Home অসম বাপুজী বালিকা বিদ্যালয়ৰ শিক্ষক হিৰণ্য কুমাৰ নাথলৈ পাৰদৰ্শী শিক্ষক বঁটা

বাপুজী বালিকা বিদ্যালয়ৰ শিক্ষক হিৰণ্য কুমাৰ নাথলৈ পাৰদৰ্শী শিক্ষক বঁটা

28
1

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা,মঙ্গলদৈঃ দৰং জিলা হাইস্কুল শিক্ষক সংস্থাই প্ৰতি বছৰে জিলা খনৰ শৈক্ষিক – সামাজিক দিশত পাৰদৰ্শিতাৰে সেৱা আগবঢ়াই অহা শিক্ষকক স্বীকৃতি স্বৰূপে পাৰদৰ্শী শিক্ষক বটা প্ৰদান কৰি আহিছে । এইবেলি এই বটা পশ্চিম দৰঙৰ বিষ্ণুপুৰস্থ বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক হিৰণ্য কুমাৰ নাথলৈ আগবঢ়াইছে । যোৱা ১৭ নবেম্বৰ তাৰিখে মঙলদৈ শিক্ষক ভৱনত সংস্থাৰ সভাপতি পদ্ম কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত ২৪ তম বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত এই বটাটো প্ৰদান কৰা হয় । বটা প্ৰাপক শিক্ষক হিৰণ্য কুমাৰ নাথ ১৯৯১ চনৰ পৰা সংশ্লিষ্ট বিদ্যালয়খনত প্ৰায় তিনিটা দশক ধৰি শিক্ষা দান কাৰ্যত নিয়োজিত হৈ আহিছে । শৈক্ষিক – সামাজিক, সাংস্কৃতিক ক্ষেত্ৰখনত ওতঃপ্ৰোত ভাৱে জড়িত হৈ থকা শিক্ষক গৰাকীয়ে বিদ্যালয়ৰ শৈক্ষিক কাৰ্যত জড়িত থাকিও বিদ্যালয় খনত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত গঠিত ইকো ক্লাব আৰু জৈৱ প্ৰযুক্তি বিভাগৰ সৌজন্যত গঠন কৰা ডি এন এ ক্লাব আৰু ক্ষুদ্ৰ সঞ্চয় বিভাগৰ দ্বাৰা গঠিত বিদ্যালয় স্কুল বেংক আদিৰ তত্ত্বাৱধায়কৰ দায়িত্ব বহন কৰি শিক্ষাৰ্থী সকলক পৰিবেশ, বিজ্ঞান তথা সঞ্চয়ৰ অভ্যাস গঢ়ি তুলিবলৈ প্ৰচেষ্টা চলাই আছে। আনহাতে নব্বৈৰ দশকত অসমতো আৰম্ভ হোৱা পূৰ্ণ সাক্ষৰতা অভিযানত তেওঁ জড়িত হৈ জিলা খনত সাক্ষৰতাৰ বাণী বিয়পাই দিবলৈ অহোপুৰুষাৰ্থ কৰিছিল । দৰং জিলা ইলোৰা বিজ্ঞান মঞ্চ, অসম বিজ্ঞান সমিতিৰ ছিপাঝাৰ শাখা, জ্ঞান বিজ্ঞান সমিতি অসমৰ নেতৃত্ব বহন কৰি সমগ্ৰ ৰাজ্য খনতে বিজ্ঞানৰ বতৰা বিলাই সমাজৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ আঁতৰাই বিজ্ঞান মনষ্কতা গঢ়ি তোলাৰ প্ৰচেষ্টাত অহৰ্নিশে কাম কৰি আহিছে । তাৰোপৰি ছিপাঝাৰৰ অন্যতম বেচৰকাৰী অনুষ্ঠান ছত্ৰ, মঙলদৈৰ পেছিফিক ইউনিট , ৰাজ্যিক সম্পদ কেন্দ্ৰ অসম আদিৰ পাৰদৰ্শী ব্যক্তি হিচাপেও শিক্ষক গৰাকী পৰিচিত। দৰং জিলা প্ৰশাসনৰ দ্বাৰা স্বচ্ছ গাওঁৰ পুৰস্কাৰ প্ৰাপ্ত হালধা গাঁৱত প্ৰশাসনৰ তত্ত্বাৱধানত গঠিত হালধাৰ স্বযংশাষিত হালধা মন্ত্ৰী সভাৰ শিক্ষা বিভাগৰ মন্ত্ৰী হিচাপেও শিক্ষক হিৰণ্য কুমাৰ নাথে গাওঁখনত শিক্ষাৰ বিস্তাৰ আৰু আৰ্থিক সামাজিক উত্তৰণৰ হকে বৰঙণি যোগাই আহিছে । শৈক্ষিক- সামাজিক ক্ষেত্ৰখনৰ উন্নয়নৰ লগত কেইবাবছৰো ধৰি অবিৰতভাৱে ভাবে কাম কৰি অহা এই গৰাকী শিক্ষকক দৰং জিলা শিক্ষক সংস্থাই পাৰদৰ্শী শিক্ষক বটাৰ বাবে নিৰ্বাচিত কৰাত যোগ্য জনকে সন্মান দিছে বুলি কব পাৰি ।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here