Home মুখ্য পৃষ্ঠা *কইনা ঘৰলৈ যাওঁতেই ঘটিল অঘটনঃ বটাবাৰীত শোকাবহ দুৰ্ঘটনাঃ

*কইনা ঘৰলৈ যাওঁতেই ঘটিল অঘটনঃ বটাবাৰীত শোকাবহ দুৰ্ঘটনাঃ

126
0

*কইনা ঘৰলৈ যাওঁতেই ঘটিল অঘটনঃ বটাবাৰীত শোকাবহ দুৰ্ঘটনাঃ

ট্ৰাক-ৱেগ’নাৰৰ মুখা-মূুখী সংঘৰ্ষত  দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত বটাবাৰীৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱাৰাতি সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত ৫ জনকৈ লোক নিহত হোৱাৰ বাতৰিয়ে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত খবৰ অনুসৰি, যোৱাৰাতি প্ৰায় ১০ বজাত AS-14C- 8086 নম্বৰৰ বালিভৰ্তি ট্ৰাকৰ সৈতে DL-3C-R 6768 নম্বৰৰ ৱেগ’নাৰৰ মূখা-মূখী সংঘৰ্ষত থিতাতে দুজন লোক নিহত হোৱাৰ লগতে আন তিনিজন লোক গুৰতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত আহত তিনিওকে চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও তাতেই তেওঁলোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আমাৰ হাতত পৰা তথ্য অনুসৰি থিতাতে নিহত দুজনৰ নাম ক্ৰমে-  কৃষ্ণ নন্দন চৌধুৰী (২৯) আৰু ওছমান আনছাৰী (৩২), নাদিম আনছাৰী, ইমান আনছাৰী ( তিনিও একে পৰিয়ালৰ), ওমপ্ৰকাশ শ্বাহ বুলি জানিব পৰা গৈছে।  শোণিতপুৰৰ শালনিবাৰীৰ পৰা খাৰুপেটীয়া বিয়া (কইনা) ঘৰলৈ গৈ থকা গৈ থকা অৱস্থাত এনেদৰে পথ দুৰ্ঘটনা সংঘটিত হয়। যোৱাৰাতি পথ দুৰ্ঘটনাত নিহতৰ বাবে অঞ্চলটোত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও ১৫ নং ৰাষ্ট্রীয় ঘাই পথত লালপুল, বেছিমাৰী, বটাবাৰী অঞ্চলত কেইবাটাও ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈ প্ৰায় অৰ্ধ-শতাধিক লোকৰ প্ৰাণহানি হৈছে। জহি-খহি যোৱা ১৫ ৰাষ্ট্রীয় ঘাই পথটো সম্প্ৰতি মৰণ ফান্দত পৰিণত হলেও ঘাইপথ প্ৰাধিকৰণ, চৰকাৰ-প্ৰশাসনৰ দায়িত্ব জ্ঞানহীনতাক সৰ্বত্ৰে ধিক্কাৰ দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here