Home মুখ্য পৃষ্ঠা সবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশ, সাতজনীয়া বিচাৰপীঠে ল’ব শুনানি

সবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশ, সাতজনীয়া বিচাৰপীঠে ল’ব শুনানি

36
0

নতুন দিল্লীঃ কেৰালাৰ প্ৰখ্যাত সৱৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশৰ বিষয়টোক কেন্দ্ৰ কৰি সমগ্ৰ দেশজুৰি বিতৰ্ক অব্যাহত থকাৰ সময়তে আজি উচ্চতম ন্যায়ালয়ৰ এখন খণ্ডপীঠে এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত ২০১৮ চনৰ ২৮ ছেপ্টেম্বৰত ন্যায়ালয়ে দিয়া ৰায় স্থগিত ৰাখি সমগ্ৰ বিষয়টো সাতজনীয়া বিশেষ খণ্ডপীঠলৈ ঠেলি দিয়ে।

উল্লেখ্য বিগত বৰ্ষৰ ২৮ ছেপ্টেম্বৰৰ দিনা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ এফ নাৰিমান, ন্যায়াধীশ ডি ৱাই চন্দ্ৰসুদৰ খণ্ডপীঠে ৩ছ২ ভোটৰ ভিত্তিত সবৰিমালা মন্দিৰত সকলো বয়সৰ মহিলাই প্ৰৱেশ কৰিব পাৰিব বুলি ৰায় দিছিল।

উক্ত ৰায়ৰ বিৰুদ্ধে মন্দিৰ পৰিচালনা সমিতিয়ে উচ্চতম ন্যায়ালয়ত পুনৰ আবেদন জনাইছিল। আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে সৱৰিমালা মন্দিৰত ১০-৫০ বছৰৰ বয়সৰ কন্যা শিশু তথা মহিলাৰ প্ৰৱেশৰ বিষয়টোৰ সৈতে প্ৰাচীন ধৰ্মীয় বিশ্বাস নিহিত হৈ আছে। এনে ধৰ্মীয় বিশ্বাসৰ ক্ষেত্ৰত আদালতে পোনপটীয়াকৈ মন্তব্য কৰাটো সমিচীন নহ’ব বুলি ৰঞ্জন গগৈয়ে কয়। উল্লেখ্য ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ ৰায়ক পুনৰ বিবেচনা কৰাৰ বাবে ৬৫খন আবেদন কৰা হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here