Home মুখ্য পৃষ্ঠা কলিয়াবৰত দুই বন্যহস্তীৰ ৰহস্যজনক মৃত্যু

কলিয়াবৰত দুই বন্যহস্তীৰ ৰহস্যজনক মৃত্যু

75
0

কলিয়াবৰত দুই বন্যহস্তীৰ ৰহস্যজনক মৃত্যু

দৈনন্দিন বাৰ্তা LIVE@  দীপজ্যোতি শইকীয়া ✍ জিলা প্ৰতিনিধি,নগাঁও, ২৯ নবেম্বৰ: কলিয়াবৰৰ চামধৰাত দুই বন্যহস্তীৰ মৃত্যু । নিশা খাদ্যৰ সন্ধানত ওলাই অহা হাতী দুটাৰ এটা পুখুৰীত আৰু আনটো পুখুৰীটোৰ সমীপৰে ধাননি পথাৰত মৃত অৱস্থাত পুৱা প্ৰত্যক্ষ কৰে স্থানীয় লোকে । মৃত্যুৰ কাৰণ সন্দৰ্ভত জানিব পৰা মতে নিশা হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এক দুষ্ট প্ৰকৃতিৰ লোকে বিদ্যুত পৰিবাহীত বিদ্যুত সংযোগ কৰি ৰাখিছিল। এই বিদ্যূৎ পৰিবাহীত লাগি হাতী দুটাৰ মৃত্যূ হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নকুল শৰ্মা নামৰ লোক এজনক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। এনে ঘটনাত প্ৰকৃতিপ্ৰেমী সকলে দুখ প্ৰকাশ কৰিছে।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here