Home মুখ্য পৃষ্ঠা চকীদাৰ চোৰ হ্যেঃ ৰাহুল গান্ধীৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ

চকীদাৰ চোৰ হ্যেঃ ৰাহুল গান্ধীৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ

34
1

নতুন দিল্লীঃ ৰাফেল হেলিকপ্টাৰ ক্ৰয় কেলেংকাৰী সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে মোদীক উচ্চতম ন্যায়ালয়ে চোৰ আখ্যা দিয়া বুলি আদালতৰ ৰায়ৰ যি অপব্যাখ্যা আগবঢ়াইছিল সেই অপব্যাখ্যাই সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

ৰাহুলৰ মন্তব্যৰ বিৰুদ্ধে বিজেপিৰ সাংসদ মিনাক্ষী লেখীয়ে উচ্চতম ন্যায়ালয়ত আদালত অবমাননাৰ গোচৰ তৰিছিল। আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক উক্ত মন্তব্যৰ বাবে তীব্ৰ সমালোচনা কৰে।

ভৱিষ্যতে যাতে ৰাহুলে এনেধৰণৰ মন্তব্য নকৰে তাৰ বাবে আদালতে তেওঁক সকিয়াই দিয়ে। ৰাহুলক সমালোচনা কৰাৰ অন্তত আদালত অৱমাননাৰ এই গোচৰটো বন্ধ কৰি দিয়া বুলিও আদালতে ঘোষণা কৰে। উল্লেখ্য ২০১৯ চনৰ ১০ এপ্ৰিলৰ দিনা ৰাহুল গান্ধীয়ে মোদীক সমালোচনা কৰিবলৈ গৈ এনে মন্তব্য কৰিছিল।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here