Home মুখ্য পৃষ্ঠা ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতাজন

ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতাজন

139
0

*ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতাজন

_____________________
ভ্ৰাম্যমান মঞ্চৰ এজন বলিষ্ঠ অভিনেতা , যিজন অভিনেতাই নিজৰ স্বকিয় অভিনয়ৰে অভিনয় কৰি ভ্ৰাম্যমান মঞ্চজগতত এখন সুকিয়া স্থান দখল কৰি আছে । নাম তেখেতৰ নিৰঞ্জন দাস । মনালিছা থিয়েটাৰৰ যোগেদি ভ্ৰাম্যমান থিয়েটাৰ জগতত প্ৰৱেশ কৰা এই জন অভিনেতাই জীৱনৰ বহুকেইটা বসন্ত পাৰ কৰিলে ভ্ৰাম্যমানৰ মঞ্চতেই । এখেতে অভিনয় কৰা প্ৰথম খন হিট নাটক আছিল নাট্যকাৰ  সমৰেন্দ্ৰ বৰ্মনৰ “ৰাজাবাবু”  যত তেখেতে নাম ভূমিকাত অভিনয় কৰিছিল । 
গাঁৱৰ নামঘৰৰ ভাওনাত প্ৰথমে ৰাধা হৈ  অভিনয় জীৱনৰ পাতনি মেলিছিল বৰ্তমান সময়ৰ ভ্ৰাম্যমাণৰ বলিষ্ট অভিনেতা নিৰঞ্জন দাসে |
এমেছাৰ নাটক , মাধৱ মন্দিৰ নাট্য সমাজ, পাঞ্চজন্য নাট্যগোষ্ঠী , চিত্ৰলেখা ৰংগমঞ্চ ,  তেজপুৰৰ বাণ থিয়েটাৰ আদিত দক্ষ অভিনয় কৰা  নিৰঞ্জন দাসক প্ৰতিভাৰ সম্ভেদ পাই মনাছিলা থিয়েটাৰৰ প্ৰযোজকে লৈ আহিছিল ভ্ৰাম্যমান নাট্যজগতলৈ ।
মনালিছাৰ পিছত তেখেতে হেঙুল , আৱাহন , বৰদৈচিলা , আশীৰ্বাদ আদি আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ সমুহত অভিনয় কৰি অহা নিৰঞ্জন দাসে চলিত বৰ্ষত ৰাজতিলক থিয়েটাৰত অভিনয় কৰি আছে।
হেঙুল থিয়েটাৰতেই তেওঁ অভিনয় কৰাৰ সুযোগ পাইছিল বলিউদৰ অভিনেত্ৰী সীমা বিশ্বাসৰ লগত।পৰিচালক হিচাপে পাইছিল তপন দাসক ; নাটক আছিল বেণ্ডিত কুইন , যাৰ স্মৃতি তেখেতে আজিও পাহৰা নাই । তাৰ পিছত আৱাহন থিয়েটাৰত অভিজিত ভট্টৰ সমিৰন বৰুৱা আহি আছে , লেডি ডায়েনাত অভিনয় কৰিছিল। সুযোগ পাইছিল ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ নাটকত অভিনয় কৰাৰ নাটক আছিল “শুভ সংৱাদ” ,
পৰিচালক হিচাপে পাইছিল হেম ভট্টাচাৰ্য্যক। সেৱাব্ৰত বৰুৱা , মুনিন বৰুৱা দেৱৰ নাটকতো আভিনয় কৰিছিল এখেতে । 
আশীৰ্বাদ থিয়েটাৰত যতীন বৰাৰ লগত কৰিছিল অভিজিত ভট্টৰ “শকত আৱত প্ৰেম কাহিনী” ,
“অট ৰিক্সা চলাও আমি দুই ভাই” , “মা দেউতা মাইনা” আদিৰ দৰে জনপ্ৰিয় নাটক সমুহ । 
ঠিক সেইদৰে প্ৰস্তুতি পৰাশৰৰ দৰে বলিষ্ঠ অভিনেত্ৰীৰ লগত কৰিছিল ” ৰাংঢালী ছোৱালী ম‌ই” , “মহাৰাণী”ৰ দৰে শ্ৰেষ্ঠ নাটক সমুহ ।
হেঙুল থিয়েটাৰত উৎপল দত্ত ৰচিত “কাঞ্চন” নাটকখনত  নিৰঞ্জন দাসে পোনপ্ৰথমবাৰৰ বাবে মুখ্য নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। 
মৃদুল চুতীয়াৰ অস্তপথ নাটকখন আছিল নিৰঞ্জন দাসৰ টাৰ্ণিং পইন্ট ।
নাট্যকাৰ – পৰিচালক অভিজিৎ ভট্টাচাৰ্যৰ প্ৰথম নাটক “সমীৰণ বৰুৱা আহি আছে”ৰ পৰা আজিলৈকে তেখেতে ২০ বছৰ ধৰি  ভট্টাচাৰ্য্য দেৱৰ নাটকত অভিনয় কৰে।
নিৰঞ্জন দাসৰ মতে এতিয়ালৈকে অভিনয় কৰা নাটকৰ ভিতৰত শ্ৰেষ্ঠ নাটক অভিজিত ভট্টাচাৰ্য্য ৰ “অভিনেত্ৰী” ।
সজিৱ হৈ আছে ৰাজতিলক থিয়েটাৰত অভিনয় কৰা “মহাত্মাৰ চকুপানী” আৰু মৰমে কান্দিছে নাটক দুখন, যত তপন দাস আৰু মৃদুল ভূঞাৰ সমানে সমানে নিজৰ পাৰদৰ্শিতাৰ উমান দিছে   নিৰঞ্জন দাসে |
২০১৮/১৯ নাট্যবর্ষত নিৰঞ্জন দাসক পুনৰ দেখা পোৱা যাৱ ৰাজতিলক থিয়েটাৰৰ মঞ্চত ………
             ধৃতিমান

LEAVE A REPLY

Please enter your comment!
Please enter your name here