Home মুখ্য পৃষ্ঠা নগাঁৱত গননাট্য সংঘৰ মনোজ্ঞ আলোচনা চক্ৰ

নগাঁৱত গননাট্য সংঘৰ মনোজ্ঞ আলোচনা চক্ৰ

210
0

নগাঁৱত গননাট্য সংঘৰ মনোজ্ঞ আলোচনা চক্ৰ

দৈনন্দিন বাৰ্তা live@জিলা প্ৰতিনিধি,দীপ জ্যোতি শইকীয়া,নগাওঁ, ২৫ নবেম্বৰ:ভাৰতীয় গননাট্য সংঘৰ নগাওঁ শাখাৰ উদ্যোগত মাহৰ ৪ৰ্থ শনিবৰীয়া মাহেকীয়া আলোচনা সত্ৰৰ লগত সংগতি ৰাখি আজি নগাওঁ প্ৰেছ ক্লাৱত এক মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয়। গননাট্য সংঘৰ নগাওঁ শাখাৰ সভাপতি দিপ্তী কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰৰ মূল বিষয় – খিলঞ্জীয়া সংশয় শীৰ্ষক আলোচনাচক্ৰত অংশ গ্ৰহণ কৰি কেইবাগৰাকী বক্তাই সাম্প্ৰতিক সময়ত খিলঞ্জীয়াৰ সন্মুখত দেখা দিয়া প্ৰত্যাহ্বান সন্দৰ্ভত আলোকপাত কৰে। খিলঞ্জীয়াৰ অস্তিত্ব আৰু অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমক শক্তিশালী ৰূপত গঢ় দিয়াত ঐক্যমত পোষন কৰি বক্তাসকলে অসমীয়া জাতিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। আলোচনা চক্ৰত দেবেন মুক্তিয়াৰ, কৃষক নেতা মোলান লস্কৰ, বিশিষ্ট মহিলা মুক্তা জয়ছোৱাল, স্বপ্না নেওগী, চিপি আইৰ ৰাতুল বৰা, ৰিড জাৰ্নালিজমৰ চাবিনা ইয়াছমিন, ৰাঘৃনাথ বিশ্বাস, অগপ নেত্ৰী মুনু শইকীয়া, জাতিয়তাবাদী যুব পৰিষদৰ বুদ্ধেশ্বৰ দাস, সাংবাদিক কনক হাজৰিকা, হৰেশ্বৰে বৰা, অজয় মাহাতু আদিয়ে অংশ গ্ৰহন কৰে ।বহু কেইজন বক্তাই নিজৰ নিজৰ মনৰ ভাব ব্যক্ত কৰে। অনুষ্ঠানৰ আত ধৰে গননাট্য সংঘৰ জিলা সম্পাদিকা নিজৰা শইকীয়া।

LEAVE A REPLY

Please enter your comment!
Please enter your name here