Home মুখ্য পৃষ্ঠা জাতি মাটি ভেটিৰ কথা কৈ বিজেপিয়ে জাতিকে পাহৰিলে✍নগাঁৱত সাংসদ গৌৰৱ গগৈ#

জাতি মাটি ভেটিৰ কথা কৈ বিজেপিয়ে জাতিকে পাহৰিলে✍নগাঁৱত সাংসদ গৌৰৱ গগৈ#

138
0

জাতি মাটি ভেটিৰ কথা কৈ বিজেপিয়ে জাতিকে পাহৰিলে#

#নগাঁৱত সাংসদ গৌৰৱ গগৈ

দৈনন্দিন বাৰ্তা LIVE@ দীপজ্যোতি শইকীয়া ✍জিলা প্ৰতিনিধি:নগাঁও,২৯ নৱেম্বৰ:-  ‘যি সপোন লৈ অসমীয়া খিলঞ্জীয়া মানুহে বিজেপিক ভোট দিলে সেই সপোন সপোন হৈয়ে ৰ’ল।ইয়াৰ বিপৰীতে বিজেপি চৰকাৰে অসমীয়াক অপমানহে কৰিলে।জাতি-মাটি ভেটিৰ কথা কৈ বিজেপিয়ে জাতিকেই পাহৰি গ’ল।’- এই মন্তব্য কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ। আজি নগাঁও চহৰৰ শ্বহীদ ভৱনত কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইৰ উদ্যোগত অনুষ্ঠিত আন্ত: মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহন কৰি সাংসদ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে ‘সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ আমচাঙত খিলঞ্জীয়া মানুহক চৰকাৰে উচ্চেদ কৰাটো অমানবীয়।আমচাঙৰ মানুহৰ লগত গছৰ তলত অথবা ট্ৰিপালৰ তলত বিজেপিৰ নেতা সকলে নিশা কটাই চাওক।খিলঞ্জীয়া সকলক সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰি চৰকাৰে পাপ আৰ্জন কৰিছে। এই পাপৰ ফল আগন্তক বিজেপিয়ে ভুগিব লাগিব।’ ইপিনে কেঞ্চাৰ পাপৰ ফল বুলি মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক কটাক্ষ কৰি সাংসদ জনে কয় যে ‘মন্ত্ৰী জনৰ কথাই বহুতৰ অন্তৰত দুখ দিছে।জটিল ৰোগত আক্ৰান্ত বহু লোকে সহায় বিচাৰি আমাৰ ওচৰলৈও আহে।জনপ্ৰতিনিধি হিচাপে আমি তেওঁলোকক পাৰ্যমানে সহায় কৰো। কিন্তু তেওঁলোকে পাপ কৰিছে বুলি নকও।হিন্দু ধৰ্ম মতে পৃথিৱীত জন্মগ্ৰহন কৰাটো পাপ।পাপৰ ফলতে মানৱ জনম লাভ কৰে।আমি সকলোৱে পাপ কৰিছো।সেই বাবেই পৃথিৱীত আমি জন্ম গ্ৰহন কৰিছো।কেঞ্চাৰ ৰোগ পাপৰ ফলত হয় বুলি মন্তব্য কৰা মন্ত্ৰীজনেও পাপ কৰিছে।এতিয়া ভাল কামৰ দ্বাৰা আমি মুক্তি বিচাৰো।’ আজি অনুষ্ঠিত এই অনুষ্ঠানটোত প্ৰাক্তন সাংসদ নাজনীন ফাৰুকৰ লগতে এন এছ ইউ আই ৰ প্ৰাক্তন ৰাজ্যিক সভাপতি মৃণাল হাজৰিকা আৰু এন এছ ইউ আই ৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।আজি অনুষ্ঠানটো সঞ্চালনা কৰে নগাঁও জিলা এন এছ ইউ আইৰ সভাপতি অক্ষয়জ্যোতি কটকীয়ে।উল্লেখ্য আজি নগাঁও জিলা এন এছ ইউ আই ৰ উদ্যোগত ‘ৰাজনৈতিক মেৰুবিভাজন মানে সাম্প্ৰদায়িক শক্তিৰ উত্থান’ শীৰ্ষক আন্ত: মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here