Home মুখ্য পৃষ্ঠা  ঐতিহ্যমণ্ডিত বৰভেটিৰ ন-লগোৱা উৎসৱ 

 ঐতিহ্যমণ্ডিত বৰভেটিৰ ন-লগোৱা উৎসৱ 

207
0

                                ঐতিহ্যমণ্ডিত বৰভেটিৰ ন-লগোৱা উৎসৱ 

 

                                                                                                                           

                                                                                                                      জিতুল বৰা    

   আহোম সকলৰ শেষ সাংস্কৃতিক ৰাজধানী যোৰহাটৰ  উত্তৰ-পশ্চিম দিশত ঐতিহাসিক  বৰভেটি অৱস্থিত৷ যোৰহাটৰ পৰা প্ৰায় ১২-১৩ কি.মি দুৰত্বত এই  বৰভেটি অৱস্থিত । আহোম স্বর্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত (১৭৬৯-১৭৮০ খ্রীঃ) মায়ামৰা সত্রাধিকাৰ অষ্টভুজ গোসাঁইৰ দিনতেই তেওঁৰ পুত্র সপ্তভুজে ১৭৬৮ খ্রীঃত সমগ্র অসমত সিঁচৰতি হৈ থকা শিষ্যসকলক আমন্ত্রণ কৰি গাইপতি একোচপৰাকৈ মাটি দিয়াই মালৌপথাৰৰ দ ঠাইত বৰভেটি বন্ধাইছিল বুলি জনশ্রুতি আছে৷ এই ভেটি বন্ধাবৰ বাবে সেই ঠাইত প্রায় আঠ লাখ নবৈব হাজাৰ শিষ্য গোট খাইছিল৷ মালৌ পথাৰৰ উক্ত ঠাইডোখৰ ২৪ হাত দ আছিল৷ বর্তমান এই ভেটিৰ উচ্চতা  ৩৬০ ফুট আৰু ১২০ ফুট বহল৷ তলত দীঘলে ৩৮০ ফুট, প্রস্থই ১৮৯ ফুট আছিল৷ বৰভেটিৰ মুঠ মাটিকালি ৬ বিঘা, ১ কঠা, ১০ লোচা৷ বর্তমান বৰভেটি প্রায় ২০-২৫ ফুটমানহে ওখ হ’ব ! কিন্তু প্রথম অৱস্থাত সমতলৰ পৰা ইয়াৰ উচ্চতা আছিল প্রায় ৫৪ ফুট৷ ভেটিটো ওখ হোৱাৰ বাবেই ‘বৰভেটি’ বুলি ইতিহাস প্রসিদ্ধ৷ বৰভেটি আৰু খুটীয়াপোতা সত্রৰ মাজৰ দূৰত্ব তিনি-চাৰি কিল’মিটাৰ৷ আৰু ইয়াৰ মাজতে ন-পাম সত্র মজিয়া ভেটিত আছিল৷ সেই ভেটিৰ নামেৰে আজিও সেই অঞ্চল মজিয়াভেটি নামে ইতিহাস প্রসিদ্ধ৷ ১৭৬৯ খ্রীঃত মায়ামৰা সত্রাধিকাৰ সপ্তভুজৰ তত্ত্বাৱধানতে তেওঁৰ শিষ্যসকলে আহোম ৰাজতন্ত্রৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰে৷ এই বিদ্রোহ অসমৰ ইতিহাসত মোৱামৰীয়া বা মায়ামৰা বিদ্রোহ নামে জনাজাত৷ বৰভেটিৰ ন-লগোৱা উৎসৱ অথবা ইয়াৰ নির্মাণৰ ইতিহাসৰ আৰত বহু তথ্য পোৱা যায়।

“…অনেকে ‘মায়ামৰীয়া’ শব্দটো মোৱামৰীয়া বুলি লিখে আৰু কয়। আনহাতে মায়ামৰীয়া মহন্তই ৰজাৰ নিৰ্দেশত এটা ‘জপা’ দেখুৱাই তাত কি আছে বুলি কোৱাত মহন্তই তাত সৰ্প আছে বুলি কোৱাত ৰজাই বিদ্ৰুপ কৰি জপাৰ সাঁফৰখন খুলি মুকলি কৰিবলৈ এজনক আদেশ কৰাত সচাকৈয়ে তাত এটা কালসৰ্পই ফেট তুলি উঠা দেখা গ’ল। ৰজাই বিস্মিত হৈ সেই সৰ্প পুনৰ অদৃশ্য কৰিবলৈ কোৱাত মহন্তৰ আদেশত অদৃশ্য হ’ল ।এই কাহিনীটো আত ধৰি অনেকে ‘মায়ামৰীয়া’ শব্দটো ব্যৱহাৰ কৰা দেখা যায়।…”


                                     স্বৰ্গদেউ শিৱসিংহ ৰ ৰানী বৰ ৰজা ফুলেশ্বৰী কুঁৱৰী আৰু বৰবৰুৱা কীৰ্তিচন্দ্ৰৰ নিৰ্যাতনে মায়ামৰীয়া মহন্ত আৰু শিষ্য সকলক উত্তেজিত কৰি তোলো। অনেকে ‘মায়ামৰীয়া’ শব্দটো মোৱামৰীয়া বুলি লিখে আৰু কয়। আনহাতে মায়ামৰীয়া মহন্তই ৰজাৰ নিৰ্দেশত এটা ‘জপা’ দেখুৱাই তাত কি আছে বুলি কোৱাত মহন্তই তাত সৰ্প আছে বুলি কোৱাত ৰজাই বিদ্ৰুপ কৰি জপাৰ সাঁফৰখন খুলি মুকলি কৰিবলৈ এজনক আদেশ কৰাত সচাকৈয়ে তাত এটা কালসৰ্পই ফেট তুলি উঠা দেখা গ’ল। ৰজাই বিস্মিত হৈ সেই সৰ্প পুনৰ অদৃশ্য কৰিবলৈ কোৱাত মহন্তৰ আদেশত অদৃশ্য হ’ল ।এই কাহিনীটো আত ধৰি অনেকে ‘মায়ামৰীয়া’ শব্দটো ব্যৱহাৰ কৰা দেখা যায়। মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ প্রতিষ্ঠিত বৈষ্ণৱ ধর্ম শেষলৈ ব্রহ্মসংহতি, নিকাসংহতি, পুৰুষসংহতি আৰু কালসংহতি এই চাৰিটা ভাগত বিভক্ত হয়৷ সেইদৰে একশৰণ ভাগৱতী নামধর্মৰ নামঘৰবিলাকো ভাগ ভাগ হৈ পৰে৷ ভবানীপুৰীয়া শ্রীশ্রীগোপালআতা আছিল কালসংহতিৰ জনক৷ গোপাল আতাৰ অনুগামী  শ্রীশ্রীঅনিৰুদ্ধ দেৱ আৰু শ্ৰী শ্ৰী যদুমণিদেৱে এই মায়াক আতৰ কৰি প্ৰকৃত সত্যক উপলব্ধি কৰিবলৈ বাট দেখুৱাই যোৱাৰ বাবেই মায়াময়া শব্দটো ব্যৱহৃত হোৱাৰ সম্ভাৱনা অধিক! সি যি কি নহওক গুৰুমুখী শিষ্য সকলে গুৰুৰ আদেশত শাক্ত ৰজা আৰু ৰাণীৰ তথা অহংকাৰী বৰুৱাৰ বিৰুদ্ধে একগোট হ’ব’লৈ সিদ্ধান্ত কৰিলে।শিষ্য সকলৰ সংখ্যাৰ শক্তি চাবৰ বাবে গুৰুৱে প্ৰত্যেকক এচলাকৈ মাটি আনি এটি ভেটি বান্ধিবলৈ আদেশ কৰিলে ।”মৰি যাওঁ, মাৰি যাওঁ ।গুৰুৰ ঋণ শুজি যাওঁ”-এই ধ্বনিয়ে শিষ্যসকলে  উলাই আহি এনেভাৱে গঢ়ি তোলা ভেটিটোৱেই হল ‘বৰভেটি’।  শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে সত্র প্রতিষ্ঠা কৰি মায়ামৰা বৈষ্ণৱ ধর্মৰ প্রথমজনা ধর্মপ্রচাৰক হোৱাৰ গৌৰৱ অর্জন কৰে আৰু তেতিয়াৰে পৰা মায়ামৰা নৱবৈষ্ণৱ ধর্মই পূর্ণতা লাভৰ দিশত অগ্রসৰ হয়৷ বিষ্ণুবালিকুঞ্চি, মদাৰখাত, পুৰণিমাটি, কালজাৰ, বৰভেটি সত্র, নাহৰআটি, গড়পৰা, বগৰীতলীয়া, খুঁটিয়াপোতা, দিনজয়, টিফুক, ঢলা আদি কৰি মুঠ ১২খন সত্র ধর্মীয় অভু্ত্থানৰ কালত প্রতিষ্ঠা হৈছিল৷ মায়ামৰা বৈষ্ণৱ ধর্মৰ পৰম্পৰা অনুযায়ী সত্রসমূহত জড়মূর্তি স্থাপন, পূজা-পাতল, বিধান আৰু তীর্থ ভ্রমণ নীতিবিৰুদ্ধ কথা৷ মূর্তিৰ পৰিৱর্তে সত্রসমূহত ভাগৱত, কীর্তন, দশম, ভক্তিমংগল ঘোষা, নামঘোষা আদি স্থাপন কৰা হয়৷ স্বতন্ত্রৰীয়াভাৱে নাম ধর্মত শৰণ লোৱা মায়ামৰাসকল আছিল একেশ্বৰবাদী৷ মহাপুৰুষ শংকৰদেৱৰ দৰে অনিৰুদ্ধদেৱেও ভক্তি মার্গত গুৰুত্ব দিছিল৷ উল্লেখযোগ্য যে বৈষ্ণৱ ধর্মৰ সত্র আৰু নামঘৰত মুখামুখিকৈ বহা বা আসন গ্রহণ কৰা প্রথা, আশীর্বাদ প্রদান প্রথা, নামৰ সুৰ, নামত বোৱা হাত চাপৰি, তাল-মৃদংগৰ গায়ন- বায়ন, শৰাই সজোৱা প্রথা, চ’ৰাঘৰৰ আর্হি মূধচৰ ফালেদি নামঘৰত প্রৱেশ আহোম সংস্কৃতিৰেই অৱদান৷  এই মায়ামৰাসকলৰ ‘পুণ্যতীর্থ’ মালৌৰ বৰভেটি কিয় নির্মাণ কৰিছিল, এই বিষয়ত বহুজনৰ মাজত মতানৈক্য দেখা যায় যদিও বৰভেটি নির্মাণৰ পটভূমিত কেইবাটাও  জনশ্রুতি প্রচলিত৷ সেইকেইটা হ’ল – 
(ক)মোৱামৰীয়া বা মায়ামৰা বিদ্রোহৰ প্রতি থকা জনসমর্থনৰ বুজ লোৱা
(খ) পূর্ণানন্দ বুঢ়াগোহাঁয়ে এখন তীর্থস্থান নির্মাণৰ লক্ষ্যৰে ভেটি প্রতিষ্ঠা কৰোৱা
(গ)মায়ামৰা সমাজৰ বাবে এখন সত্র প্রতিষ্ঠা কৰা ৷ 
     প্রথমটো জনশ্রুতি মতে, মায়ামৰা বিদ্রোহৰ প্রতি জনসমর্থন কেনে, তাৰ বুজ ল’বলৈ মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ উত্তৰ পুৰুষ ধৰ্মাচাৰ্য শ্ৰী শ্ৰী অষ্টভূূূজদেৱৰ আহ্বানত মায়াময়া সম্পদায়ৰ ভকত বৈষ্ণৱে  নিজ নিজ আচলত বান্ধি একচলাকৈ  মাটি দি ২৪ হাত জলাশয় পুতি ৬০ হাত ওখ  ভেটি গঢ়িছিল৷ বৰভেটি যিমানেই ওখ হৈছিল জনসমর্থন সিমান হৈছিল বুলি প্রকাশ৷ উল্লেখযোগ্য যে মায়ামৰা বিদ্রোহৰ প্রস্তুতি ইয়াৰ বহু আগৰ পৰাই চলি আছিল৷ গতিকে তাৰ অনেক কাল পাছত বৰভেটিৰ মুখ্য উদ্যোক্তা অষ্টভুজ গোসাঁয়ে ৰণধবনি বজাবলৈকে উক্ত ভেটি নির্মাণ কৰিছিল বুলি থকা জনশ্রুতি বিশ্বাস কৰিলে গুৰুজনাৰ বৌদ্ধিক তথা আধ্যাত্মিক সত্তাক নিশ্চয় উপহাস কৰা হ’ব৷ মালৌৰ বৰভেটি নির্মাণৰ উক্ত যুক্তি কেতিয়াও বাস্তৱসন্মত হ’ব নোৱাৰে৷ দ্বিতীয়তো জনশ্রুতি মতে, পূর্ণানন্দ বুঢ়াগোহাঁইদেৱে এখন থান স্থাপন কৰিবলৈ বৰভেটি ৷ উল্লেখযোগ্য যে অপদেৱতাক পূজা-পাতল দি সেইসকলৰ কোপদৃষ্টিৰ পৰা কৃষিক ৰক্ষা কৰিবৰ বাবে সেই কালত পথাৰৰ মাজত অনেক থান প্রতিষ্ঠা কৰা হৈছিল৷ গতিকে এনে ঘটনাৰ পৰিপ্রেক্ষিতত এই জনশ্রুতি একেবাৰে উলাই কৰিব নোৱাৰি৷ তৃতীয়টো জনশ্রুতি মতে, আদ্যগুৰু অনিৰুদ্ধদেৱৰ জ্যেষ্ঠ পুত্র কৃষ্ণদেৱ গোসাঁয়ে ককিলামুখ ভাটিত যি ঠাইত অনিৰুদ্ধদেৱে এটা খুঁটি পুতি থৈ গৈছিল, সেই স্থানত এখন সত্র প্রতিষ্ঠা কৰা হয়৷ কালক্রমত ব্রহ্মপুত্রৰেই খুঁটিয়াপোতা নামেৰে জনাজাত এই সত্রৰ ভেটি খহাই নিয়াত অষ্টভুজ গোসাঁয়ে তাৰ সকলো সা-সম্পত্তি স্থানান্তৰ কৰি আনি ১৬৯০ শকত মালৌৰ কোৰোকানিত ভেটি বান্ধি এখন সত্র প্রতিষ্ঠা কৰে৷ প্রকাশ যে বৰভেটিৰ ওপৰত অস্থায়ী ঘৰ সাজি সাত দিন সাত ৰাতি গায়ন- বায়ন গাই কংস বধ ভাওনাৰে উৎসৱ সামৰে৷ উল্লেখযোগ্য যে এক দীঘলীয়া বিদ্রোহত জর্জৰিত মায়ামৰা সমাজৰ বৰভেটিৰ প্রতি আদৰ-যত্ন হ্রাস হৈ অহাত সেই বৰভেটিত স্থায়ী সত্র প্রতিষ্ঠা কৰাটো স্বাভাৱিকতে সম্ভৱপৰ হৈ নুঠিল৷ অৱশ্যে পৰৱর্তী কালত মায়ামৰা ভক্তসকলে প্রতিবছৰে প্রথম  ধান চপোৱাৰ সময়ত আঘোণ মাহৰ প্রথম সপ্তাহৰ কোনো এটা দিনত সকলো লগ হৈ বৰভেটিত ন-লগোৱা উৎসৱ পালন কৰিবলৈ আৰম্ভ কৰে৷ মাটিৰ চাকিৰে বন্তি প্রজ্বলন কৰি বৰভেটিৰ ওপৰত স্থাপন কৰাৰ পাছত সেৱা আগবঢ়োৱা হয়৷ নতুন চাউলৰ পিঠাগুড়ি, গাখীৰ আৰু গুৰেৰে তৈয়াৰী সাজ, মাহ-প্রসাদ, কল, কুঁহিয়াৰ আদি বিভিন্ন  নৈবেদ্যৰে শৰাই সজাই গায়ন-বায়ন গোৱা হয়৷ উক্ত গায়ন-বায়ন মৃদং আৰু তালেৰে পৰিৱেশন কৰা হয়৷ ন-লগোৱা উৎসৱত অসমৰ বিভিন্ন ঠাইৰ পৰা আহি কমেও এক লাখ ৰাইজৰ সমাগম হয়।যোৰহাটৰ বৰভেটিয়ে ঐক্যৰ বতৰা কঢ়িয়াই আনিছে।
                                                                                                                                                               দূৰভাষঃ ৯৬১৩২৭০৬৪৩
                                                                                                                                                             ঠিকনা – বালিচাপৰী, মাজুলী ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here