Home মুখ্য পৃষ্ঠা খুমটাইত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু শাসক-বিৰোধী 

খুমটাইত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু শাসক-বিৰোধী 

128
0

সমগ্ৰ ৰাজ্যৰ লগতে, খুমটাইত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু শাসক-বিৰোধী 


দৈনন্দিন বাৰ্তাLive@ দেৰগাওঁ ৫ ডিচেম্বৰ : আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই ওচৰ  চাপিছে সিমানেই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বাৰ্থত নিৰ্বাচন কেন্দ্ৰীয় তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ মাজত । ব্যতিক্ৰমী  নহয় ৰাজ্যৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অগপ, সকলো যেন এতিয়া ব্যস্ত নিজৰ ৰাজনৈতিক অংকত, কোনে কিমান সংখ্যক পঞ্চায়ত দখল কৰি শেষ হাহিঁ মাৰিবলৈ সক্ষম হব তাকলৈ ৰাজনৈতিক মহলত সঘনে চলিছে জলপনা-কল্পনা । সমগ্ৰ ৰাজ্যৰ লগতে ৯৬ নং খুমটাই সমষ্টিৰ  পঞ্চায়ত নিৰ্বাচনৰ যুজঁখন আকৰ্ষণীয় হোৱাৰ পূৰ্ণ সম্ভাৱনা বিৰাজ কৰিছে । বৰ্তমান বিজেপিৰ মিত্ৰ দল অগপই একক ভাৱে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই  সমষ্টিটোৰ অগপৰ তৃণমূল কৰ্মীৰ মাজত উৎসাহ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । উল্লেখযোগ্য যে বিগত বিধানসভা নিৰ্বাচনত বিজেপিৰ লগত মিত্ৰতা কৰি অগপই খুমটাই সমষ্টিটো বিজেপিক এৰি দিছিল, অগপ কৰ্মীৰ দাবী অগপৰ লগত মিত্ৰতা হোৱাৰ বাবেহে খুমটাই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছিল । এইবাৰ পঞ্চায়ত নিৰ্বাচন খুমটাইত স্পষ্ট হৈ পৰিব সমষ্টিটোত দুই মিত্ৰ দল অগপ  আৰু বিজেপি , কাৰ কিমান শক্তি ? অগপৰ সভাপতি অতুল বৰাৰ গৃহ জিলা গোলাঘাটৰ খুমটাই সমষ্টিৰ মুঠ ১৮ খন পঞ্চায়ত আৰু ৩ খন “জিলা পৰিষদ সমষ্টি” দখলৰ বাবে গোলাঘাট জিলা সমিতিৰ নেতৃত্বত খুমটাই অগপ কৰ্মী সকলে এক প্ৰকাৰ দিন-ৰাতি একাকাৰ কৰি দলৰ সাংগাঠনিক কাম কাজত নামি পৰিছে । এনে প্ৰেক্ষাপটত সমষ্টিটোৰ পঞ্চায়ত নিৰ্বাচনৰ যুজঁখন মূলতে অগপৰ মিত্ৰ দল বিজেপিৰ লগত মূল প্ৰতিদণ্ডিতা হোৱাৰ কথা নুই কৰিব নোৱাৰি  । একালৰ অগপৰ শক্তিশালী নেতা প্ৰয়াত  প্ৰবিন গগৈৰ দূৰ্গ ৰূপে  পৰিচিত খুমটাই সমষ্টিটো পুনৰ অগপৰ দখললৈ আনিবলৈ উঠি পৰি লাগিছে ।  অগপৰ গোলাঘাট জিলা সমিতিৰ লগতে তৃণমূল কৰ্মী,সমষ্টিটোৰ মুঠ ১৮ খন পঞ্চায়ত নেতৃত্বই পূৰ্ণ গতিত সাংগাঠনিক ভেটি শক্তিশালী কৰাত ব্যস্ত হৈ পৰিছে  ।  ইফালে পিছ পৰি ৰোৱা নাই অগপৰ মিত্ৰদল বিজেপি ,  সমষ্টিৰ চুকে-কোনে যুদ্ধকালীন গতিত আৰম্ভ কৰিছে সাংগাঠনিক কাম-কাজ, সংখ্যালঘু এলেকা সমূহত বিজেপিৰ অৱস্থা থৰক-বৰক । সেই ফালৰ পৰা চাবলৈ গলে সমষ্টিটোৰ সংখ্যালঘু অধুষিত পঞ্চায়ত সমূহত প্ৰধানকৈ প্ৰতিদণ্ডীতা হোৱাৰ সম্ভাৱনা আছে কংগ্ৰেছ-অগপ দলৰ মাজত ।  সমষ্টিটোৰ সৰহ সংখ্যক পঞ্চায়ত বৰ্তমান কংগ্ৰেছৰ দখলত, কংগ্ৰেছৰ আমোলত পঞ্চায়ত বিলাকত হোৱা দুৰ্নীতি , অনিয়ম, ৰাজহুৱা ধনৰ অপচয়- অপব্যৱহাৰ আদি বিষয় অগপ দলৰ মূল নিৰ্বাচনী ইছু হব – এই কথা জানিবলৈ দিয়ে অগপৰ তৃণমুল কৰ্মীয়ে । পিছপৰি ৰোৱা নাই কংগ্ৰেছ ; বিমুদ্ৰাকৰণ, থুলুৱা লোকক উচ্ছেদ, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি আদিৰ ইচ্ছুয়ে শক্তিশালী ৰূপত অগপ-বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে বুলি জানিবলৈ দিয়ে কংগ্ৰেছ কৰ্মীয়ে । আগন্তুক পঞ্চায়ত নিৰ্বাচনত কোনে শেষ হাহিঁ মাৰিব সেয়া সময়তহে হব লক্ষণীয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here