Home মুখ্য পৃষ্ঠা গুৱাহাটীৰ পৰা চুৰি কৰি অনা বলে’ৰ গাড়ী  চুঙাজানত ৰাইজৰ সহযোগত উদ্ধাৰ ৷

গুৱাহাটীৰ পৰা চুৰি কৰি অনা বলে’ৰ গাড়ী  চুঙাজানত ৰাইজৰ সহযোগত উদ্ধাৰ ৷

139
0
  • গুৱাহাটীৰ পৰা চুৰি কৰি অনা বলে’ৰ গাড়ী  চুঙাজানত ৰাইজৰ সহযোগত উদ্ধাৰ

  • ৰাইজৰ প্ৰহাৰত গাড়ী চুৰ  অভিজিত গগৈৰ মৃত্যু

দৈনন্দিন বাৰ্তাLIVE@,ধনশিৰি,৫ ডিচেম্বৰ :-ৰাজ্যত পূনৰ সক্ৰিয় হৈ উঠিছে গাড়ী চুৰি চক্ৰ আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে এই গাড়ী চুৰি চক্ৰটোৱে এক বৃহৎ নেটৰ্ৱক গঢ়ি তুলিবলৈ সক্ষম হৈছে চুবৰীয়া ৰাজ্য নগালেণ্ডৰ সহযোগত ৷এই গাড়ী চুৰি চক্ৰটোৱে বৰ্হি ৰাজ্যৰ পৰাও গাড়ী চুৰি কৰি আনি অসমৰ মাজেৰে ৩৯ নং ৰাষ্টীয় ঘাই পথেৰে ডিমাপূৰলৈ আৰু গোলাঘাট জিলাৰ অসম -নগালেণ্ড সীমান্তৱৰ্তী ধনশিৰি মহকুমাৰ বৰপথাৰ,সৰুপথাৰ হৈ উৰিয়ামঘাট আৰু চুঙাজান অঞ্চলৰ মাজেৰে চুবুৰীয়া ৰাজ্য নগালেণ্ডত অতি সহজে বিক্ৰি কৰি পূণৰ ঘূৰি যাবলৈ সক্ষম হয়৷ যোৱা কিছুমাহৰ আগতে তেজপুৰৰ পৰা চালকক হত্যা কৰি গাড়ী চুৰি কৰি অনা এটা চক্ৰক ধনশিৰি মহকুমাৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল ৷কিন্তু কিছুদিন সাম কটাৰ পিচত পূনৰ যোৱা চাৰি ডিচেম্বত গুৱাহাটীৰ দিছপুৰ থানাৰ অঞ্চলৰ পৰা দুটা চুৰে মাৰণাস্ত্ৰ লৈ এ এছ ০১-এ আৰ ৩৭৮২ নম্বৰৰ এখন বলেৰ গাড়ী চুৰি কৰি অানি নগালেণ্ডত প্ৰবেশ কৰিবলৈ লওতে ৰাইজে হাতে লুটে ধৰে৷প্ৰতক্ষ্যদৰ্ক্ষী মতে প্ৰথমতে এখন ৰঙা ৰঙৰ নাম্বাৰ প্লেট বিহীন এখন বলেৰ গাড়ীত অহা কেইবাটাও নগাৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয় আৰু মাৰণাস্ত্ৰ উলিয়াই ভয় দেখূৱাবলৈ লয়৷ ততাতৈয়াকৈ উক্ত স্হানত থকা লোক সকলে ডিব্ৰুগড়ৰ নিবাসী কুমদ গগৈৰ পুত্ৰ অভিজিত গগৈ ওৰফে অজিত গগৈ নামৰ চুৰটোক ধৰি লপা-থপা দিয়ে আৰু চুঙাজান আৰক্ষীক গতাই দিয়ে চুঙাজান আৰক্ষীয়ে পিচত অভিজিতক স্বাস্হ্য পৰীক্ষাৰ বাবে সৰুপথাৰ চিকিৎস্যালয়লৈ আনে যদিও চিকিৎসকে ততাতৈয়াকৈ গোলাঘাটলৈ প্ৰেৰণ কৰে যদিও গোলাঘাটত ধৃত অভিজিতক মৃত বুলি ঘোষনা কৰে ৷অন্যহাতে চুঙাজান আৰক্ষীয়ে  পলাই যোৱা চুৰটোক বিচাৰি মহকুমাটোৰ প্ৰতিখন থানাই অভিযান তীব্ৰতৰ কৰি তুলিছে৷ ৷আৰ্শয্যজনক কথাটো এই যে নাম্বাৰ প্লেটবিহীন বলে’ৰ গাড়ীখনত অহা নগালোক কেইজনে কিন্তু পিচলৈ নগালেণ্ড আৰক্ষী বুলিহে পৰিচয় দিয়ে৷স্হানীয় ৰাইজে চুৰকেইটাই গাড়ীখন বিক্ৰীৰ বাবে দাম- দৰ কৰিছিল আৰু দাম -দৰ নিমিলাত কাজিয়াত লিপ্ত হয় বুলি সন্দেহ কৰিছে ৷ ৰাইজৰ প্ৰহাৰত মৃত হোৱা গাড়ী চুৰ অভিজিত পূৰ্বৰ পৰাই বহু গাড়ী চুৰ কাৰ্য্যত লিপ্ত আছিল বুলি চুঙাজান আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ গোহাইয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ৰাইজৰ সহযোগত উদ্ধাৰ কৰা বলে’ৰ গাড়ীখন উদ্ধাৰ কৰাকলৈ ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া অনিৰ্বান শৰ্মাই অতি দূৰ্ভাগ্যজনক মন্তব্য আগবঢ়ায় ৷চুৰি কৰি অনা বলে’ৰ গাড়ীখনৰ সৰ্ম্পকত সুধাত তেওঁ নগালেণ্ডৰ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি এক বিৰূপ মন্তব্য কৰে ৷কিন্তু প্ৰতক্ষ্যদৰ্ক্ষীৰ মতে ৰাইজে চুৰটোক ধৰি চূঙাজান আৰক্ষীক গতাই দিয়ে৷ৰাইজৰ মতে নগালেণ্ডৰ আৰক্ষীয়ে বলে’ৰ গাড়ীখন নিবলৈ আহিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে৷উল্লেখযোগ্য যে এইজনেই ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া যিজনে অসম -নগালেণ্ড সীমান্তত নগাই মহকুমা স্হাপন কৰা সৰ্ম্পকত একো তথ্য নাই বুলি মন্তব্য কৰিছিল আৰু নগাৰ ভয়ত সীমান্তলৈ যাবলৈ ভয় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here