Home মুখ্য পৃষ্ঠা সাতমাইলত ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত, আহত চালক

সাতমাইলত ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত, আহত চালক

142
0
সাতমাইলত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক,

সাতমাইলত ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত, আহত চালক

সাতমাইলত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক,
সাতমাইলত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক,

২৮ নৱেম্বৰ, দৈনন্দিন বাৰ্তা LIVE, মালিগাঁওঃ নিশা প্ৰায় ৯ বজাত মহানগৰীৰ সাতমাইলৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ আৰক্ষীৰ ৰোড চেফটি বেৰিকেটত খুন্দা মাৰে এখন মালবাহী ট্ৰাকে। ফলত ৰাজপথৰ ওপৰত বাগৰি পৰে ট্ৰাকখন। এই দুৰ্ঘটনাত সামান্য পৰিমাণে আহত হয় ট্ৰাকখনৰ চালক। মিঠাতেলৰ পেকেট কঢ়িয়াই ৰাণীৰ পৰা জালুকবাৰী অভিমুখে গৈ আছিল ট্ৰাকখন। দুৰ্ঘটনাতপতিত হোৱা বাহনখনৰ নম্বৰ AS01AC2277। উল্লেখযোগ্য যে ঘটনা সংঘটিত হোৱা পিছতেই স্থানীয় ৰাইজে ততাতৈয়াকৈ খবৰ দিয়ে জালুকবাৰী যানবাহন আৰক্ষীক। দুৰ্ঘটনাৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হয় সাতমাইলত। পিছত যানবাহন আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। ইফালে ট্ৰাকখনত থকা সামগ্ৰীসমূহ আন এখন ট্ৰাকত নিয়াৰ ব্যৱস্থা কৰে ট্ৰাকৰ মালিকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here