Home Breaking শিৱ মন্দিৰ উেচ্ছদক লৈ উত্তপ্ত নগাঁওঃ নগাঁও চহৰত পথ অৱৰোধঃ বিধায়ক ৰূপক...

শিৱ মন্দিৰ উেচ্ছদক লৈ উত্তপ্ত নগাঁওঃ নগাঁও চহৰত পথ অৱৰোধঃ বিধায়ক ৰূপক শৰ্মাৰ হস্তক্ষেপত শান্ত হ’ল পৰিস্থিতি

26
2
Public and local business man gathering after last night breaking a road side Shiva Mandir at Nagaon town

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, নগাঁওঃ কলি নগাঁও চহৰৰ হয়বৰগাঁৱত ৰাজপথৰ কাষত থকা এটা শিৱমন্দিৰ গোপনে উেচ্ছদ কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁও চহৰৰ হয়বৰগাঁৱত। নিশা মনে মনে পথ নিৰ্মাণ কৰা ঠিকাদাৰে জে চি বি লগাই পকী শিৱমন্দিৰটো ভাঙি চুৰমাৰ কৰাত পুৱাৰে পৰা হয়বৰগাঁৱত উত্তেজনাৰ সৃষ্টি হয়। মন্দিৰটোৰ পকী বেৰা , লোহাৰ গ্ৰীল আদি ভাঙি পেলোৱাৰ লগতে উেচ্ছদকাৰীয়ে শিৱলিংগ, দানপাত্ৰ আদি লৈ যায়। পথ নিৰ্মাণ কৰা ঠিকাদাৰ উত্তমচান্দ নাহতাই মইমতালি কৰি মন্দিৰটো গোপনে নিশা উেচ্ছদ কৰি ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ অভিযোগ তুলি একাংশ লোকে আজি পুৱা ১০.৩০ বজাত হয়বৰগাঁৱত পুৰণা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি নগাঁও চহৰত অচলাৱস্থাৰ সৃষ্টি কৰে । ফলত শ শ গাড়ী ৰাজপথত ৰৈ থাকিবলগীয়া হোৱাত ব্যাপক যানজঁট সৃষ্টি হয় ।

অৱৰোধকাৰীসকলে অভিযোগ কৰা মতে , ঠিকাদাৰে মন্দিৰ সমিতিক অৱগত নকৰাকৈ মনে মনে নিশা মন্দিৰটো ভাঙি শিৱলিংগৰ লগতে মন্দিৰৰ ভিতৰত থকা ঘন্টা, দানপাত্ৰ, ৪০ টা সোণৰ বেলপাত, ২৪ টা ৰূপৰ বেলপাত আৰু অন্যান্য সামগ্ৰী লৈ যায়। অৱৰোধকাৰীসকলক বুজাবলৈ জিলা প্ৰশাসনৰ বিষয়া অক্ষম হয় যদিও পিছত বিধায়ক ৰূপক শৰ্মাৰ হস্তক্ষেপত পৰিস্থিতি শান্ত হয়। গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ত জমা ৰখা শিৱলিংগটো মন্দিৰ কমিটিক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰে বিধায়ক শৰ্মাই।

উল্লেখ্য, হয়বৰগাঁৱত ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত গড়কাপ্তানী বিভাগৰ মাটিত ১৯৯৬ চনত ‘পঞ্চদুৱাৰ’ নামৰ শিৱমন্দিৰটো স্থাপন কৰা হৈছিল।পৰৱৰ্তী সময়ত ভক্তৰ দান বৰঙণিৰে মন্দিৰটো সুন্দৰকৈ সজোৱা হয় । বৰ্তমান পথ বহলীকৰণৰ বাবে মন্দিৰটো উেচ্ছদৰ জাননী দিয়া হয়। প্ৰশাসনৰ সূত্ৰত প্ৰকাশ পোৱা মতে, কেইবাবাৰো জাননী দিয়াৰ পিছতো মন্দিৰটো উঠাই নিয়াৰ বাবে পৰিচালনা সমিতিয়ে ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

2 COMMENTS

  1. Hey! I know this is kinda off topic however I’d figured I’d
    ask. Would you be interested in exchanging links
    or maybe guest authoring a blog post or vice-versa?
    My blog goes over a lot of the same topics as yours and I feel we
    could greatly benefit from each other. If you are interested feel free to shoot me an email.
    I look forward to hearing from you! Awesome blog by the way!

LEAVE A REPLY

Please enter your comment!
Please enter your name here