Home মুখ্য পৃষ্ঠা গৰৈমাৰীত জিলা পৰিষদ ভিত্তিত অগপ’ৰ দলীয় কৰ্মশালাঃ

গৰৈমাৰীত জিলা পৰিষদ ভিত্তিত অগপ’ৰ দলীয় কৰ্মশালাঃ

177
0

গৰৈমাৰীত জিলা পৰিষদ ভিত্তিত অগপ’ৰ দলীয় কৰ্মশালাঃ

দৈনন্দিন বাৰ্তাৰ Live, সোণতলীৰ পৰা ৰেজাউল কবিৰ, ৫ ডিচেম্বৰঃ
কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ গৰৈমাৰীত আজি অগপ দলৰ জিলা পৰিষদ ভিত্তিত এখনি দলীয় কৰ্মশালা অনুষ্ঠিত হয় ৷ হাহঁচৰী বজাৰ গৃহত অনুষ্ঠিত হোৱা অগপৰ দলীয় কৰ্মশালা অনুষ্ঠানত সভাপতিত্ব কৰে টুক্ৰাপাৰা গাঁও পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনে ৷ দলীয় কৰ্মশালাত মুখ্য অতিথি হিচাপে অগপ দলৰ কেন্দ্ৰীয় সম্পাদক তথা খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ ডাঃ কমলা কান্ত কলিতাই উপস্থিত থাকে ৷ উল্লেখ্য যে আগন্তক পঞ্চায়ত নিৰ্বাচনত গৰৈমাৰী উন্নয়ন খণ্ডৰ ক্ৰমে টুক্ৰাপাৰা, জোৰশিমুলী হাতীশলা আৰু-ভলুকাৱাড়ী গাও পঞ্চায়ত অগপৰ দখললৈ অনাৰ স্বাৰ্থত এই দলীয় কৰ্মশালা অনুষ্ঠিত হয় ৷ কৰ্মশালাত চাৰিওখন গাঁও পঞ্চায়তৰ আঞ্চলিক সভাপতি-সম্পাদক আৰু সদস্য সকল উপস্থিত থাকি পঞ্চায়ত সমুহৰ ৰাজনৈতিক স্থিতি সম্বন্ধে আলোচনা কৰে ৷ দলীয় কৰ্মশালা তথা অগপৰ জিলা পৰিষদ বিত্তিত অনুষ্ঠিত সভাত সন্মানীয় অতিথি হিচাপে দলীয় নেতা দোস্ত হবিবুৰ ৰহমান, আক্কাছ আলী আহমেদ, আনোৱাৰ হুছেইন, নুৰ ইছলাম, ছেকান্দাৰ আলী, ওৱাহাব আলী আহমেদকে ধৰি কেবাগৰাকী বিশিষ্ঠ নেতাই কৰ্মশালাত অংশগ্ৰহন কৰে ৷ মনকৰিবলগীয়া যে, আজিৰ এই দলীয় কৰ্মশালাৰ পৰাই আগন্তক পঞ্চায়ত নিৰ্বাচনত উল্লেখিত চাৰিওটা গাঁওপঞ্চায়ততে অগপ দলৰ প্ৰাৰ্থী বিজয়ী হব বুলি ডাঃ কমলা কলিতাই মুকলিভাৱে ঘোষণা কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here