকুছিৰ নামত নকল বস্ত্ৰ বিক্ৰীঃ ব্যৱসায়ীৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত শিপিনী, ব্যৱসায়ী, আছুৰ...

শুৱালকুছিৰ নামত নকল বস্ত্ৰ বিক্ৰীঃ ব্যৱসায়ীৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত শিপিনী, ব্যৱসায়ী, আছুৰ প্ৰতিনিধিৰ নেতৃত্বত জন-সজাগতা যাত্ৰা

54
4
Weavers businessmen from Sualkuchi and sualkuchi aasu members ‘jana awarness yatra’ protest against no duplicate silk is sold under the name of sualkuchi Silk at fancy bazer,Guwahati

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, চাংসাৰিঃ উত্তৰ পূবৰ মানচেষ্টাচৰ খ্যাত তথা শিপিনীসকলে হাতে বোৱা পাট-মুগাৰ কাপোৰ তৈয়াৰ কৰি বিশ্বৰ বুকুত সুকীয়াকৈ নিজৰ চিনাকি দিবলৈ সক্ষম হোৱা বস্ত্ৰ শুৱালকুছিৰ বস্ত্ৰ উদ্যোগটো ধ্বংস কৰাৰ উদ্দেশ্যে একাংশ অসাধু ব্যৱসায়ী হুবহু শুৱালকুছিৰ লেখীয়া পাট-টছৰ কাপোৰ বহিঃৰাজ্যৰ পৰা অতি নিম্ন মানদণ্ডৰ সূতা ব্যৱহাৰ কৰি তৈয়াৰ কৰি আনি শুৱালকুছিৰ বস্ত্ৰ বুলি অসমৰ বজাৰত বিক্ৰী কৰি গ্ৰাহকসকলক ৰামঠগন দিয়া ফলত শুৱালকুছিৰ অতি প্ৰচীন কুটিৰ শিল্পটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

বৰ্তমান যিধৰণে বহিঃৰাজ্যত তৈয়াৰ কৰি আনি (বেনাৰসী) এই নকল বস্ত্ৰ বিলাক শুৱালকুছিৰ বস্ত্ৰ বুলি অসাধু ব্যৱসায়ী সকলে বিক্ৰী কৰি আছে কিছু বছৰ পিচত হয়তো শুৱালকুছিৰ শিল্পটো বন্ধ হোৱাতো প্ৰায় নিশ্চিত। যোৱা ১২ বছৰ মান পূৰ্বৰ পৰা এই অসাধু ব্যৱসায়ীসকলে নকল শুৱালকুছি বস্ত্ৰৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে যদিও ২০১৩ চনত এই নকল বস্ত্ৰ (বেনাৰসী) ব্যৱসায়ীসকলৰ বিৰুদ্ধে শুৱালকুছিৰ ৰাজপথত জংগি প্ৰতিবাদ হৈছিল। এই জংগী প্ৰতিবাদত কোটি কোটি টকাৰ বস্ত্ৰ ৰাজপথত স্থানীয় শুৱালকুছিৰ শিপিনিসকলে জ্বলাই প্ৰতিবাদ সাৱস্ত্য কৰিছিল।

এই জংগী প্ৰতিবাদৰ পিছত অসাধু ব্যৱসায়ী সকলে কিছুদিনৰ বাবে বহিঃৰাজ্যৰ বেনাৰসী বস্ত্ৰ বিক্ৰী বন্ধ ৰাখিছিল যদিও লাহে লাহে পুনৰ অসাধু ব্যৱসায়ীসকলে বহিঃৰাজ্যত তৈয়াৰী বেনাৰসী বস্ত্ৰ বজাৰত মুকলিকৈ বিক্ৰী আৰাম্ভ কৰিছে। পুনৰ এই বেনাৰসী বস্ত্ৰ বজাৰত উভৈয়নদী হোৱাৰ ফলত শুৱালকুছিৰ শিল্পটো সংকটৰ সন্মুখীন হোৱাৰ লগতে শিপিনিসকলৰ পানীত হাহ নচৰা অৱস্থা হ’বলৈ ধৰিছে। এই গুৰুত্বপূৰ্ণ বিষয়টোত ৰাজ্যৰ হস্ততাত বিভাগ তথা স্থানীয় বিধায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মৌনতা অতি লজ্জাজনকৰ লগতে সন্দেহজনক। যাৰ পৰিণতিত শুৱালকুছিৰ শিল্পটো জীয়াই ৰখাৰ স্বাৰ্থত পুনৰ শুৱালকুছিৰ শিপিনিসকলে ৰাজপথত প্ৰতিবাদত নামী পৰিব বাধ্য হৈছে।

এই প্ৰতিবাদৰ উদ্যেশ্যে আজি শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত শুৱালকুছি শিপিনিসকলে গুৱাহাটী ফাঁচি বজাৰৰ অসাধু দোকান তথা ব্যৱসায়ীসকলক সকীয়নি দিয়াৰ লগতে অনাগত দিনত বহিৰাজ্যত তৈয়াৰ নকল বস্ত্ৰসমূহ যেন শুৱালকুছিৰ বস্ত্ৰ বুলি বিক্ৰী নকৰে তাৰ বাবে আজি আছুৰ নেতৃত্বত শুৱালকুছিৰ শিপিনৰ সহযোগত এই ব্যৱসায়ী সকলক সজাগ কৰাৰ বাবে জনসজাগতা যাত্ৰা বাহিৰ কৰে। ফাঁচি বজাৰৰ এই ব্যৱসায়ীসকলৰ উপৰি আন দোকান কেইখনৰ মালিকসকলক শুৱালকুছিৰ বস্ত্ৰ উদ্যোকটো জীয়াই ৰখাৰ স্বাৰ্থত শুৱালকুছিত তৈয়াৰ কৰা শুৱালকুছি ট্ৰেড মাৰ্ক আৰু বাৰ কোড চিহ্ন থকা কাপোৰ সমূহকে শুৱালকুছিৰ বুলি বিক্ৰী কৰাৰ বাবে আহ্বান জনায়।

ইয়াৰ লগতে কালিৰে পৰা শুৱালকুছিৰ আৰ্হিৰত তৈয়াৰ কৰা নকল শুৱালকুছিৰ বস্ত্ৰ বিক্ৰী বন্ধ কৰিবলৈ সকীয়াই দিয়া হয়। এই জনসজাগতা যাত্ৰাত শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দিপাংকৰ শৰ্মা, শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিংকু মনি দাস, সম্পাদক চিৰঞ্জীৱ দাস, শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক সৌৰভ দাস, শুৱালকুছি তাঁত শিল্পী উন্নয়ন সমিতিৰ সম্পাদক বিপুল চন্দ্ৰ বৈশ্য, বিশিষ্ট ব্যৱসায়ী কৈলেশ দাস, কৰ্ণ বৰুৱা, শুৱালকুছি সাংবাদিক সন্থাৰ সম্পাদক পুলিন দাসে নেতৃত্ব গ্ৰহণ কৰে।

4 COMMENTS

  1. [FUT 20] Fifa Mobile Hack [((GET))] free Fifa 20 Coins PS4/XBOX Glitch V.3
    [FUT 20] Fifa Mobile Hack [((GET))] free Fifa 20 Coins PS4/XBOX Glitch
    V.3..How to acquire FIFA 20 Hack ((GET FREE)) FIFA CREDITS & clear FIFA Points.FREE FIFA 20 CREDITS
    and Points Hack functional FIFA 20 Coins Glitch FIFA 20
    Hack pardon FIFA Coins & pardon FIFA Points
    Method FUT 20 Hack [PS4 XBOX PC].FiFa Mobile 2020 Hack
    How To Hack FiFa Mobile – FIFA Coins & free FIFA Points Method FUT 20
    Hack [PS4 XBOX PC].FiFa Mobile 2020 Hack How To Hack FiFa Mobile -FiFa Mobile Glitch.
    FIFA 20 Hack Cheats, CREDITS Points and Ultimate Team Generator.

  2. I’m amazed, I have to admit. Seldom do I encounter a blog that’s both equally educative and amusing, and let me tell you, you have hit the nail on the head.
    The issue is something which too few people are speaking intelligently about.
    Now i’m very happy that I came across this during my search for something
    regarding this.

LEAVE A REPLY

Please enter your comment!
Please enter your name here