Home মুখ্য পৃষ্ঠা সোণাৰিত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট

সোণাৰিত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট

164
0

সোণাৰিত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট

দৈনন্দিন বাৰ্তা Live,@ (অভিজিৎ ভূঞা )সোনাৰি, ২৮ নৱেম্বৰ : আমচাঙ বনাঞ্চলত বিজেপি নেতৃত্বাধীন চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহৰ পৰিয়ালক কৰা অমানৱীয় উচ্ছেদ বন্ধৰ দাবীত তথা কৃষক নেতা বেদান্ত লস্কৰ আৰু ধৰ্য্য কোঁৱৰক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তিনিঘণ্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে | উল্লেখ্য যে আমচাং বনাঞ্চলত বসবাস কৰা খিলঞ্জীয়া মানুহক পুনৰ সংস্থাপনৰ ব্যবস্থা নকৰাকৈ উচ্ছেদ কৰা কাৰ্য সম্পূর্ণ অমানৱীয় আৰু চৰকাৰৰ জাতি মাটি ভেটি তথা খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতিৰ পৰিপন্থী এনে কাৰ্যক বিৰোধিতা কৰি আজি ৰূপায়ন কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পাছত চৰাইদেউ জিলা প্ৰশাসনৰ হাতত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে | আনহাতে একেখন স্মাৰক পত্ৰতে চৰকাৰৰ খিলঞ্জীয়া বিৰোধী উচ্ছেদ নীতিৰ প্ৰতিবাদ জনোৱা কৃষক মুক্তিৰ নেতা বেদান্ত লস্কৰ আৰু ধৈৰ্য্য কোঁৱৰক বিনাচৰ্তে মুক্তিৰ দাবী জনাই | ইফালে ন্যায় আৰু শান্তি সম্প্ৰীতিৰ প্ৰতি লক্ষ্য ৰাখি খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ চৰকাৰক দাবী জনাইছে কৃষক মুক্তিৰ চৰাইদেউ জিলা সমিতিয়ে | অন্যথা প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত ভূমি পুত্ৰসকলৰ ক্ষোভৰ ফলত উদ্ভব হোৱা সকলো পৰিস্থিতিৰ বাবে চৰকাৰ দায়ী হব বুলিও হুংকাৰ দিছে সংগঠনটোৱে |

LEAVE A REPLY

Please enter your comment!
Please enter your name here