Home মুখ্য পৃষ্ঠা অ’এন জি চি য়ে উবেৰক নিদিয়ে গাড়ীৰ ঠিকা 

অ’এন জি চি য়ে উবেৰক নিদিয়ে গাড়ীৰ ঠিকা 

159
0

অ’এন জি চি য়ে উবেৰক নিদিয়ে গাড়ীৰ ঠিকা 

দৈনন্দিন বাৰ্তাLIVE@(পংকজ মহন্ত)মেছাগড়ৰ প্ৰতিবেদক ৬ ডিচেম্বৰ  :             
কিছুদিনৰ পৰা প্ৰচাৰ  ” অ’এন জি চি ত অসম বিৰোধী চক্ৰৰ ষড়যন্ত্ৰ, নিবনুৱাক ভাতে মাৰি উবেৰক গতাব গাড়ী যোগানৰ ঠিকাৰ” সন্দৰ্ভত অ’ এন জি চি অসম সম্পদে স্পষ্ট কৰিছে যে তেনে বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন। এক দায়িত্বশীল পি এছ ইউ  প্ৰতিষ্ঠান হিচাপে অ’ এন জি চি য়ে জন্মলগ্নৰে পৰা দেশৰ শক্তিখন্ডৰ নিৰাপত্তা সুনিশ্চিত কৰাত গুৰুত্ত্বপূৰ্ণ অৱদান যোগাই অহাৰ লগতে সমাজখনৰ প্ৰগতিৰ হকে নিৰবিচ্ছিন্নভাৱে কাম কৰি আহিছে আৰু অনাগত দিনতো ন-উৎসাহেৰে  সমাজৰ উন্নতিৰ হকে কাম কৰি যাব। তৈল প্ৰতিষ্ঠানটোৱে ৰাইজৰক আহ্বান জনাই, যে সকলোৱে একেলগে তেল আৰু প্ৰাকৃতিক গেছৰ উৎপাদন বৃদ্ধিৰ হকে কাম কৰি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আশা কৰাৰ ধৰণে ২০২২ চনৰ ভিতৰত দেশৰ হাইড্ৰ’কাৰ্বনৰ ১০ % আমদানি হ্ৰাসকৰণৰ লক্ষ্য  সফলতাৰে উপনীত হ’বলৈ বদ্ধপৰিকৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here