Home মুখ্য পৃষ্ঠা নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰু শান্তিৰ বাবে দেশজুৰি চাইকেল যাত্ৰা অমনদ্বীপ সিং...

নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰু শান্তিৰ বাবে দেশজুৰি চাইকেল যাত্ৰা অমনদ্বীপ সিং খালচাৰ :- দহ বছৰত দুই লাখ বাৰহেজাৰ কিলোমিটাৰ পথ অতিক্ৰম

211
0
নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰু শান্তিৰ বাবে দেশজুৰি চাইকেল যাত্ৰা অমনদ্বীপ সিং খালচাৰ

নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰু শান্তিৰ বাবে দেশজুৰি চাইকেল যাত্ৰা অমনদ্বীপ সিং খালচাৰ

দহ বছৰত দুই লাখ বাৰহেজাৰ কিলোমিটাৰ পথ অতিক্ৰম 

 

নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰু শান্তিৰ বাবে দেশজুৰি চাইকেল যাত্ৰা অমনদ্বীপ সিং খালচাৰ

দৈনন্দিন বাৰ্তাLIVE@(ছফিকুল ইছলাম)ধৰ্মশালা প্ৰতিবেদক, ধৰ্মশালা,২৭ নবেম্বৰঃ নিশাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰু শান্তিৰ বাবে এজন শিক্ষকে শিক্ষকতা এৰাৰ লগতে শান্তিৰ বাবে নিজৰ ঘৰ পৰিয়াল এৰি ৯ বছৰ  ১০মাহ ধৰি গোটেই ভাৰতবৰ্ষৰ,২ লাখ ১২ হেজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি আহি ধুবুৰী গুৰুদ্বাৰত উপস্থিত হৈছে ৷ গুৰুদ্বাৰত ২৪ নবেম্বৰৰ পৰা ২৬ নবেম্বৰলৈ চলা গুৰু টেগ বাহাদুৰৰ শ্বহীদী দিৱসত অংশ লব পাই নিজকে সুখী অনুভব কৰি তেও কয় যে ইমান দূৰ চাইকেল চলাই আহি পূৰ্ণতা অৰ্জনৰ এটা সুযোগ পোইছো, এয়া মোৰ কষ্টৰ ফল ৷ চাইকেল চলাই বিভিন্ন ঠাইৰ স্কুল কলেজত প্ৰচাৰ চলাই ফুৰা অমনদ্বীপ সিং খালচাৰ এই যাত্ৰা সংকটময় যদিও তেও লোৱা সংকল্পৰ পৰা পিছুৱাই অহা নাই ৷

নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰু শান্তিৰ বাবে দেশজুৰি চাইকেল যাত্ৰা অমনদ্বীপ সিং খালচাৰ

যোৱা প্ৰায় দহটা বছৰে সকলো বাধা বিঘিনি অতিক্ৰম কৰি তেও নিজৰ লক্ষ্যৰ পিনে অগ্ৰসৰ হৈছে ৷ ইতিমধ্য শান্তি হকে আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা বাবে তেওঁৰ নাম  গ্ৰীনীজ বুকৰ বাবেও বিবেচিত হৈছে  ৷ কৰ্নাটকৰ বাংগালোৰৰ পৰা চাইকেল চলাই  যাত্ৰা কৰা খালচাৰ ধুবুৰী আছিল শেষ সীমা ৷ ইয়াৰ পাছত তেও আকৌ চাইকেল চলাই বাংগালোৰ লৈ উভতি যাব আৰু  অহা জানুৱাৰী মাহত আমেৰিকা লৈ ৰওনা হব তেও গ্ৰীনীজৰ প্ৰমান পত্ৰ লবলৈ ৷ দৈনিক ১০০ -১৫০ কিলোনিটাৰ চাইকেল চলাই ফুৰা ব্যক্তিজনে সম্পূৰ্ণ সুস্থ আৰু এই যাত্ৰাকালত তেওঁৰ কোনোধৰণৰ বেমাৰো হোৱা নাছিল ৷ ব্যক্তিজনে  নিজে ৰন্ধাবৰা কৰি খোৱাৰ বাবে সমগ্ৰ বাচন বৰ্তনৰ ৬০কেজি ওজনৰ টোপোলা এটাও  চাইকেলত নিজে কৰিয়াই লৈ ফুৰে বুলি অমনদ্বীপ সিং খালচাই সাংবাদিকক জানিব দিয়ে ৷

নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰু শান্তিৰ বাবে দেশজুৰি চাইকেল যাত্ৰা অমনদ্বীপ সিং খালচাৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here