Home Breaking মহাৰাষ্ট্ৰত অচিৰেই শিৱসেনা-কংগ্ৰেছ-এনচিপিৰ মৰ্চা চৰকাৰ

মহাৰাষ্ট্ৰত অচিৰেই শিৱসেনা-কংগ্ৰেছ-এনচিপিৰ মৰ্চা চৰকাৰ

22
0

অনলাইন বাৰ্তাঃ অৱশেষত চৰকাৰ গঠনৰ পথত আগবাঢ়িছে মহাৰাষ্ট্ৰৰ তিনিটা দল। শিৱসেনা, কংগ্ৰেছ আৰু এনচিপিয়ে নতুন মৰ্চা গঠন কৰি ৰাজ্যখনত চৰকাৰ গঠনৰ দিশত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে সম্পূৰ্ণ কাৰ্যকাল প্ৰতিনিধিত্ব কৰিব শিৱসেনা দলে। কংগ্ৰেছ আৰু এনচিপিয়ে লাভ কৰিব উপ-মুখ্যমন্ত্ৰীৰ পদ। আনহাতে বিভিন্ন বিভাগ বিতৰণৰ ক্ষেত্ৰত তিনিওটা দলে সমিলমিলেৰে
আগবাঢ়িব। প্ৰাপ্ত তথ্য মতে শিৱসেনাৰ মুৰববী উদ্ধৱ থাকৰে হ’ব ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী।

আনহাতে এনচিপিৰ অজিত পাৱাৰ আৰু কংগ্ৰেছৰ বালাচাহেব থুৰত হ’ব উপ-মুখ্যমন্ত্ৰী। ইতিমধ্যে এনচিপিৰ মুৰববী শাৰদ পাৱৰে কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ সৈতে আলোচনা কৰি চৰকাৰ গঠনৰ বিষয়টো চূড়ান্ত কৰিছে। কাইলৈ কংগ্ৰেছ-এনচিপি আৰু শিৱসেনাৰ যুটীয়া বৈঠক অনুষ্ঠিত হ’ব। ইফালে মন্ত্ৰী সভাত এনচিপিৰ বিধায়ক দিলীপ ৱালছে পাতিল, চাগন ভোজবল, ধনঞ্জয় মুণ্ডে, জিতেন্দ্ৰ ৱাহাট, হাছান মুছৰিফ অনিল দেশমুখ আৰু নবাব মালিকৰ নাম চূড়ান্ত হৈছে।

কংগ্ৰেছৰ হৈ মন্ত্ৰী সভাত স্থান লাভ অশোক সাংকাৰো চাৱন্ত, পৃথ্বিৰাজ চাৱন্ত, যশমতি চন্দ্ৰকান্ত ঠাকুৰ, বিজয় নামদেব্ৰ, বিশ্বজিৎ পাটাংগ্ৰ কদম, অমিত দেশমুখ আৰু মানিক্ৰাও থাকৰে। ইফালে শিৱসেনাই নিজৰ ফালৰ পৰা কেইজন বিধায়কক মন্ত্ৰী সভাত অন্তৰ্ভুক্ত কৰিব সেই বিষয়ে কাইলৈ সিদ্ধান্ত ল’ব। মুৰববী উদ্ধৱ থাকৰেৰ বাসভৱনত কাইলৈ পুৱা দলীয় বিধায়ক আৰু শীৰ্ষ নেতাসকল এখন বৈঠক অনুষ্ঠিত হ’ব। একেদৰে মুম্বাইত শাৰদ পাৱৰৰ বাসভৱনতো এনচিপিৰ বিধায়কসকলৰ এখন বৈঠক আহবান কৰা হৈছে। উল্লেখ্য যে যোৱা ২৪ অক্টোবৰত মহাৰাষ্ট্ৰ বিধানসভাৰ ফলাফল ঘোষণা কৰা হৈছিল যদিও কোনো এটা দলে চৰকাৰ গঠন কৰিব পৰাকৈ নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ নকৰিলে।

নিৰ্বাচনৰ পূৰ্বে বিজেপি-শিৱসেনা আৰু কংগ্ৰেছ-এনচিপিৰ মিত্ৰতা হৈছিল। নিৰ্বাচনত বিজেপিয়ে ১০৫, শিৱসেনাই ৫৬, কংগ্ৰেছে ৪৪ আৰু এনচিপিয়ে ৫৪ টা সমষ্টি লাভ কৰে। চৰকাৰ গঠন কৰিব পৰাকৈ বিজেপি-শিৱসেনা মৰ্চাৰ সক্ষমতা আছিল যদিও দুয়োটা দলে ক্ষমতাৰ ভাগ-বটোৱাৰা কৰিব নোৱাৰি পূৰ্বৰ মিত্ৰতা ছেদ কৰে। ইফালে একুৰি দিন চৰকাৰ গঠন কৰিব নোৱাৰাৰ পিছত ৰাজ্যপালে ৰাষ্ট্ৰপতি শাসনৰ অনুমোদন জনায়। বৰ্তমান ৰাষ্ট্ৰপতি শাসনৰ অধীনত থকা মহাৰাষ্ট্ৰত কোনে চৰকাৰ গঠন কৰিব সেয়া অৱশ্যে কাইলৈহে চূড়ান্ত হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here