Home মুখ্য পৃষ্ঠা জৰা-জীৰ্ন  অৱস্থাত এটা নামঘৰ 

জৰা-জীৰ্ন  অৱস্থাত এটা নামঘৰ 

296
0

জৰা-জীৰ্ন  অৱস্থাত এটা নামঘৰ 

  • আঙুৰলতা সমষ্টিতেই মাধৱ মন্দিৰৰ অষ্টিত সংকট              

 

দৈনন্দিন বাৰ্তাLIVE@(প্ৰাঞ্জল বৰা )বটদ্ৰৱা  ৭ ডিচেম্বৰ : মহাপুৰুষ  গুৰুজনাৰ জন্ম স্থান বটদ্ৰৱাৰ সমীপথে থকা এটা নামঘৰ যাক লৈ বৰ্তমান চিন্তিত হৈ পৰিছে এখন গাওঁৰ ৰাইজ । মহাপুৰুষ গুৰুজনাৰ অমৰ সৃষ্টি অসমীয়া জাতিৰ  নামঘৰ বৰ্তমান অস্তিত্ব সংকট । বটদ্ৰৱা সমষ্টিৰ বৃহত্তৰ ৰাইডঙীয়াৰ আদৰ্শ গাওঁৰ নামঘৰতো চনতেই প্ৰতিষ্ঠা কৰিছিল গাওঁখনৰ ৰাইজে । নাম প্ৰসংগ কৰি ইস্বৰক আৰাধনা কৰাৰ লগতে শংকৰদেৱৰ জন্ম উৎসৱ , পাল নাম , ৰাস , ভাওনা আদি পাতিছিল । কিন্তু দিনৰ পিছত দিন পাৰ হোৱাৰ লগে লগেই নামঘৰটোৰ বেৰ টিন পাট খহি পচি যাবলৈ ধৰিলে সেই দূৰবস্তাতেই নাম প্ৰসংগ কৰি থকা দেখা গৈছে । বিশেষ কৈ বৰষুণৰ বতৰত এক দূখ লগা দৃশ্য আপুনি দেখিলে হয়টো আপোনাৰো বেয়া লাগিব কাৰণ এফালে বৰষুণ এফালে হৰি নাম বৰষুণত তিতি তিতিয়েই নাম গোৱা এই দৃশ্য  দেখি গাওঁ খনৰ ৰাইজে জোনে যেনেকৈ পাৰে তেনেকৈ কিছু বৰঙণি আগবঢ়াই নামঘৰৰ নিৰ্মান কৰিছিল । বৰ্তমান নামঘৰ পূৱা গধূলি নাম প্ৰসংগ কৰে ৰামেশ্বৰ দাসেৰ লগতে আই সকলে  ।  কিন্তু এনে অৱস্থাত নাম প্ৰসংগ কৰা গাঁৱৰ ৰাইজে দেখি  বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা ডাঙৰীয়ানীকো অলপ সহায় কৰিবলৈ  অৱগত কৰিছিল কিন্তু বিধায়ীকা গৰাকীয়ে কোনো কাণ মন নিদিয়াত গাওঁখনৰ ৰাইজৰ মাজত বিশ্বাস হেৰাই যাবলৈ ধৰিছে সেইহে আকৌ অনুৰোধ কৰিছে গাওঁখনৰ সৰুৰ পৰা বৃদ্ধ জনলৈকে যাতে এই নামঘৰ নিৰ্মানৰ ক্ষেত্ৰত কিছু সহায়ৰ হাত আগবঢ়াই  বিধায়ীকা গৰাকীয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here