Home মুখ্য পৃষ্ঠা বাল্য বিবাহৰ ক্ষেত্ৰত এতিয়াও বিশ্বৰ দেশসমূহৰ দ্বিতীয় স্থানত ভাৰত

বাল্য বিবাহৰ ক্ষেত্ৰত এতিয়াও বিশ্বৰ দেশসমূহৰ দ্বিতীয় স্থানত ভাৰত

28
1

ৰাষ্ট্ৰসংঘঃ বিজ্ঞান প্ৰযুক্তি, স্বাস্থ্য, শিক্ষা আদিৰ ক্ষেত্ৰত ভাৰত দোপতদোপে আগুৱাই গৈছে যদিও কেতবোৰ পুৰণিকলীয়া পৰম্পৰাৰ পৰা যেন এতিয়াও আমাৰ দেশৰ অধিকাংশ লোকেই মুক্ত হ’ব পৰা নাই। ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদনত সেই কথাৰ স্পষ্ট প্ৰতিফলন দেখিবলৈ পোৱা গৈছে।

ৰাষ্ট্ৰসংঘই শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদনত এই বুলি কোৱা হৈছে যে বাল্য বিবাহৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ভাৰতৰ স্থান দ্বিতীয়। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনখনত উল্লেখ কৰা মতে, ২০০০-২০১৪ বৰ্ষৰ ভিতৰত ভাৰতত পাঁচ বছৰৰ তলৰ শিশুৰ বাল্য বিবাহৰ ঘটনা সৰ্বাধিক সংঘটিত হৈছে। বাল্য বিবাহৰ ফলত দেশৰ ৭১ নিযুতৰো অধিক শিশু ক্ষতিগ্ৰস্ত হোৱা বুলি প্ৰতিবেদনখনত কোৱা হৈছে।

প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে শিশুৰ জন্মৰ পঞ্জীনয়ৰ ক্ষেত্ৰতো ভাৰতত যথেষ্ট বিসংগতি দেখা গৈছে। ২০০০-২০১৪ বৰ্ষৰ ভিতৰত ভাৰতৰ বহু শিশুৰ জন্মৰ পঞ্জীয়ন কৰা হোৱা নাছিল বুলিও প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। বাল্য বিবাহৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত শীৰ্ষত আছে বাংলাদেশ। দেশখনত প্ৰতি তিনিগৰাকী কন্যা শিশুৰ দুগৰাকীৰেই বাল্য বিবাহ সম্পন্ন হয়। বাংলাদেশৰ পিছতেই আছে ভাৰত, নেপাল আৰু আফগানিস্তানৰ স্থান। প্ৰতিবেদনখনত উল্লেখ কৰা মতে, ভাৰতৰ ৪৩ শতাংশ ছোৱালীকেই ১৮ বছৰ গৰকাৰ পূৰ্বেই বিয়া দিয়া হয়।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here