Home মুখ্য পৃষ্ঠা জীৱন দৰ্শন

জীৱন দৰ্শন

374
0

                                                  জীৱন দৰ্শন

                                                                
                                                                                                                                                                  উত্তম লইং
                                                                                                                                                             ৯৭০৬২৮৪৩৫৫

         নৈ বৈ যায় নিজস্ব গতিত………|কাৰোবাবে ৰৈ নাথাকে।একেদৰে গৈ থাকে সময়।সময়ৰ লগে লগে যায় আমাৰ জীৱন।

          জীৱন যাত্ৰাৰ পথ অতি দুৰ্গম আৰু কন্ঠকময়।এনে কন্ঠকময় পথ অতিক্ৰম কৰোঁতে বিভিন্ন ঘাত- প্ৰতিঘাতৰ সন্মুখীন হ’ব লগা হয়।যেতিয়া জীৱন যাত্ৰাৰ গতি স্তব্ধ হ’ব তেতিয়া প্ৰাণ যাব দূৰ দিগন্তলৈ।হেৰাই যাব অসীমৰ সীমাৰ মাজত আৰু সেই যাত্ৰাই হ’ব জীৱনৰ শেষ যাত্ৰা।জীৱন যাত্ৰাৰ সময় যে বৰ তাকৰ।অসমৰ মহান শিল্পী সুধাকন্ঠ ড° ভূপেন হাজৰিকাদেৱে গীতৰ যোগেদি কৈছে- “এটি এটি ক্ষণ যেন মুকুতাৰে ধন,এনেয়ে হেৰুৱালে নাহে উভতি”।সঁছাকৈয়ে, যিদৰে মুখৰ পৰা এবাৰ ওলাই যোৱা কথা আৰু হাতৰৱপৰা এৰি দিয়া ষাঁড় পুনৰ উভতি নাহে ঠিক তেনেকৈয়ে এবাৰ পাৰ হৈ যোৱা সময় আকৌ দুনাই নাহে।কাৰণ সময়বোৰ যে বৰ নিষ্ঠুৰ।ই কাৰোবাবে অপেক্ষা নকৰে।সময় অমূল্য ধন।এতিয়া ২০টকা বচাবলৈকে ২০মিনিট খোজ কাঢ়ি যোৱাতকৈ ২০ মিনিট বচাবলৈ ২০ টকা খৰচ কৰা দিন আহি পৰিছে।গতিকে কম সময়ৰ ভিতৰতে নিজে নিজক প্ৰতিষ্ঠা কৰিব লাগিব।নিজে নিজৰ চৰিত্ৰ গঠন কৰি সমাজত নিজক পৰিচয় দিব পৰা হ’ৱ লাগিব।
            অৱশ্যে চৰিত্ৰ গঠনত পৰিৱেশৰ ভূমিকাও বিশেষভাৱে মন কৰিবলগীয়া। এটা অনুকূল পৰিৱেশত এটা সৎ চৰিত্ৰ গঠন হোৱাটো স্বাভাৱিক।কাৰণ এটা কু-পৰিৱেশত এজন দক্ষ  ব্যক্তিৰো নিজৰ দক্ষতা হ্ৰাস পায় আৰু এটা ভাল পৰিৱেশত একোজন অসৎ অথবা নষ্ট চৰিত্ৰৰ ব্যক্তিয়ো নিজক ভালকৈ প্ৰতিষ্ঠা  কৰিব পাৰে।
             চৰিত্ৰ গঠনত নিজৰ পিতৃ-মাতৃ,অভিভাৱক বা জ্ঞানী-গুনিজনৰ ভূমিকাও উল্লেখনীয়।জীৱনৰ কন্ঠকময় পথত থকা ঘাত-প্ৰতিঘাত ক’ত,কেনেকৈ আছে আৰু কেনেকৈ অতিক্ৰম কৰিব লাগে,সেই কথা তেওঁলোকে ভালকৈ জানে।কোনটো পথেৰে সিঁহতৰ জীৱন গঢ় দিব পৰা যাব সেই কথাও জানে তেওঁলোকে কিয়নো তেওঁলোক অভিজ্ঞ ব্যক্তি।গতিকে পিতৃ-মাতৃয়ে দেখুৱাই দিয়া পথত আগবাঢ়ি যাব লাগে প্ৰতিজন সন্তানে।কাৰণ পিতৃ-মাতৃয়ে তেওঁলোকৰ অ-হিত চিন্তা নকৰে।তেওঁলোকক দেশৰ সু-নাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰি সন্তানৰ কৃতকাৰ্যতাৰে নিজৰ সুযোগ্য সন্তান হিচাপে বিশ্ব দৰবাৰত চিনাকি দিয়াৰ প্ৰৱল হেঁপাহত ডুব গৈ থাকে। উল্লেখনীয় যে বিশ্বৰ যথেষ্ট সংখ্যক সন্তানে পিতৃ-মাতৃয়ে দেখুৱাই দিয়া পথ অৱলম্বন নকৰে,যাৰ ফলত তেওঁবিলাকে জীৱনৰ অৰ্ধকাল ভূগিব লগাত পৰে।অৱশ্যে নিজৰ সন্তান কি বিষয়ত বেছি পাৰ্গত আৰু আগ্ৰহী সেই কথাও চালি জাৰি চাব লাগিব।
       জীৱন গঢ়াত বা আমাৰ চৰিত্ৰ গঠনত উৎসাহ আৰু প্ৰেৰণাও বিশেষভাৱে সহায় কৰে।প্ৰেৰণা হৈছে জীৱনৰ এক মাদকতা,এক উন্মাদনা।প্ৰেৰণাই জীৱনলৈ আনি দিয়ে পোহৰ অথবা উজ্জলতা।পৃথিৱীত জন্ম লাভ     কৰাৰ দিনৰ পৰাই আমি বিভিন্ন ধৰণৰ ৰঙীন স্বপ্ন দেখি আহিছো।সঁচা অৰ্থত ক’বলৈ গ’লে প্ৰৰণাই আমাৰ জীৱনৰ পথ পোহৰাব পাৰে,জীৱনটোক সৎ আৰু সফলতাৰ পথেৰে মহান কৰি তুলিব পাৰে আৰু দহজনৰ উপকাৰ সাধিব পাৰে।আজিৰ সময় বৰ জটিল সময়। জীৱনত এনে কেতবোৰ সমস্যা আহি পৰে য’ত তৎক্ষনাত কোনো সমাধানৰ পথ বিচাৰি পোৱাটো জটিল হৈ পৰে।এনেকুৱা পৰিস্হিতিৰ লগত সম্পূৰ্ণকৈ খাপ-খুৱাই তুলিবৰ হকে উৎসাহ-উদ্দীপনা অথবা প্ৰেৰণাৰ প্ৰয়োজন,যিয়ে সঁচাকৈয়ে জীৱনলৈ কঢ়িয়াই আনি দিয়ে পোহৰ অথবা উজ্জ্বলতা……।

LEAVE A REPLY

Please enter your comment!
Please enter your name here