Home মুখ্য পৃষ্ঠা দালগুৰিত ড° ভীমৰাও আম্বেদকাৰৰ ৬২ সংখ্যক মৃত্যু বাৰ্ষিকীৰ আয়োজন

দালগুৰিত ড° ভীমৰাও আম্বেদকাৰৰ ৬২ সংখ্যক মৃত্যু বাৰ্ষিকীৰ আয়োজন

266
0

ছয় ডিছেম্বৰত ওদালগুৰিত বাবা চাহেব ড° ভীমৰাও আম্বেদকাৰৰ ৬২ সংখ্যক মৃত্যু বাৰ্ষিকীৰ আয়োজন

দৈনন্দিন বাৰ্তা LIVE@ওদালগুৰি পৰা নৱ কুমাৰ ডেকা , ২৯ নবেম্বৰ: সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্হাৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতিৰ সহযোগত বাবা চাহেব ড° ভীমৰাও আম্বেদকাৰৰ ৬২ সংখ্যক মৃত্যু দিৱসটি অহা ছয় ডিছেম্বৰত বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে ।

এই উপলক্ষে বিবেক দাসক সভাপতি , বাপন দাস, লোহিত বসুমতাৰীক উপ সভাপতি, সুশীল চন্দ্ৰ ৰয়ক সম্পাদক, ধ্ৰুৱ জ্যোতি দাস, হৰেকৃষ্ণ মল্লিকক সহকাৰী সম্পাদক হিচাপে লৈ এখনি আদৰণি সমিতি গঠন কৰা হয় । কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত সভাস্হলীৰ দ্বাৰ মুকলি কৰিব সমাজকৰ্মী প্ৰমোদ বৈশ্য ই। ৭.৩০ বজাত বিটিচি অনুসূচিত জাতি ছাত্ৰ সন্হাৰ মুখ্য উপদেষ্টা স্বপন দাসৰ পৰিচালনাত চাফাই অভিযান উদ্বোধন কৰিব ওদালগুৰি নগৰ সমিতিৰ সভাপতি ৰিপেন দৈমাৰীয়ে ।৮.৩০ বজাত পতাকা উত্তোলন কৰিব জিলা সভাপতি গোলাপ সৰকাৰে আৰু আম্বেদকাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন ও মাল্যাৰ্পণ কৰিব ভেৰগাওৰ মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই ।প্ৰতিচ্ছবিত শ্ৰৰ্ধাঞ্জলি জনাব মাজবাট আঞ্চলিক অনুসূচিত জাতি পৰিষদৰ প্ৰাক্তন সভাপতি সত্যৰঞ্জন দাসে ‌। ৯.৩০ বজাত শ্বহীদ তৰ্পণ কৰিব সমাজ সেৱক অতুল বৰাই ।৯.৪৫ বজাত বৃক্ষৰোপন কৰিব ওদালগুৰি ৰাজহ চক্ৰ বিষয়া পিংকি বৰগয়াৰীয়ে ।দিনৰ ১০ বজাত অনুসূচিত জাতি উন্নয়ন বোৰ্ডৰ সদস্যৰ জৰিয়তে দুখীয়া পৰিয়াললৈ আঠোৱা বিতৰণ । ১০.৩০বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব জিলা উপায়ূক্ত দিলীপ কুমাৰ দাসে । গোলমাগাওঁ হাইস্কুলৰ শিক্ষক হৰেকৃষ্ণ মণ্ডলৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া মুকলি সভা উদ্বোধন কৰিব বিটিচিৰ অনুসূচিত জাতি ছাত্ৰ সন্হাৰ প্ৰচাৰ সম্পাদক কৃষ্ণ দাসে । ডআম্বেদকাৰ আৰু সামাজিক ন্যায়, সংৰক্ষণ আৰু ভূমি অধিকাৰ শীৰ্ষক এখনি আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে । মুকলি সভাত উপস্হিত থাকিব ক্ৰমে- মুখ্য অতিথি হিচাপে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী, সাংসদ ৰমেন ডেকা ,কেবিনেট মন্ত্ৰী ৰিহণ দৈমাৰী। নিৰ্দিষ্ট বক্তা হিচাপে সৰ্বভাৰতীয় বি এচ ফ্ৰন্টৰ সভাপতি এ. কে. ময়ূৰা আৰু এছ টি সংগঠণৰ মাণ্ডলিক সম্পাদক তাৰিণী চৰণ দাসে ।বক্তা হিচাপে উপস্হিত থাকিব সদৌ অসম অনুসূচিত ছাত্ৰৰ সভাপতি ডা: হৰিকান্ত দাস, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্হাৰ সাধাৰণ সন্ম্পাদক সুশিল সূত্ৰধৰ, বিটিচি অনুসুচিত জাতি ছাত্ৰ সন্হাৰ সভাপতি প্ৰদীপ সৰকাৰ আৰু সৰ্বভাৰতীয় বি এঢ ফ্ৰন্টৰ উপসভাপতি এম টি ৱৰ্কাৰ ।ইয়াৰ উপৰিও প্ৰাক্তন শিক্ষা সঞ্চালক

ড° হৰেন্দ্ৰ চন্দ্ৰ দাস, বিধায়িকা কমলী বসুমতিৰী, মঙলদৈৰ বিধায়ক গুৰূজ্যোতি দাস, মাজবাটৰ বিধায়ক চৰণ বড়ো, কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰী, জগদীশ চৰকাৰ, শ্যাম চুণ্ডী, অলিন্দ্ৰ মোছাহাৰী, সুৰেশ তাঁতী, বিটিচিৰ অধ্যক্ষ ত্ৰিদিপ দৈমাৰী আৰু উপাধ্যক্ষ নেৰশ্বন বড়োই । আনহাতে আমন্ত্ৰিত অতিথি আৰু সন্মানীয় অতিথি দুইকুৰিৰো অধিক লোক উপস্হিত থাকিব । সন্ধিয়া ৬ বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মিঠাৰাম বসুমতাৰীয়ে । উক্ত সকলো কাৰ্যসূচীতে উপস্হিত থাকি সাফল্য মণ্ডিত কৰি তুলিবলৈ ওদালগুৰি জিলা অনুসূচিত জাতি ছাত্ৰ সন্হাৰ সভাপতি গোপাল সৰকাৰ ,সম্পাদক জিতেন দাস আৰু আঞ্চলিক সমিতিৰ সভাপতি ৰাকেশ সূত্ৰধৰ আৰু সম্পাদক অমৃত মণ্ডলে সকলো ৰাইজৰ প্ৰতি আহ্বান জনাইছে ।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here