Home মুখ্য পৃষ্ঠা আমেৰিকাত প্ৰতিষ্ঠা কৰা নামঘৰৰ গুৰু আসন নিৰ্মাণেৰে সমাদৃত হৈছে ডিমৌৰ শিল্পী কৈলাশ...

আমেৰিকাত প্ৰতিষ্ঠা কৰা নামঘৰৰ গুৰু আসন নিৰ্মাণেৰে সমাদৃত হৈছে ডিমৌৰ শিল্পী কৈলাশ দত্ত

315
0

আমেৰিকাত প্ৰতিষ্ঠা কৰা নামঘৰৰ গুৰু আসন নিৰ্মাণেৰে সমাদৃত হৈছে ডিমৌৰ শিল্পী কৈলাশ দত্ত

দৈনন্দিন বাৰ্তাLive@ডিমৌ,৬ ডিচেম্বৰ:- এতিয়া কেৱল অসমতেই নহয়, সুদূৰ সাত সাগৰ তেৰ নদীৰ সিপাৰেও প্ৰতিষ্ঠা হ’ল মহাপুৰুষ গুৰুদুজনাই ধৰ্ম উপাসনাৰ স্থল হিচাপে অসমীয়া সমাজত প্ৰতিষ্ঠা কৰা নামঘৰ । সুদূৰ আমেৰিকাৰ নিউ জাৰ্ছি চহৰত যোৱা ২ ডিচেম্বৰত প্ৰতিষ্ঠা লাভ কৰিছে এক নৱনিৰ্মিত নামঘৰে । আৰু এই নামঘৰ প্ৰতিষ্ঠাত আগভাগ লৈছে আমেৰিকাত থকা প্ৰবাসী অসমীয়াসকলে । উল্লেখ্য যে,উক্ত নামঘৰটিৰ আসন নিৰ্মাণ কৰি উলিয়াইছে শিৱসাগৰ জিলা ডিমৌৰ কমলদৈপুলৰ নিবাসী তথা গুৰু আসন নিৰ্মাণ শিল্প-প্ৰতিষ্ঠান “ভূজঙ্গম কুটীৰ-শিল্প”ৰ স্বত্বাধিকাৰী কৈলাশ দত্তই । দত্তই বিগত ২২ বছৰে নিৰ্মাণ কৰি আহিছে নামঘৰৰ বিভিন্ন সা-সামগ্ৰী । গুৰু-আসন,সিংহাসন,ৰহাল,ঠগা আদি নিৰ্মাণ কৰি যথেষ্ট সমাদৰ লাভ কৰিছে তেওঁৰ লগতে পৰিয়ালবৰ্গই । কৈলাশ দত্তই নিৰ্মাণ কৰা আসন বিশ্ব দৰবাৰত এক সুনাম কঢ়িয়াই অনাৰ খবৰে এতিয়া আনন্দিত কৰি তুলিছে ডিমৌবাসী ৰাইজক । ভূৰঙ্গম কুটীৰ শিল্পৰ জৰিয়তেই জীৱন নিৰ্বাহ কৰে দত্তৰ পৰিয়ালে । উক্ত গুৰু আসনখনি চলিত মাহৰ ২ তাৰিখে নিউ জাৰ্ছিত নৱনিৰ্মিত নামঘৰৰ মণিকূটত গায়ন-বায়নেৰে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীদেৱৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠা কৰা হয় । এই খবৰ সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ লগে লগে এতিয়া সকলোৰে মাজত গৌৰৱ তথা চৰ্চাৰ বিষয় হৈ পৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here