Home মুখ্য পৃষ্ঠা ধুবুৰীত বিজ্ঞান সন্মত তিনিদিনীয়া ছাগলী প্ৰতিপালনৰ প্ৰশিক্ষন শিবিৰ 

ধুবুৰীত বিজ্ঞান সন্মত তিনিদিনীয়া ছাগলী প্ৰতিপালনৰ প্ৰশিক্ষন শিবিৰ 

113
0

ধুবুৰীত বিজ্ঞান সন্মত তিনিদিনীয়া ছাগলী প্ৰতিপালনৰ প্ৰশিক্ষন শিবিৰ 

  • জিলাৰ ৩০ গৰাকী নিৰ্বাচিত পশু পালকৰ অংশ গ্ৰহন 
দৈনন্দিন বাৰ্তাLive@(ছফিকুল ইছলাম),ধৰ্মশালা, ৭ ডিচেম্বৰঃ ধুবুৰীৰ চৰ অন্চলত ছাগলী পোহাৰ বাবে অতি উপযোগী ৷ ইয়াত কিছু উন্নত পদ্ধতিৰে ছাগলী পালন কৰি খেতিয়ক পশুপালক সকলে নিজৰ লগতে দেশৰ অৰ্থনীতিও শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ৷ ৰাষ্ট্ৰীয় পশুধন অভিযান,অসমৰ সৌজন্যত ধুবুৰী জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত ধুবুৰীত অনুষ্ঠিত হোৱা “বিজ্ঞান সন্মত ছাগলী প্ৰতিপালন”বিষয়ক এটি তিনিদিনীয়া প্ৰশিক্ষন শিবিৰ উদ্বোধন কৰি দিয়া ভাষণত জিলা উন্নয়ন আয়ুক্ত মাহমুদ হাছানে এইদৰে কয় ৷ জিলা গ্ৰামীন বিকাশ অভিকৰনৰ প্ৰশিক্ষন কক্ষত আজিৰে পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষন শিবিৰত বিশিষ্ট অতিথি হিচাপে অংশলৈ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই ছাগলী পালনক এক অতি প্ৰাচীন পৰম্পৰা আৰু ব্যৱসায় বুলি অভিহিত কৰি ইয়াৰ বিভিন্ন উপযোগিতাৰ বিষয়ে উল্লেখ কৰে ৷ তেওঁ এই পশুপালন ব্যৱসায়টো মহিলাৰ স্বাৱলম্বিতাৰ দিশৰ পৰাওঁ গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰে ৷ জিলা পশু চিকিৎসা বিষয়া ডা০ দিনেশ চন্দ্ৰ গগৈয়ে আতঁ ধৰা উদ্বোধনী সভাখনত সভাপতিত্ব কৰে জিলা পশুধন অভিযানৰ সদস্যা ফাৰহানা খাতুনে ৷ সভাত ডা০ গগৈয়ে দাঙি ধৰা তথ্য অনুসৰি ধুবুৰী জিলাত ২০১২ চনৰ জৰিপ মতে থকা গৰুৰ সংখ্যা হৈছে ৪-৪৪ লাখ, ছাগলী ২-৬৩ লাখ, আৰু ভেড়াৰ সংখ্যা ১-১৬ লাখ ৷ এই প্ৰশিক্ষন শিবিৰত আজি মহকুমা পশু চিকিৎসা বিষয়া আনোৱাৰ হুছেইন মোল্লা আৰু পানবাৰীৰ ভেড়া-ছাগলী পামৰ প্ৰৱন্ধক ডা০ উদয় সাহাই সমল ব্যক্তি হিচাবে অংশ গ্ৰহণ কৰে ৷ শিবিৰত ৩০ গৰাকী নিৰ্বাচিত পশু পালকে অংশ গ্ৰহন কৰে,যাৰ অধিকাংশই মহিলা ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here