Home অসম মুছলমানসকল নিজেই নিজৰ অধপতনৰ কাৰণঃ আনৱাৰুল উলুম মাদ্ৰাছাৰ বাৰ্ষিক অধিৱেশনত ক্বাৰী আঃ...

মুছলমানসকল নিজেই নিজৰ অধপতনৰ কাৰণঃ আনৱাৰুল উলুম মাদ্ৰাছাৰ বাৰ্ষিক অধিৱেশনত ক্বাৰী আঃ কৰিম

17
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, ৰামপুৰঃ সাম্প্ৰতিক মুছলমানসকল নিজেই নিজৰ অধপতনৰ কাৰণ। পৱিত্ৰ কোৰাণত আল্লাহে দিয়া নিৰ্দেশক আওকাণ কৰি সম্প্ৰতি এচাম মুছলমানে বিপথে পৰিচালিত হৈছে আৰু নিজৰ অধপতন নিজেই মাতি আনিছে। এই মন্তব্য হাফিজ ক্বাৰী মৌলানা আব্দুল কৰিমৰ। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ লাৰকুছিস্থিত আনৱাৰুল উলুম মাদ্ৰাছাৰ 19 তম্ বাৰ্ষিক অধিৱেশন উপলক্ষে অনুষ্ঠিত বিশাল দ্বীনি জলছাহৰ মুকলি সভাত নিৰ্দ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি দিয়া ভাষণত কালি এই মন্তব্য কৰে ক্বাৰীগৰাকীয়ে। ম্যানমাৰত ৰহিংগীয়া মুছলমানসকলৰ ওপৰত হোৱা নিৰ্যাতনক উদাহৰণ হিচাপে উল্লেখ কৰি নিজৰ মন্তব্যৰ সত্যতা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে ক্বাৰীগৰাকীয়ে।

আনহাতে মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশ গ্ৰহণ কৰি নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দীগন্ত বৰ্মনে দিয়া নিজৰ চমু ভাষণত কয় যে যিসকলে ধৰ্মক নামানে তেওঁলোক নাস্তিক। নাস্তিকসকলে কেতিয়াও সমাজত আল্লাহ প্ৰদত্ত শান্তি প্ৰতিষ্ঠাৰ হকে কাম নকৰে।দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত বাৰ্ষিক অধিৱেশনৰ বিভিন্ন অনুষ্ঠানৰ অংশ হিচাপে ৰাতিপুৱা ফজৰ নামাজৰ অন্তত মৌলনা সূৰজ আলীৰ পৰিচালনাত কোৰাণ খতম ও দোৱা, ৰাতিপুৱা 7 বজাত হাফিজ ইবাদুৰ ৰহমান আৰু হাফিজ আবু শ্বামাৰ পৰিচালনাত চাফাই কাম, ৰাতিপুৱা 7-30 বজাত মৌলনা শ্বেইখ ববিবুৰ ৰহমান আৰু ছাহজাহান আলীৰ দ্বাৰা পতাকা উত্তোলন, ৰাতিপুৱা আঠ বজাত মজিবৰ ৰহমান আৰু মতিউৰ ৰহমান প্ৰধানীৰ দ্বাৰা বৃক্ষ ৰোপণ, ৰাতিপুৱা 10 বজাত সমাজ সেৱক আয়ুব খান আৰু আব্দুৰ ৰহমানৰ দ্বাৰা মঞ্চ উদ্বোধন, ৰাতিপুৱা 11 বজাত আলহাজ ছাহজাহান আলী আৰু মৌলনা সূৰুজ আলীৰ পৰিচালনাত কেৰাত ও গজল প্ৰতিযোগিতা আৰু আবেলি 2 বজাৰ পৰা নিশা 12 বজালৈ মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি জেহেৰুল হকৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ।

মহিলা শ্ৰোতা-দৰ্শকৰ সুবিধাৰ্থে প্ৰজেক্টৰ সংযোজনেৰে সুকীয়াকৈ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মৌলনা ক্বাৰী গাজিউৰ ৰহমানে প্ৰদান কৰা ধৰ্মীয় ভাষণেৰে ধৰ্মপ্ৰাণ শ্ৰোতা-দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হয়। নিজৰ ভাষণেৰে মোহিত কৰি মাদ্ৰাছা উন্নয়নৰ বাবে মুকলি সভাতেই মহিলা শ্ৰোতাসকলৰ পৰা নগদ 25000.00 টকা আৰু পুৰুষ শ্ৰোতাসকলৰ পৰা নগদ 116530.00 টকাৰ এক বৃহৎ পৰিমাণৰ দান-বৰঙণি সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এনেকি ক্বাৰীগৰাকীয়ে নিজৰ ভাষণৰ জৰিয়তে শ্ৰোতাক ধৰ্মীয় আবেগেৰে উদ্বুদ্ধ কৰি মাদ্ৰাছাৰ নামত দানত পোৱা এযোৰ কণী, এযোৰ কুকুৰা, আৰু এযোৰ ডালিম মুকলি সভাত নিলামত বিক্ৰি কৰি ক্ৰমে কণী বাবদ 600.00 টকা, কুকুৰা বাবদ 2500.00 টকা আৰু ডালিম বাবদ 2600.00 টকা সংগ্ৰহ কৰা পৰিলক্ষিত হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here