Home মুখ্য পৃষ্ঠা অৰুণাচলীৰ পুনৰ আগ্ৰাসন অব্যাহত;  চাউলধোৱাত  অ স্বীকাৰ বিহালী বন বিভাগৰ 

অৰুণাচলীৰ পুনৰ আগ্ৰাসন অব্যাহত;  চাউলধোৱাত  অ স্বীকাৰ বিহালী বন বিভাগৰ 

104
0

 

অৰুণাচলীৰ পুনৰ আগ্ৰাসন অব্যাহত;  চাউলধোৱাত  অ স্বীকাৰ বিহালী বন বিভাগৰ
+++++++++++++++++++++++++-++++
দৈনন্দিন বাৰ্তা Live @বেদেতী:@২ ডিচেম্বৰ : বিশ্বনাথ জিলাৰ  বিহালীৰ অসম অৰুণাচল সীমান্তৱতী অঞ্চল চাউলধোৱাত পুনৰ অৰুণাচলীৰ ভয়াবহ আগ্ৰাসন । চাউলধোৱা কাণ্ডৰ পুনৰাবৃত্তিৰ আশংকা । বিহালী সংৰক্ষিত বনাঞ্চলৰ অস্তিত্ব বিপদাপন্ন । চাউলধোৱা কাণ্ডৰ তদন্তৰ প্ৰক্ৰিয়া চলি থাকোতেই চাউলধোৱাত অৰুণাছলীৰ পুনৰ আগ্ৰসন ।  প্ৰায় ৭০ বিঘাৰো অধিক অসমৰ ভূমিত অৰুণাচলীৰ বেদখল কৰি সৰিয়হ খেতি আৰম্ভ । কুম্ভকৰ্ণ নিদ্ৰাত বৰগাং তথা বিহালীৰ বন বিভাগ   । বিপৰীতে বিহালী আৰক্ষীয়ে আগ্ৰসনৰ কথা ১০০% সচা বুলি সাংবাদিকক জানিবলৈ দিছে ৷কাৰণ ফটোয়ে মিচা নকয়,কাৰণ অস্বীকাৰ কৰা ডেপুটি বন বিষয়াৰ ফটোখনত দেখা গৈছে । অৰুণাচল আগ্ৰাসন প্ৰতিৰোধ সমিতি আৰু বিশ্বনাথ জিলা বিপ্লৱী যুৱ সন্হাৰ ভয়াবহ অভিযোগ । বিশ্বনাথ জিলাৰ উপায়ুক্তক স্মাৰক প্ৰত্ৰ দাখিল সংগঠন দুটাৰ । দুই এবছৰৰ ভিতৰতে বিহালী বনাঞ্চলৰ অস্তিত্ব নিচিহ্ন হোৱাৰ আশংকাই বেচি  । অভিযোগ  মতে বিহালী বনাঞ্চলৰ ১৪ হেজাৰ হেক্টৰ মাটিৰ ভিতৰত প্ৰায় ১০ হেক্টৰ মাটি সম্প্ৰতি অৰুণাচলীৰ বেদখলত  ।  বন বিভাগৰ নিলিপ্ত ভূমিকাৰ ঐতিহাসিক ৰাজগড় আলি বৰ্তমান অৰুণাচলীৰ দখলত। ১৯৭১ চনৰ আন্ত: ৰাজ্যিক সীমাৰেখাৰ পৰাও ৩ কিলোমিটাৰ ভিতৰলৈ অৰুণাচলীয়ে বেদখল কৰি গীৰ্জা, বেটেলিয়ান কেম্প,চাৰ্কোল অফিচ আদি নিৰ্মান কৰাৰ উপৰিও ৪/৫ খন গাঁও স্হাপন কৰিবলৈও সক্ষম অৰুণাছলী ৷ অসম চৰকাৰ বন,  বিভাগৰ  ব্যৰ্থতাৰ প্ৰতিবাদ কৰি ২০১৪ চনত অৰুণাচল আগ্ৰাসন প্ৰতিৰোধ সমিতিয়ে তিনিমাহ  অসমৰ সীমান্ত সুৰক্ষাৰ বাবে মানব বেৰা নিৰ্মান কৰি সুৰক্ষা দি থকা অৱস্হাত অৰুণাচলীৰ  একাংশ দুস্কৃতিকাৰীয়ে প্ৰতিবাদ কাৰীৰ ওপৰত গুলি বৰ্ষণ কৰি ১৫ জন অসমৰ লোকক হত্যা কৰি দেশ জোকাৰি যোৱা চাউলধোৱা গণহত্যা সংঘটিত কৰিছিল lএই গণ হত্যাৰ পিছত অসম অৰুণাচল সীমান্তত চৰকাৰে বন বিভাগৰ জড়িয়তে সীমান্তত ৬ টা  বন নিৰাপওা শিৱিৰ নিৰ্মাণৰ নিৰ্ণয় কৰা হৈছিল  । দুৰ্ভাগ্য জনক ভাৱে এটিয়ালৈকে মাত্ৰ ৩ টা শিৱিৰ নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰিছে বন বিভাগ তথা জিলা প্ৰশাসনে l আনহাতে এই তিনিওতা বন শিৱিৰত নিযুক্ত বন কৰ্মীৰ কৃপাত অৰুণাচলীয়ে পু্নৰ উঠি পৰি লাগিছে অসমৰ মাটি বেদখল কৰাত ।  ২০১৪ চনৰ  চাউল ধোৱাৰ যি ঠাইত মানৱবেৰাকাৰীক অৰুণাচলীয়ে গুলিয়াই নৃশসভাৱে হত্যা কৰিছিল সেই ঠাইত বিগত কিছু দিন ধৰি দ্ৰুত গতিৰে চলিছে অৰুণাছলীৰ আগ্ৰাসন । অৰুণাচলীয়ে গছ জ্বলাই, মাটি চহাই অসমৰ মাটিত অব্যাহত ৰাখিছে বেদখল ৷ জাতি,মাটি আৰু ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰা অসম চৰকাৰক বাৰম্বাৰ দাবী জনোৱাৰ পিছতো কি ৰহস্য জনক কাৰনত অসম চৰকাৰে ব্যৱস্থা লোৱা নাই তাকলৈ সংগঠন দুটাই প্ৰকাশ কৰিছে আচৰ্য্য ৷ স্মাৰক পত্ৰৰ জৰিয়তে অৰুণাচল আগ্ৰাসনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী দুই সংগঠনৰ ৷ এফালে অসমৰ ভূমি নগাই দখল কৰি মহকুমা পৰ্যন্ত গঠন কৰাৰ বাদানুবাদ চলি থকাৰ সময়তে অৰুণাচলীৰ ভূমি বেদখল অব্যাহত ৰাখা ঘটনাই চিন্তিত কৰি তুলিছে ৰাইজক ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here