Home মুখ্য পৃষ্ঠা আমচাংত চৰকাৰে চলোৱা উচ্ছেদ অভিযান বন্ধ কৰা দাৱীত মৰাণত পথ অৱৰোধ কৃষক...

আমচাংত চৰকাৰে চলোৱা উচ্ছেদ অভিযান বন্ধ কৰা দাৱীত মৰাণত পথ অৱৰোধ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

135
0
আমচাংত চৰকাৰে চলোৱা উচ্ছেদ অভিযান বন্ধ কৰা দাৱীত মৰাণত পথ অৱৰোধ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

আমচাংত চৰকাৰে চলোৱা উচ্ছেদ অভিযান বন্ধ কৰা দাৱীত মৰাণত পথ অৱৰোধ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

দৈনন্দিন বাৰ্তাlive@ কৰুণা ফুকন,মৰাণ;২৭ নৱেম্বৰ: আমচাঙত চৰকাৰে চলোৱা উচ্ছেদ অভিযান বন্ধ কৰা আৰু কৃষক নেতা ধ্যৰ্য কোঁৱৰ আৰু বেদান্ত লচকৰক গ্ৰেপ্তাৰ কৰা প্ৰতিবাদত মৰাণত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মৰাণ আঞ্চলিকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত টায়াৰ জ্বলাই কৰে পথ অৱৰোধ। কৃষক মুক্তি সংগ্ৰাম সমিতি মৰাণ আঞ্চলিক সমিতিৰ সভাপতি ছফিকুল ৰহমান আৰু ছাত্ৰ মূক্তি সংগ্ৰাম সমিতি মৰাণ আঞ্চলিকৰ সভাপতি বিশ্বজিৎ লাহন আৰু সম্পাদক বসন্ত সন্দিকৈ নেতৃত্বত প্ৰতিবাদী সকলে মৰাণ নগৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সন্ধিয়া টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ লগতে বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে আৰু আৰএছএছ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল’গান দি মৰাণৰ আকাশ বতাহ কপাই তোলে। কৌৰপতিয়ে চৰকাৰী সংৰক্ষিত ভূমি অবৈধভাৱে অধিগ্ৰহণ কৰি থকা ব্যৱসায়ীসকলক উচ্ছেদ নকৰি ভূমিহীন খিলঞ্জীয়াক উচ্ছেদ কৰি বীৰত্ব দেখুওৱাও কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। চৰকাৰে ভূমিহীন খিলঞ্জীয়াই অধিগ্ৰহণ কৰি থকা ভূমিৰ পৰা উচ্ছেদ নকৰিবলৈ দাৱী জনায় আৰু কৃষক মুক্তি নেতা দুজনক বিনাচৰ্তে এৰি দিবলৈ দাৱী জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here