Home মুখ্য পৃষ্ঠা নগাঁৱৰ কচুৱা বৰবিলত নিশা চাঞ্চল্য ঘটনা ? স্বামীক হত্যা কৰি পত্নীক...

নগাঁৱৰ কচুৱা বৰবিলত নিশা চাঞ্চল্য ঘটনা ? স্বামীক হত্যা কৰি পত্নীক ধৰ্ষণৰ অপচেষ্টা ।

146
0

নগাঁৱৰ কচুৱা বৰবিলত নিশা চাঞ্চল্য ঘটনা

? স্বামীক হত্যা কৰি পত্নীক ধৰ্ষণৰ অপচেষ্টা ।

দীপ জ্যোতি শইকীয়াৰ প্ৰতিবেদন, নগাঁও,২৫ নৱেম্বৰ: যোৱা নিশা নগাঁৱৰ কচুৱাৰ বৰবিল উদমাৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । এগৰাকী বিবাহিত মহিলাক নিজ স্বামীৰ সন্মুখত ধৰ্ষণৰ চেষ্টা চলায় সেই অঞ্চলৰে বকুল দাস আৰু ৰাজু দাস নামৰ দুটাকৈ লম্পটে। দুৰ্ভগীয়া মহিলা গৰাকীয়ে সাংবাদিকৰ অাগত জনোৱা মতে লম্পট যুৱক দুজনে প্ৰথমে ভুক্তভুগি মহিলা গৰাকীৰ ঘৰত প্ৰৱেশ কৰি ঘৰৰ বিদ্যুত সংযোগ কৰ্তন কৰি দিয়ে।মহিলা গৰাকীৰ স্বামিয়ে ঘৰৰ বাহিৰত কোনো থকাৰ সম্ভেদ পাই চাবলৈ ওলাই অাহোতেই দুৰ্বৃত্ত দুটায়ে মাৰ-ধৰ কৰি হত্যাৰ চেষ্টা চলায় । মহিলা গৰাকীৰ স্বামীক হত্যাৰ চেষ্টা কৰাতেই ক্ষান্ত নাথাকি লম্পট দুটায়ে মহিলা গৰাকীক ওচৰৰ জংঘললৈ নি বলপুৰ্বকভাৱে ধৰ্ষণৰ চেষ্টা চলাই ।অৱশ্যে মহিলা গৰাকী আৰু তেওঁৰ স্বামীয়ে চিঞৰ বাখৰ কৰাত দুৰ্বৃত্ত দুটায়ে পলায়ন কৰে । উল্লেখ্য যে, ইতিমধ্যে কচুৱা আৰক্ষী চকীত ভুক্তভোগী মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰিছে।


 

LEAVE A REPLY

Please enter your comment!
Please enter your name here