Home মুখ্য পৃষ্ঠা সোণতলীত পথ দলঙৰ দুৰঅৱস্থা ৷ ৮৮ৰ বানত ভঙা এখন দলং ৩০ বছৰে...

সোণতলীত পথ দলঙৰ দুৰঅৱস্থা ৷ ৮৮ৰ বানত ভঙা এখন দলং ৩০ বছৰে হোৱা নাই পুনৰ নিৰ্মাণ

154
0

সোণতলীত পথ দলঙৰ দুৰঅৱস্থা ৷ ৮৮ৰ বানত ভঙা এখন দলং ৩০ বছৰে হোৱা নাই পুনৰ নিৰ্মাণ ৷ বিপদ সংকুল যাতায়ত অঞ্চলবাসীৰ ৷

দৈনন্দিন বাৰ্তা LIVE@সোণতলীৰ পৰা ৰেজাউল কবিৰ ,২৬ নৱেম্বৰঃ ৰাজ্যত এনে বহু পথ আৰু দলং আছে যিবোৰ এবাৰ ভঙাৰ পিছত পুনৰবাৰ নিৰ্মাণৰ হোৱা দেখিবলৈ পোৱা নাযায়। তেনে এক দলং আছে বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ ছমৰীয়াৰ পৰা মৰাকলহীৰ মালিবাৰীলৈ যোৱা গড়কাপ্তানী পথৰ ওপৰত। ১৯৮৮ চনত ৰাজ্যত হোৱা ভয়াবহ বানপানীয়ে উটুৱাই নিছিল এই দলংখন আৰু ৩০ বছৰ ধৰি দলংখন অপেক্ষাত আছে পুনৰ নিৰ্মাণৰ। দলংখনৰ ৩০ বছৰীয়া পুনৰ নিৰ্মাণৰ অপেক্ষাই যমৰ যাতনাত ভুগিবলৈ বাধ্য কৰাইছে অঞ্চলবাসীক। অঞ্চলবাসীৰ দৈনন্দিন জীৱন যাত্ৰাৰ একমাত্ৰ সম্ভল এই দলংখনৰ ওপৰত সুদৃষ্টি পৰা নাই বিভাগীয় কর্তৃপক্ষ আৰু জনপ্ৰতিনিধিৰ। ৩০ বছৰ পূৰ্বে ইয়াত থকা দলংখনৰ কোনো চিন চাপ নাথাকিলেও দলংখনৰ অস্তিত্ব ৰক্ষা কৰি ৰাখিছে দলংখনৰ খুটি কেইটা। কালাতলী, নেউলডুৱা, মৰাকলহী, মালীবাৰী, চতুৰ্ভুজ, ডেকাচাং, বগৰীগুৰী, পুঠিমাৰীকে ধৰি বহুকেইটা অঞ্চলৰ ৰাইজ এই ভঙা দলংখন থকা উপপথটোৰ ওপৰত নিৰ্ভৰশীল কিন্তু বাৰিষাৰ সময়ত এই পথেৰে যাতায়ত বন্ধ হৈ পৰাত এই অঞ্চলবাসীয়ে দুই মিনিটৰ পথ অতিক্ৰম কৰিবলৈ খৰছ কৰিবলে লগীয়া হয় দুই তিনি ঘণ্টা। কণ কণ স্কুলীয়া শিশুৰ লগতে কলেজীয়া ছাত্ৰ ছাত্ৰীসকলো দলংখন নথকাৰ বাবে যাতায়তৰ ক্ষেত্ৰত কষ্ট ভোগ কৰিবলগীয়া হয়।

১০৮, আদৰণি সেৱাৰ পৰা বঞ্চিত অঞ্চলবাসীয়ে ঠেলা, সাঙি, চাইকেলেৰে কঢ়িয়াবলগীয়া হয় গৰ্ভৱতী মহিলা আৰু সংকটজনক ৰোগী। পথটোৰ লগতে দলংখনৰ পুনৰ নিৰ্মানৰ বাবে স্থানীয় ভুক্তভোগী ৰাইজে বিভাগীয় কর্তৃপক্ষ আৰু জনপ্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো ৰাইজে কোনো সুফল পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here