Home মুখ্য পৃষ্ঠা অসমৰ ক্ৰীড়া জগতলৈ সুভ সংবাদ: টিংখাঙত গঢ় লৈ উঠিছে অসমৰ প্ৰথমখন ছেপাক-...

অসমৰ ক্ৰীড়া জগতলৈ সুভ সংবাদ: টিংখাঙত গঢ় লৈ উঠিছে অসমৰ প্ৰথমখন ছেপাক- টাক্ৰ’ ইণ্ডোৰ ষ্টেডিয়াম

124
0

অসমৰ ক্ৰীড়া জগতলৈ সুভ সংবাদ: টিংখাঙত গঢ় লৈ উঠিছে অসমৰ প্ৰথমখন ছেপাক- টাক্ৰ’ ইণ্ডোৰ ষ্টেডিয়াম

দৈনন্দিন বাৰ্তা লাইভ : দেৱজিৎ গগৈ : টিংখাং ২ ডিচেম্বৰ :

অসমৰ ক্ৰীড়া প্ৰেমীৰ বাবে এটা ভাল খবৰ। ইতিমধ্যে সম্পূর্ণ হৈ উঠিছে অসমৰ প্ৰথমখন ছেপাক-টাক্ৰ’ ইনড’ৰ ষ্টেডিয়াম। এইখন ষ্টেডিয়ামেঅসমৰ ক্ৰীড়া ক্ষেত্রত এক নতুন সংযোজনেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এবিধ জনপ্ৰিয় খেল ছেপাক-টাক্ৰ’ ৰ বাবে গঢ় লৈ উঠিছে ।
ডিব্ৰুগড় জিলাৰ টিংখাঙত গঢ় লৈ উঠিছে অসমৰ প্ৰথমখন ছেপাক টাক্ৰ ‘ ইনড’ৰ ষ্টেডিয়াম। টিংখাঙৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান টিংখাং মহাবিদ্যালয়ত ইতিমধ্যে সম্পূর্ণ হৈ উঠিছে ষ্টেডিয়ামৰ সকলো কাম – কাজ। অঞ্চলটোৰ নতুন প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্রত আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে মহাবিদ্যালয় কৰ্তৃপক্ষৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠিছে অসমৰ ভিতৰত সৰ্বপ্ৰথম ছেপাক-টাক্ৰ ‘ ইনড’ৰ ষ্টেডিয়ামখন। এই ক্ষেত্রত বিশেষ আগভাগ গ্ৰহণ কৰিছিল মহাবিদ্যালয় খনৰ জ্যেষ্ঠ অধ্যাপক তথা প্ৰাক্তন বিধায়ক অনুপ ফুকনে।
প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ডা০ মৃণাল মিৰিয়ে আগবঢ়োৱা ২০১৩-১৪ বৰ্ষৰ সাংসদ পুঁজিৰ ৫০ লাখ টকাৰে নিৰ্মাণ কৰা হৈছিল এইটো ষ্টেডিয়াম। যাৰ শিলান্যাস কৰিছিল অসমৰ প্ৰাক্তন অলিম্পিয়ান ফুটবলাৰ টচেন বৰাই।
আনহাতে তাৰ সমানুপাতে মহাবিদ্যালয় প্ৰাঙ্গনত এক অত্যাধুনিক ব্যায়ামাগাৰৰো ব্যৱস্থা কৰা হৈছে। ষ্টেডিয়ামখনে টিংখাং তথা অসমৰ ক্ৰীড়া ইতিহাসত এক নতুন যুগৰ সূচনা কৰিব বুলি আশা ব্যক্ত কৰে উদ্যোক্তা অনুপ ফকনে।
আনহাতে ষ্টেডিয়ামত নতুন খেলবিধৰ সৈতে পৰিচয় হ’বলৈ পাই অতি আনন্দিত ছাত্ৰ – ছাত্ৰী সকল।উল্লেখযোগ্য যে বৃহত্তৰ টিংখাং অঞ্চলৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ স্বাৰ্থত মহাবিদ্যালয়খনে গ্ৰহণ কৰিছে আন এক প্ৰশংসনীয় পদক্ষেপ। সমগ্ৰ অঞ্চলৰ লোকসকলৰ বৌদ্ধিক বিকাশৰ অৰ্থে মহাবিদ্যালয়খনত স্থাপন কৰা হৈছে এটা ৰাজহুৱা অধ্যয়ন কেন্দ্ৰ। য’ত অঞ্চলটোৰ ইতিহাস সম্বলিত সমলসমূৰ লগতে সকলো শ্ৰেণীৰ লেখক – লেখিকাৰ কিতাপ,সকলো ধৰণৰ আলোচনী, স্মৰণীকা,বিভিন্ন অনষ্ঠানৰ কাৰ্যসূচী,পত্ৰ আদি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। যাৰ দ্বাৰা সাধাৰণ পাঠকৰ লগতে গৱেষণাৰ লগত জড়িত সকলো যথেষ্ট পৰিমাণে উপকৃত হ’ব বুলি মত প্ৰকাশ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ জ্যোতিমালা গোঁহাই ফুকনে।
এই সন্দৰ্ভত মহাবিদ্যালয়ৰ আলোচনা কক্ষত এক বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হয়। য’ত শিক্ষাবিদ দিখেশ্বৰ গগৈ,পদ্ম বৰুৱা,সমাজকৰ্মী লক্ষেশ্বৰ ফুকন,’আপকু’ৰ সভাপতি মনোজ সিঙকে আদি কেইবাজনো বিশিষ্ট ব্যক্তি,মহাবিদ্যালয়ৰ অধ্যক্ষা, উপাধ্যক্ষ, অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ – ছাত্ৰী সকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here