Home অসম নিজৰ মাতৃভাষা শুদ্ধকৈ নিশিকাকৈ আন এটা বিদেশী ভাষা শিকিব নোৱাৰেঃ নগাঁৱৰ উপায়ুক্ত...

নিজৰ মাতৃভাষা শুদ্ধকৈ নিশিকাকৈ আন এটা বিদেশী ভাষা শিকিব নোৱাৰেঃ নগাঁৱৰ উপায়ুক্ত যাদৱ শইকীয়াৰ ব্যতিক্ৰমী প্ৰয়াস

29
1
Deputy Commissioner of Nagaon Jadav Saikia takes classes as teacher to the students at Nabarup Jatiya Vidyapith in Nagaon

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, নগাঁওঃ নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই কালি নিজৰ কৰ্ম ব্যস্ততাত সুৰুঙা উলিয়াই এজাক শিক্ষাৰ্থীৰ লগত মত-বিনিময় কৰি শিক্ষাৰ্থীসকলৰ সুস্থ ৰুচিবোধ গঢ়াৰ প্ৰয়াস কৰে। শিক্ষাৰ্থীসকলেকেৱল নিজৰ পাঠ্যক্ৰম, টিউছন, হমৱৰ্কত ব্যস্ত থাকি নিজৰ শৈশৱ, কৈশোৰৰ সোণোৱালী সময়খিনিতেই প্ৰত্যেক গৰাকী শিক্ষাৰ্থীয়ে নিজকে সামাজিকভাৱে, সাংস্কৃতিকভাৱে গঢ়ি তুলিব লাগে বুলি উপায়ুক্তগৰাকীয়ে শিক্ষাৰ্থীসকলক পৰামৰ্শ প্ৰদান কৰে।

নগাঁও চহৰৰ অসমীয়া মাধ্যমৰ অগ্ৰনী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠত আজি বিয়লি ভাগত উপস্থিত হৈ শিক্ষানুষ্ঠানখনৰ পৰিবেশন, প্ৰশাসন, শৈক্ষিক দিশ, পুথিভঁৰাল, কম্পিউটাৰ কক্ষ আদি পৰিদৰ্শন কৰি আপ্লুত হৈ উপায়ুক্ত যাদৱ শইকীয়াই বিদ্যালয়খনৰ শ্ৰেণী কোঠাত শিক্ষাৰ্থী সকলক পাঠদান কৰে। নিজৰ অতীতৰ ছাত্ৰ জীৱনৰ কিছু প্ৰাসংগিক কথা আৰু অভিজ্ঞতা সম্পৰ্কে বৰ্ণনা কৰি জিলা উপায়ুক্ত গৰাকীয়ে কয়–নিজৰ মাতৃভাষা শুদ্ধকৈ নিশিকাকৈ কোনেও আনৰ এটা বিদেশী ভাষা শুদ্ধ কৈ শিকিব নোৱাৰে।

এতিয়া এনে এটা দিন ঘূৰি আহিছে যে সকলোবোৰ ক্ষেত্ৰত আনকি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ মূল পৰীক্ষাটো নিজৰ মাতৃভাষাত কোৱালিফাইনিং নম্বৰ লাভ কৰিলেহে মূল পৰীক্ষাত অৱতীৰ্ণ হোৱাত যোগ্যতা লাভ কৰিব। আমাৰ মাজত যি ধাৰণা আছিল যে– নিজৰ মাতৃভাষাত অধ্যয়ন কৰিলে কোনো লাভ নথকা কথাবোৰ এতিয়া অতীত হ’ল । ইংৰাজী ভাষাও শুদ্ধ কৈ শিকিব লাগিব কিন্তু নিজৰ মাতৃভাষাক অবজ্ঞা কৰি নহয়। তেওঁ আৰু কয়– আমিও অসমীয়া মাধ্যমতে অধ্যয়ন কৰি নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিলো।

অসমীয়া মাধ্যমত পঢ়িও ক’তো আমি অসুবিধা পোৱা নাই। গতিকে মাধ্যম কেতিয়াও জীৱনৰ সফলতাৰ অন্তৰায় হ’ব নোৱাৰে বুলিও শিক্ষাৰ্থীসকলক পৰামৰ্শ প্ৰদান কৰে উপায়ুক্ত গৰাকীয়ে। নিজৰ পঢ়া-শুনাৰ সমান্তৰালকৈ ওচৰত চুবুৰীয়াৰ লগত যোগাযোগ, মিলামিচা, সুখ-দুখৰ খবৰ লোৱা, নিজৰ কামখিনি নিজেই সম্পাদন কৰা আদি নিয়মীয়াকৈ কৰিবলৈ উপদেশ দি উপায়ুক্ত গৰাকীয়ে কয়–প্ৰত্যেক গৰাকী শিক্ষাৰ্থীয়ে সপোন দেখিব লাগিব বা সপোন খেদি আজুৰি আনিব লাগিব।

তেতিয়াহে জীৱনৰ সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰিব। উপায়ুক্ত গৰাকীয়ে তাৎপৰ্যপূৰ্ণভাৱে আৰু কয়- নিজৰ আকাংক্ষিত লক্ষ্যত আৰোহণ কৰিব নোৱাৰি একাংশ ছাত্ৰ হতাশ হয়, ভাগি পৰে বা কেতিয়াবা নিজকে শেষ কৰা দেখা যায়। নিজৰ সপোনটো দিঠক নোহোৱাৰ বাবেই ছাত্ৰ জনৰ বাবে পৃথিৱীখন শেষ হৈ নাযায়।

বহু পথ তেওঁ লোকৰ সন্মূখত মুকলি হৈ থাকে। কেৱল মনৰ দৃঢ়তাৰ, একাগ্ৰতা, অধ্যৱসায় আৰু পৰিশ্ৰমৰ জৰিয়তে সফলতাৰ শীৰ্ষ বিন্দুত উপনীত হোৱাৰ অযুত-অলেখ উদাহৰণ আছে বুলিও তেওঁ মন্তব্য আগবঢ়ায়। উপায়ুক্ত যাদব শইকীয়াৰে হোৱা মতবিনিময়ৰ মাজতে শিক্ষাৰ্থীসকলৰ কেতবোৰ প্ৰশ্নৰো সমিধান দিয়ে উপায়ুক্ত গৰাকীয়ে।ইয়াৰ পূৰ্বে নৱৰূপ জাতীয় বিদ্যাপীঠ পৰিচালনা সমিতিৰ সচিব মুনীন্দ্ৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানত উপায়ুক্ত গৰাকীক ফুলাম গামোচা, চেলেং আৰু এখন গ্ৰন্থৰে আদৰণি জনায় নিভা শইকীয়া, উৎপলা বৰা আৰু সংগীতা বৰুৱাই। অনুষ্ঠানত পৰিচালনা সমিতিৰ সভাপতি ডঃ কমল চন্দ্ৰ শইকীয়া,কবি-সাহিত্যিক জীৱন নৰহ উপস্থিত থাকে।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here