Home মুখ্য পৃষ্ঠা চৰকাৰী বিজ্ঞাপন-অনুষ্ঠান আৰু অপচয়

চৰকাৰী বিজ্ঞাপন-অনুষ্ঠান আৰু অপচয়

128
0

চৰকাৰী বিজ্ঞাপন-অনুষ্ঠান আৰু অপচয়

●●●●●●●●●●●●●●●●●●●●●
ৰাইজক সচেতন আৰু আকৰ্ষিত কৰিবলৈ চৰকাৰে নিজৰ প্ৰচাৰ চলায়। চৰকাৰৰ বিভিন্ন কল‍্যাণমূলক আঁচনি আৰু জনসেৱাৰ খতিয়ান বিজ্ঞাপন আৰু চৰকাৰী সভাৰ জৰিয়তে দাঙি ধৰাতোও এক প্ৰয়োজনীয় আঁচনি।
যোৱা পোন্ধৰ বছৰীয়া কংগ্ৰেছী শাসন কালত চৰকাৰী বিজ্ঞাপনৰ অত‍্যাধিক পয়োভৰ দেখা পোৱা গ’ল। সেইয়া বাতৰি কাকতৰ পৃষ্ঠা,  বৈদ‍্যুতিন মাধ‍্যমৰ টি. ভি.-ৰেডিঅ’, পথৰ কাষৰ-চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰাঙ্গনত আদি সকলোতে বৃহদাকাৰ হৰ্ডিং-বেনাৰ বা নাট‍্য-ৰূপান্তৰ, আকৌ কেতিয়াবা বিভাগীয় মন্ত্ৰীৰ মন্তব‍্য আদিৰ জৰিয়তে অসমৰ ৰাইজে দেখা পালে। তাৰ কিমান অংশ বাস্তৱত ৰূপায়িত হ’ল তাৰ প্ৰমাণ ৰাইজে দিলে। উচ্চ মাধ‍্যমিকৰ পৰীক্ষাৰ্থীক সম্বৰ্দ্ধনা, কম্পিউটাৰ-লেপটপ বিতৰণ আদি ভালেমান চৰকাৰী শৈক্ষিক অনুষ্ঠানৰ পয়োভৰ দেখা গ’ল। এই অনুষ্ঠানসমূহে বাস্তৱিকতে অসমৰ শিক্ষাৰ উন্নতিত কোনো ইতিবাচক প্ৰভাৱ পেলাইছে বুলি ক’ব নোৱাৰি। সম্বৰ্দ্ধিত ছাত্ৰ-ছাত্ৰীয়ে  চৰকাৰী সম্বৰ্দ্ধনাৰ সঠিক মূল‍্য ৰাখি অসমলৈ কিমান গৰাকী মেধাই অৱদান আগবঢ়াইছে নে নাই সেইয়া চাবলৈ কাৰো আহৰি নাই। 
ৰাজহুৱাকৈ টেট্ শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰি তদানীন্তন কংগ্ৰেছ চৰকাৰে এক অশুভ পৰম্পৰা আৰম্ভ কৰিলে। বিদ‍্যালয়-মহাবিদ‍্যালয়ৰ প্ৰাদেশিকীকৰণৰ নামত চৰকাৰী অনুষ্ঠান। ফল সকলোয়ে দেখিছে। ছাত্ৰ-ছাত্ৰীৰ অভাৱত চৰকাৰী বিদ‍্যালয় বন্ধ হৈ আহিছে। কোনো বিদ‍্যালয়ত ছাত্ৰ-ছাত্ৰীতকৈ শিক্ষকৰ সংখ‍্যা বেছি। প্ৰাদেশিকীকৰণৰ আগলৈকে বিদ‍্যালয়ৰ দুৱাৰডলি কোনোদিনে নগৰকা শিক্ষক-কৰ্মচাৰীয়েও নিযুক্তি নিযুক্তি পালে। বৈদ‍্যুতিন সংবাদ মাধ‍্যমৰ কৃপাত শিক্ষা মন্ত্ৰীৰ হাতত এনে বিদ‍্যালয়ৰ প্ৰধান শিক্ষকসকলৰ দুৰৱস্থা অসমৰ ৰাইজে প্ৰত‍্যক্ষ কৰিলে। নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষাৰ উত্তৰণৰ বাবে গুজৰাট ৰাজ‍্যৰ “গুণোৎসৱ”ৰ আৰ্হিত বিদ‍্যালয়সমূহৰ মূল‍্যাকণৰো ব‍্যৱস্থা কৰিছে। ইতিমধ‍্যে দুটা স্তৰৰ এটা স্তৰৰ মূল‍্যাঙ্কন নিতান্তই সন্তোষজনক নহয়। যোৱা ৪–৭ তাৰিখে হৈ যোৱা গুণোৎসৱৰ মূল‍্যাঙ্কনৰ ১২২৮৬ খন বিদ‍্যালয়ৰ প্ৰায় ৭ লাখ ছাত্ৰ-ছাত্ৰী মাজত ৭৯০ খন বিদ‍্যালয়ে বিশেষ পাৰদৰ্শিতা লাভ কৰে। প্ৰতি বিদ‍্যালয়ৰ ৫৩ গৰাকী ছাত্ৰ-ছাত্ৰী প্ৰতি শ্ৰেণীত গড়ে ছাত্ৰ-ছাত্ৰীৰ সংখ‍্যা ১০ গৰাকী থকা বিদ‍্যলয়ৰ বিশেষ পাৰদৰ্শী বিদ‍্যালয়ৰ গড় ১৫.৪৩ মাত্ৰ। কিন্তু চৰকাৰী ধনৰ শৰাই কৰি পতা সভাত শিক্ষা মন্ত্ৰীৰ পৰা নিযুক্তি পত্ৰ গ্ৰহণ কৰি মন্ত্ৰীৰ পৰামৰ্শৰ মান ৰাখিব নোৱাৰা নৱ নিযুক্ত শিক্ষক সমাজে চৰকাৰৰ সকলো প্ৰচেষ্টাক “বহুৰম্ভে লঘূ ক্ৰিয়া”লৈ ৰূপান্তৰ কৰিলে। সহ এইবাৰ গুণোৎসৱত স্বয়ং শিক্ষামন্ত্ৰীয়ে ভাগ ল’লে, ছাত্ৰ-ছাত্ৰীৰ লগতে মজিয়াত দুপৰীয়াৰ আহাৰ খালে। কিন্তু তেখেতৰ শ্ৰেণী কোঠা শ্ৰেণী কোঠা হৈ নাথাকিল। বৈদ‍্যুতিন সংবাদ মাধ‍্যমৰ কৃপাত ছাত্ৰ-ছাত্ৰীতকৈ কেমেৰাসহ সাংবাদিকৰহে লৰা-ধপৰা সমগ্ৰ অসমীয়া ৰাইজে দেখিলে। প্ৰধান শিক্ষকৰ বিতৰ্ক মাৰ নাযাওঁতেই এইবাৰ শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীক গুৰুত্বহীন কৰি তোলা বৈদ‍্যুতিন মাধ‍্যমৰ এনে অশোভনীয় আচৰণ সৰ্বত্ৰে সমালোচিত হ’ল। কণমানি ছাত্ৰ-ছাত্ৰীক “তই” সম্বোধনেৰে শিক্ষা দিয়া শিক্ষা মন্ত্ৰীৰ এই আচৰণে বৈদ‍্যুতিন সংবাদ মাধ‍্যমত বৰ আলোচনা নহ’ল। কাৰণ এইবাৰ শিক্ষা মন্ত্ৰীৰ সন্মতিত এনে অশোভনীয় কাৰ্য‍্য হ’ল। গতিকে মন্ত্ৰী আৰু সংবাদ মাধ‍্যম উভয়ে ধোৱা তুলসীৰ পাত। 
চিকিৎসকৰ নিযুক্তি পত্ৰ বিতৰণ, সমাজ কল্যাণ বিভাগৰ নিযুক্তি পত্ৰ বিতৰণ, উচ্চ মাধ্যমিক শ্ৰেণীত বিনামূলীয়া নামভৰ্তি আদি চৰকাৰী ধনৰ অপচয়ৰ নমুনা। এতিয়া নিযুক্তি পত্ৰ পাইয়ে নগৰ এৰি কেইজন চিকিৎসক গাঁৱলৈ ধাপলি মেলিলে। আঙ্গনবাড়ী কেন্দ্ৰটোৰ কিমান শিশু আছে, পুষ্টিকৰ খাদ্যৰ যোগান সঠিকভাৱে হৈছেনে, উচ্চ মাধ্যমিকত বিনামূলীয়াকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰী প্ৰকৃত হিতাধিকাৰী নে? আদি এশ-এবুৰি প্ৰশ্নৰ উত্তৰ চৰকাৰে নিদিলেও গাড়ী অঞ্চলৰ চিকিৎকবিহীন চিকিৎসালয়, শিশু নথকা,  আঙ্গনবাড়ী কেন্দ্ৰ, বিনামূলীয়াকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ দুচকীয়া বাহন-স্মাৰ্ট ফোন আদিয়ে ইয়াৰ উত্তৰ দিয়ে। এইবোৰ চৰকাৰী ধনৰ অপচয়ৰ নমুনা।
মাজখিনিতে হোৱা কামাখ্যাৰ অম্বুবাচী মেলাৰ সময়ত অসম চৰকাৰৰ ফালৰ পৰা বাতৰি কাকত,  বৈদ্যুতিন মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী, পৰ্য্যটন মন্ত্ৰী আৰু অসম পৰ্য্যটন উন্নয়ন নিগমৰ অধ্যক্ষই পৃথকে-পৃথকে বিজ্ঞাপন দিলে। এখন চৰকাৰে একেটা বিষয়ৰ তিনিটা পৃথক বিজ্ঞাপন। তিনিওজনে এটা বিজ্ঞাপন হোৱা হ’লে কোনখন মহাভাৰত অশুদ্ধ হলহেঁতেন? ইফালে ৰাজ্যৰ বিত্তীয় অৱস্থা সুবিধাজনক নোহোৱা স্বত্বেও এই শিক্ষাবৰ্ষৰ আৰম্ভণিতে নৱম-দশম শ্ৰেণীৰ পাঠ্যপুথি বিনামূলীয়াকৈ বিতৰণ কৰাৰ আঁচনি ঘোষণা কৰি শেষত যেনিবা শিক্ষাবৰ্ষৰ চাৰি মাহ শেষ হোৱাৰ অন্তত ছাত্ৰ-ছাত্ৰী হাতত পৰিলগৈ।
এইবোৰো সাধাৰণ ৰাইজক আকৰ্ষণ  কৰিবলৈ বাতৰি-কাকত, টি. ভি.ত  বিজ্ঞাপনৰ পয়োভৰৰে চৰকাৰৰ গুণ-গান কৰিবলৈ এৰা নাই। পিছে বাৰে-বাৰে লেঠা লাগিছে। নমামি ব্ৰহ্মপুত্ৰৰ ‘প্ৰসঙ্গ সঙ্গীত’ আৰু দৃশ‍্যাংশক লৈ চৌ-দিশে হৈ-চৈ লাগিল। অসম পৰ্য‍্যটন বিভাগৰ সাত কোটি টকীয়া  “ব্ৰেণ্ড এম্বেছাদৰ”ক লৈ বিতৰ্ক হ’ল। মুঠতে চৰকাৰী আঁচনি-অভিযানৰ প্ৰচাৰত বিতৰ্কৰ শেষ নাই। অসম চৰকাৰৰ জনসংযোগ বিভাগৰ বিভিন্ন কেলেংকাৰীৰ ফলত উচ্চ পদস্থ বিষয়া এতিয়া কাৰাগাৰৰ আলহী।
অসম চৰকাৰৰ সৰ্বে-সৰ্বা মন্ত্ৰীগৰাকীৰ অত‍্যুৎসাহৰ ফলস্বৰূপে বিভিন্ন বিসঙ্গতি সকলোৰে দৃষ্টি গোচৰ হৈছে। য’ত মুখ‍্যমন্ত্ৰী গৰাকীক নেওচি সৰ্বময় কৰ্তা হৈ চৰকাৰী বিজ্ঞাপনতো আগস্থান ল’বলৈ কৃপনালী কৰা নাই। শেহতীয়াকৈ তেনে এক নমুনা দেখা গ’ল যোৱা ৩০ অক্টোবৰ তাৰিখৰ বাতৰি কাকতত। ৰাজ‍্য চৰকাৰৰ নতুন অভিলাসী আঁচনি আপোন ঘৰৰ বিজ্ঞাপন প্ৰকাশ হ’ল। য’ত হাঁহিমুখীয়া ফটোৰে বিত্ত বিভাগৰ মন্ত্ৰীজনে চৰকাৰী চাকৰীয়ালৰ “আপোন ঘৰ”ৰ ব‍্যৱস্থাৰ বাবে বেঙ্কৰ ঋণৰ সুবিধা বিষয়ে অসমৰ ৰাইজক অৱগত কৰাইছে। এইখিনিলৈকে ঠিকেই আছিল। কিন্তু জনসংযোগে নিজৰ ভুল উপলব্ধি কৰিয়েই হওক বা কাৰোবাৰ নিৰ্দেশতেই হওক পিচদিনা ৩১ অক্টোবৰ তাৰিখে মুখ‍্যমন্ত্ৰীৰ ফটোসহ পুণৰ বিজ্ঞাপনটো প্ৰকাশ কৰিলে। এতিয়া কথা হ’ল, জনসংযোগে আগদিনা প্ৰকাশ কৰা বিজ্ঞাপনটো কাৰ নিৰ্দেশত প্ৰাকাশ কৰিছিল? পিচদিনা একেটা বিজ্ঞাপনকে মুখ‍্যমন্ত্ৰীৰ ফটোৰে প্ৰাকাশ কৰি ৰাজহুৱা ধনৰ অপচয়ৰ লগতে মুখ‍্যমন্ত্ৰীৰ মৰ্য‍্যদা হানি কৰিলে।
ৰাজ‍্য চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে যোৱা ৯ আৰু ১০ নৱেম্বৰ তাৰিখে ২৩ সংখ‍্যক জি. এছ. টি. কাউন্সিলৰ বৈঠকৰ অন্তত প্ৰতিনিধিবৰ্গৰ আতিথ‍্যৰ বাবে ৰাজ‍্য চৰকাৰে লুইতৰ বালিচৰত ডেৰ কিলোমিটাৰ কাৰ্পেট, পাঁচ হাজাৰ ফুলৰ টাবেৰে ভূ-স্বৰ্গ সজাই পুৱতি নিশালৈকে নৃত‍্য-গীতৰ অনুষ্ঠান পাতি বিত্ত বিভাগে।ৰাজকোষৰ ধন অবাধে খৰচ কৰি ৰাজ‍্যৰ দুৰ্বল বিত্তীয় অৱস্থাত পুণৰ মাধমাৰ সোধাইছে। বি. জে. পি. দলৰ অভিভাৱক স্বৰূপ আৰ. এচ. এচ.এ চৰকাৰক বাৰম্বাৰ পঞ্চ তাৰকা সংস্কৃতি পৰিহাৰ কৰাৰ আহ্বানকো আওকাণ কৰি ব্ৰহ্মপুত্ৰৰ মাজৰ কুৰুৱা চাপৰিত ব‍্যয়বহুল আয়োজনে সকলোৰে চকু কপালত তুলিছে। অকল এইয়া নহয়, ১৫০ জন অতিথিক লৈ যোৱা হ’ল কাজিৰঙালৈ। তাত থকা-খোৱা, কাজিৰঙাৰ দৰ্শন আদিকে সকলো ব‍্যয় বহন কৰিব ৰাজ‍্য চৰকাৰে। পৰ্য‍্যটন বিভাগৰ দায়িত্বত থকা বিত্ত মন্ত্ৰীৰ এই আয়োজনে অসমৰ বিত্তীয় ব‍্যৱস্থাত কি ইতিবাচক প্ৰভাৱ পেলাব সেইয়া কেৱল সৰ্বময় কৰ্তা প্ৰতাপী মন্ত্ৰীজনেহে জানিব। ইয়াকে কয়, – “আগফালে কিনো চাবা বৰ চুৰিয়াৰ ফেৰ, পিচফালে কিনো চাবা ঢকুৱাৰ বেৰ।”
                                                                                                                                                                     ৰূপজ‍্যোতি গোস্বামী
                                                                                                                                                                      কলিয়াবৰ, নগাঁও
                                                                                                                                                                      ফোন : ৯৭০৬০৪৩৯৩৪
                                                                                   ************************

LEAVE A REPLY

Please enter your comment!
Please enter your name here