Home মুখ্য পৃষ্ঠা নাজিৰাত টাইপাৰ অসম দিৱস উৎযাপন : ছ্যু-কা-ফা আদৰ্শই গঢ়ি গ’ল ‘বৰ অসম’ৰ...

নাজিৰাত টাইপাৰ অসম দিৱস উৎযাপন : ছ্যু-কা-ফা আদৰ্শই গঢ়ি গ’ল ‘বৰ অসম’ৰ ভেঁটি

185
0

নাজিৰাত টাইপাৰ অসম দিৱস উৎযাপন : ছ্যু-কা-ফা আদৰ্শই গঢ়ি গ’ল ‘বৰ অসম’ৰ ভেঁটি


দৈনন্দিন বাৰ্তা Live@ফাৰহাণ্ লস্কৰ (গেলেকী)প্ৰতিনিধি, গেলেকী, ০২ডিচেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে টাই আহোম যুৱ পৰিষদ, অসম অন্যাৰ্থে টাইপা নাজিৰা মহকুমা সমিতিৰ উদ্যোগত আজি মহকুমা বৰতলৰ টাইপা মুখ্য কাৰ্যালয়ত বৃহৎ আয়োজনেৰে অসম দিৱস উৎযাপন কৰা হয় । ছ্যু-কা-ফা কৰ্মৰাজি আৰু আদৰ্শক দীৰ্ঘম্যাদি কৰি অসমীয়া কলা, কৃষ্টি, সংস্কৃতিক জীয়াই ৰখাৰ উদ্দেশ্যেৰে টাইপাই অসমবাসীৰ বৃহৎ স্বাৰ্থত ৰাইজৰ সকে কাম কৰি গৈছে । মহান পুৰুষ জনৰ প্ৰতিভাসমূহে ‘বৰ অসম’ৰ ভেঁটি গঢ়াত সহাৰি আগবঢ়াই আহিছে । টাইপা নাজিৰা মহকুমা সমিতিৰ বৰতলৰ মুখ্য কাৰ্যালয়ত আজি পুৱাই চাও অৰুণ ৰাজকোঁৱৰ টাইপা মহকুমা সমিতিৰ স্থায়ী সভাপতি গৰাকীয়ে পতাকা উত্তোলন কৰি টাই ভাষাত জাতীয় সংগীত পৰিবেশন কৰাৰ লগতে মহকুমা সমিতিৰ একাধিক সদস্য, কৰ্মী, বিষয়ববীয়াৰ উপস্থিতিত চ্যাওলুং চ্যুকাফাৰ প্ৰতিপ্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি মহান লোক জনৰ ছবিৰ আগত বন্তি প্ৰজ্বলন কৰে । উল্লেখ্য যে টাইপা মহকুমা সমিতিৰ প্ৰতিনিধি বৰ্গই আজি দিনৰ ভাগত সমষ্টিৰ বিভিন্ন প্ৰান্তত থকা ৰজা দিনীয়া মৈদাম সমূহ, আহোম ৰজা-মহাৰজা দিনীয়া ঐতিহাসিক সমল সমূহৰ লগতে ৰজা দিনীয়া পুখুৰী সমূহ পৰিদৰ্শন কৰি সংৰক্ষণৰ ব্যৱস্থা হাতত লয় । তাৰোপৰি আজি আবেলি তথা বেলি মাৰ যোৱাৰ প্ৰাক্ ক্ষণত আহোম ৰজাৰ ৰাজধানী গড়গাঁও ৰাজকেৰেংঙত টাইপা নাজিৰা আঞ্চলিক সমিতিৰ চাও ৰিদীপ গগৈ সম্পাদক, চাও মিন্টু বৰচেতিয়া সভাপতি আৰু শিমলুগুৰি আঞ্চলিক সমিতিৰ চাও দিপাংকৰ সন্দিকৈ সম্পাদক, চাও মনোজ গগৈ সভাপতিৰ নেতৃত্বত ৰাজ প্ৰসাদটিৰ কেওটা মহলাতে টাইপা আৰু স্থানীয় একাধিক ৰাইজৰ সহযোগত বন্তি প্ৰজ্বলন কৰাৰ কথা । উল্লেখযোগ্য যে টাইপা মেজেঙ্গা বৰফুকন আঞ্চলিক সমিতিৰ চাও দেৱৰাজ বুঢ়াগোঁহাই সম্পাদক, চাও ৰাজীৱ চেতিয়া সভাপতি, চাও অৰূপ গগৈ কাৰ্যকৰী সভাপতিৰ নেতৃত্বত আজি অসম দিৱস পালন কৰাৰ লগতে সুদুপৰা ফুকন পুখুৰী পাৰত চ্যাওলুং ছ্যুকাফা কৰ্মৰাজি আৰু আদৰ্শক লৈ এখনি ৰাজহুৱা সভাৰ আয়োজন কৰি টাইপাই ছ্যু-কা-ফা দিৱস পালন কৰে । পাহাৰ-ভৈয়াম একাকাৰ কৰি বাই-ভনীৰ সেতু বান্ধি ছ্যু-কা-ফাই গঢ়ি গ’ল ‘বৰ অসম’ৰ সম্বন্বয়ৰ সৱল ভেটি ৰূপে-ৰসে তোলপাৰ ঐক্য সম্প্ৰীতিত জাতিষ্কাৰ ‘বৰ অসম’ হৈ ৰওক চিৰদিন চিৰকাল !

ভ্ৰাম্যভাষঃ +৯১৭০০২১২২৩৭২

LEAVE A REPLY

Please enter your comment!
Please enter your name here