Home মুখ্য পৃষ্ঠা “টিংখাং সমষ্টি সাংবাদিক সন্থা” গঠন

“টিংখাং সমষ্টি সাংবাদিক সন্থা” গঠন

123
0

“টিংখাং সমষ্টি সাংবাদিক সন্থা” গঠন

দৈনন্দিন বাৰ্তাLIVE@ : দেৱজিৎ গগৈ : টিংখাং ২৪ নৱেম্বৰ :

আজি টিংখাঙত টিংখাং,ৰাজগড় আৰু লেঙেৰীৰ সাংবাদিক সকল একত্ৰিত হৈ গঠন কৰিলে “টিংখাং সমষ্টি সাংবাদিক সন্থা”। উল্লেখযোগ্য যে সুদিৰ্ঘ দিনধৰি বৃহত্তৰ টিংখাং সমষ্টিত তিনিটা সাংবাদিক অনুষ্ঠান থকাত ৰাইজৰ মাজত বিভ্ৰান্তীৰ সৃষ্টি হৈ অহাৰ লগতে সংবাদ সেৱা আগবঢ়ায় অহাৰ ক্ষেত্ৰতো স্থানীয় সাংবাদিক সকল ভীষণ সমস্যাৰ সন্মুখীন হব লগীয়া হৈছিল । এনে পৰিপ্ৰেক্ষিতত সংবাদ কৰ্মী সকলে সন্মুখীন হৈ অহা এই সমস্যা অৱসান ঘটাই সমষ্টিটোৰ সাংবাদিক সকলৰ যৌথ প্ৰচেষ্টাত টিংখাং সাংবাদিক সন্থাৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । জেষ্ঠ সাংবাদিক প্ৰসন্ন কুমাৰ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আঁতধৰে সাংবাদিক কৃষ্ণ গগৈয়ে । সভাত টিংখাং সাংবাদিক সন্থা,ৰাজগড় প্ৰেছ ক্লাব আৰু বৃহত্তৰ ৰাজগড় সাংবাদিক মঞ্চৰ বিষয় ববীয়া সকল উপস্থিত থাকি নিজৰ নিজৰ মন্তব্য আগবঢ়োৱাৰ লগতে এই সন্মিলিত প্ৰচেষ্টাক একেমুখে আদৰণি জনায়। উক্ত সভাতে সৰ্বসন্মতিক্ৰমে পূৰ্বৰ সমষ্টিটোৰ তিনিটা সাংবাদিক অনুষ্ঠান একত্ৰিত কৰি সমষ্টিৰ সমূহ সাংবাদিকক সাঙুৰি “টিংখাং সমষ্টি সাংবাদিক সন্থা” নামেৰে এখন শক্তিশালী সমিতি গঠন কৰা হয় । জেষ্ঠ সাংবাদিক প্ৰসন্ন কুমাৰ কাকতিক উপদেষ্টা, মনোজ সিঙক সভাপতি, ভদ্ৰেশ্বৰ গগৈক কৰ্যকৰী সভাপতি, কৃষ্ণ গগৈক সম্পাদক, মিৰাণ ইছলামক সাংগঠনিক সম্পাদক হিচাপে লৈ গঠন হোৱা শক্তিশালী সমিতিয়ে বৃহত্তৰ অঞ্চলটোৰ লগতে সাংবাদিকৰ স্বাৰ্থত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here