Home মুখ্য পৃষ্ঠা নগাঁৱত প্ৰথম ৰাজস্হানী সম্পদায়ৰ মহিলাৰ হিন্দী কবিতা পুথি উন্মোচন

নগাঁৱত প্ৰথম ৰাজস্হানী সম্পদায়ৰ মহিলাৰ হিন্দী কবিতা পুথি উন্মোচন

168
0

নগাঁৱত প্ৰথম ৰাজস্হানী সম্পদায়ৰ মহিলাৰ হিন্দী কবিতা পুথি উন্মোচন

 

দৈনন্দিন বাৰ্তা LIVE@(ভাস্কৰজ্যোতি শইকীয়া )নগাঁও,২৬ নবেম্বৰঃ নগাঁও প্ৰেছ ক্লাবত আজি বিয়লি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগাঁও চহৰৰ ৰাজস্থানী সম্প্ৰদায়ৰ মহিলা পুনম আগৰৱালাৰ প্ৰথম কবিতা পুথি ‘পাখি’ উন্মোচন কৰা হয় ৷নগাঁও প্ৰেছ ক্লাবৰ সভাপতি শৈলেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থখন উন্মোচন কৰে প্ৰাক্তন মন্ত্ৰী তথা শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই ৷ গ্ৰন্থখন উন্মোচন কৰি কবি পুনম আগৰৱালাৰ সাহিত্য চৰ্চাক প্ৰশংসা কৰি শিক্ষাবিদ বৰুৱাই কয় যে সাহিত্য সৃষ্টিৰ বাবে সাধনাৰ প্ৰয়োজন ৷ সাহিত্যৰ লগত জড়িত হবলৈ হলে বিষয়বস্তুৰ গভীৰতালৈ যাব লাগিব ৷ অনুভৱ নাথাকিলে সাহিত্যৰ সৃষ্টি হব নোৱাৰে ৷ একেদৰে কবিতা লিখিবলৈ হলে সুক্ষ্ম অনুভূতি লাগিব ৷ অন্তৰৰ সুক্ষ্ম অনুভূতি প্ৰকাশ কৰাটো ডাঙৰ কাম ৷ ৰাজস্থান সম্প্ৰদায়ৰ পৰা অহা পুনম আগৰৱালা আগন্তুক দিনত সাহিত্য চৰ্চাত অধিক মনোনিবেশ কৰিবলৈ নবীন কবিগৰাকীক আহ্বান জনায় ৷ অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ কথা দোহাৰি গিৰীন্দ্ৰ কুমাৰ বৰুৱাই লগতে কয় যে আমি সংস্কৃতিক সাৱটি সমন্বয়ৰে জীয়াই থাকিব লাগিব ৷ সভাত জ্যেষ্ঠ সাংবাদিক ডঃ অাবু হানিফাই নবীন কবি পুনম আগৰৱালাক প্ৰশংসা কৰি কবিগৰাকীয়ে হিন্দীত কবিতা সমুহ অসমীয়া ভাষালৈ অনুবাদ কৰিবলৈ অনুৰুধ জনায় ৷ সভাপতিৰ ভাষণত শৈলেন শইকীয়াই কবি পুনম আগৰৱালাই হিন্দী ভাষাত সাহিত্য ৰচনা কৰিলেও অসমৰ সমাজ সংস্কৃতিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰিবলৈ আহ্বান জনায় ৷ সাংবাদিক অজিত মহেশ্বৰীয়ে আঁত ধৰা অনুষ্ঠানত কবি পুনম আগৰৱালা, যুগল কিশোৰ জাজদীয়া, খুবচন কেজৰিৱাল, সন্ধ্যা গোস্বামী,বিজয় কুমাৰ মংগোলনীয়া, সুমিত সৰকাৰ , ওম প্ৰকাশ জাজদিয়া আদিয়ে ভাষণ দিয়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here