Home মুখ্য পৃষ্ঠা হাটশিঙিমাৰীৰ ৰঘুপাৰাত চুৰিঃ

হাটশিঙিমাৰীৰ ৰঘুপাৰাত চুৰিঃ

114
0
হাটশিঙিমাৰীৰ ৰঘুপাৰাত চুৰিঃ 

দৈনন্দিন বাৰ্তাLive@(আব্দুল্লাহ শেখ), হাটশিঙিমাৰী, ৮ ডিচেম্বৰঃ হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ পৰা ২ কিঃমিঃ নিলগত অৱস্থিত ৰঘুপাৰা গাওঁৰ আখেৰুজামান ওৰফে ৰনজু মিঞাৰ ঘৰত যোৱা নিশা চুৰি হয়। এই মানুহজনে ৰাতি ৭-৩০ বজাত আলহীৰ ঘৰত যায় আৰু ৰাতি ৯ বজাত ঘৰত উভতি আহি লক্ষ্য কৰে যে কোনোৱাই তলা ভাংগি ঘৰত সোমাই গডৰেজ ভাংগি ৩ তোলা সোণৰ গইনা আৰু নগদ ১ লাখ টকা চুৰি কৰি লৈ যায়। এই ভুক্তভোগীয়ে খাৰুৱা বান্ধা আৰক্ষীক খবৰ দিছিল যদিও ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত নোহোৱাত ক্ষোভিত হৈছে বুলি সাংবাদিকক জানিবলৈ দিয়ে। আৰক্ষীয়ে এতিয়ালৈকে চুৰি কাৰ্য্যৰ লগত জড়িত মানুহৰ কোনো সংসুত্ৰ উলিয়াব পৰা নাই। ইয়াৰ পূৰ্বে এই গাওঁৰ ৰকেট মিঞা আৰু ইলিয়াছ আলিৰ ঘৰত চুৰি হৈছিল যদিও কোনো সংসুত্ৰ উলিয়াব পৰা নাই। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here