Home মুখ্য পৃষ্ঠা : লংকাৰ বিভিন্ন ঠাইত গজৰাজৰ তাণ্ডৱ :

: লংকাৰ বিভিন্ন ঠাইত গজৰাজৰ তাণ্ডৱ :

69
0
Family of Indian elephants, Elaphas maximus, with two calfs crossing a path, Kaziranga National Park, Assam, India. Kaziranga - Karbi Anglong Landscape

: লংকাৰ বিভিন্ন ঠাইত গজৰাজৰ তাণ্ডৱ :

দৈনন্দিন বাৰ্তা LIVE@(ফাৰহান আহমেদ )প্ৰতিবেদক, লংকা, ২৫ নৱেম্বৰ,
ৰাজ্যত এতিয়া হাতী মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাইছে।।|ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় থকাৰ সমান্তৰাল ভাৱে শুক্ৰবাৰে নিশা হোজাই জিলাৰ লংকাৰ পৃথক স্থানত বন্য হস্তীৰ বৃহৎ এটা জাকে উপদ্ৰৱ চলায় |খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা প্ৰায় ৪০/৫০ টা হাতীৰ জাকে নিশা প্ৰথমে লংকাৰ পাঞ্জাৱীবস্তিত প্ৰৱেশ কৰি তাণ্ডৱ চলায় | নিশা প্ৰায় ১১ মান বজাত প্ৰৱেশ কৰা বন্য হস্তীৰ বৃহৎ জাকটোৱে অঞ্চলটোত এফালৰ পৰা সন্ত্ৰাস চলায় অঞ্চলটিৰ বহু লোকৰ বাৰীত অৱস্থান কৰি এইদৰে গছ গছনি তহিলং কৰাৰ লগতে দুটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে।।কেৱল এয়াই নহয় হাতীৰ জাকে বহু বিঘা ধান খেতিও বিস্তৰ ক্ষতি সাধন কৰাত মূৰে কপালে হাত দিছে কৃষক সকলে ।।অৱশেষত ৰাইজৰ তৎপৰতাত হাতীৰ জাকটো খেদি পঠাবলৈ সক্ষম হয় যদিও সেই জাকে পুনৰ চামবাৰী অঞ্চলত প্ৰৱেশ বহু সময়লৈকে ত্ৰাস চলাই।।ইফালে হাতীৰ উপদ্ৰপ ৰোধ কৰাৰ বাবে বন বিভাগক অৱগত কৰাৰ পাছতো কান সাৰ নাই বিয়াগোম বন বিভাগৰ ।ফলত ৰাইজে এনেদৰে জুই জ্বলাই হাতীৰ জাকটোক খেদিবলৈ কচৰৎ চলাই।।নিতৌ অঞ্চলটোত হাতীৰ তাণ্ডৱ অব্যাহত থকাত আতংকিত হৈ নিশা গঞাই উজাগৰী নিশা কটাব লগীয়া হৈছে।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here