Home মুখ্য পৃষ্ঠা নিচাযুক্ত দ্ৰব্য আৰু নৱ-প্ৰজন্ম

নিচাযুক্ত দ্ৰব্য আৰু নৱ-প্ৰজন্ম

122
0

                                          নিচাযুক্ত দ্ৰব্য আৰু নৱ-প্ৰজন্ম


ছিগাৰেটৰ পেকেটৰ ওপৰত লক্ষ্য কৰিলে স্পষ্ট দেখা যায় যে “smoking is injurious to health”  আৰু মদৰ বটলৰ ওপৰত লিখা থাকে “Drinking of liquor is injurious to health” ৷ কিন্তু আমি জানি বুজিও নুবুজাৰ ভাও জুৰি সেইবোৰ সেৱন কৰো৷ যাৰ বাবে নিচাযুক্ত দ্ৰব্যবোৰৰ জনপ্ৰিয়তা বহুত বেছি৷ সমাজৰ কিছুমান মানুহৰ ধাৰণা যে ছিগাৰেটে মনৰ ক্লান্তি আতৰাই দিয়ে আৰু মদে স্বাস্থ্য ৰক্ষা কৰে৷ বৰ্তমান মাদক দ্ৰব্য সেৱন আমাৰ সমাজত এটা ডাঙৰ সমস্যা হৈ পৰিছে৷ সমাজত উঠি অহা যুৱক-যুৱতিয়ে মুখত ছিগাৰেটলৈ মদৰ দোকাণত শাৰি শাৰি থিয় হৈ থকা দেখা যায় আনকি এই দ্ৰব্য সেৱন কৰা সকলে বিভিন্ন দুস্কাৰ্যৰ লগত জড়িত হৈ অৱশেষত বাতৰি শিৰোনামা দখল কৰিবলৈ সক্ষম হয়৷ কিন্তু এইবোৰৰ বাবে দায়ী কোন? পিতৃ-মাতৃ নে বৰ্তমানৰ আধুনিক সমাজ ব্যৱস্থা? আমাৰ সমাজত পশ্চিমীয়া সংস্কৃতি পালন কৰাত কোনো বাধা নাই আৰু অসমীয়া হৈ যে ধূতি-কুৰ্ত্তা পিন্ধিৱ লাগিব তেনে কোনো বাধ্য-বাধকতা নাই, কিন্তু সেইবুলি নিজকে পাহৰি পশ্চিমীয়া সংস্কৃতি পালন কৰাটো উচিত নহয়৷ মন কৰিলে দেখা যায় যে আমাৰ সমাজত আগৰে পৰা অত্যাধিক হাৰত ধপাত, ভাং, মদ আদিৰ প্ৰচলন হৈ আছে৷ আমাৰ ধুমপানকাৰী অভিভাৱক সকলে নিজৰ লৰা-ছোৱালীক দোকাণৰ পৰা পাণ, বিড়ি, ছিগাৰেট, গুটখা, চাধা ইত্যাধিবোৰ আনিবলৈ পঠোৱাৰ উদাহৰণ আমাৰ সমাজত বহুত আছে৷ গতিকে বুজা যায় যে সন্তান নিচাযুক্ত দ্ৰব্য সেৱন কৰাত অভিভাৱকৰ কম পৰিমানে হলেও দোষ আছে৷ এৰিষ্টটলৰ মতে সুস্থ দেহত সুস্থ মনৰ সৃষ্টি হয়৷ এজন সুস্থ সৱল মনৰ ছাত্ৰই কোনো ধৰণৰ ক্লান্তিত নোভোগে আৰু যদিও ভোগে তেন্তে সেই ক্লান্তি সৎ উপায়েৰে সহজতে দূৰ কৰিব পাৰি তেনে ক্ষেত্ৰত বৰ্তমান নৱ-প্ৰজন্মে লক্ষ্য কৰা বহুত বেছি দৰকাৰ৷ কোনো এজন লোক যদি সমাজ সেৱা কৰিব গৈছে বা আন কোনো সৎ কামত ব্ৰতী হৈছে তেন্তে তাত সহযোগ কৰাৰ সংখ্যা বহুত কম৷

 কিন্তু অসামাজিক কামত বেছি সংখ্যক লোকেই অতি আগ্ৰহী৷  গতিকে বুজা যায় যে এজনে নিচাযুক্ত দ্ৰব্য সেৱন কৰা দেখিলে তাৰ লগত আৰু দহজন সেই পথে গতি কৰে৷ বেয়া ৰাস্তাত গতি কৰা নৱ-প্ৰজন্মৰ বাবে এনেকুৱাই মূল কাৰণ৷ আৰ্থিক ভাৱে সচ্চল কিছুমান অভিভাৱকে নিজৰ লৰা-ছোৱালীক বাহিৰত ৰাখি পঢ়ুৱাই উচ্চ শিক্ষা লাভৰ আশাত৷ কিন্তু বাহিৰত গৈ অসৎ সংগৰ ছাঁ পাই মাদক দ্ৰব্যৰ কৱলত পঢ়ি তেওলোকৰ আচল উদ্দেশ্যৰ কথা পাহৰি যায়, ফলত মাক-দেউতাকৰ বুকুৰ সপোণ ভাঙি তচ-নচ হৈ যায়৷ লক্ষ্য কৰিলে দেখা যায় যে কৰ্ম সংস্থাপন বিহীন শিক্ষিত যুৱক-যুৱতী সকলে যেতিয়া জীৱনত প্ৰতিষ্ঠিত হোৱাৰ কোনো উপায় বা শিক্ষাৰ মূল্যহীনতাৰ কথা চিন্তা কৰি নিজৰ জীৱনৰ প্ৰতি থকা মোহ পাহৰি যায়, তেতিয়া তেও মাদক দ্ৰব্য সেৱন কৰাটো সাধাৰণ কথাত পৰিণত হৈ যায়৷ আন কিছুমান আকৌ তেওলোকৰ দুখ কষ্ট, সফলতা-বিফলতা আদি পাহৰি থাকিবলৈ মাদক দ্ৰব্য সেৱন কৰা দেখা যায়৷ মাদক দ্ৰব্য সেৱন কৰি পত্নীক শাৰিৰীক নিৰ্যাতন কৰা উদাহৰণ আমাৰ সমাজত বহুত আছে৷ নৱ-প্ৰজন্মৰ মাজত মাদক দ্ৰব্যৰ বহল ব্যৱহাৰৰ মাধ্যম এটা হৈছে বিজ্ঞাপন৷ ই চিৰন্তন সত্য৷ দূৰদৰ্শন, বাতৰি কাকত, চিনেমাত পৰিলক্ষিত হোৱা ড্ৰাগচ্, মদ আদিৰ প্ৰতি আকৰ্ষিত হৈয়ো এইবোৰ ব্যৱহাৰ কৰে৷ এই দুস্কাৰ্য সমূহ পৰিহাৰ কৰি, নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সমাজত সূ-নাগৰিকৰূপে প্ৰতিষ্টা হবলৈ এইবোৰ ত্যাগ কৰাটোৱেই নৱ-প্ৰজন্মৰ পক্ষে হিত, কাৰণ তেওঁলোকৰ সন্মুখত এটি সুন্দৰ ভৱিষ্যত ৰৈ আছে৷

 

                                                                                                                                                            ৰেজাউল কবিৰ, সোণতলী

                                                                                                                                                            ফোন নং – ৮১৩৩৮৪৬১৭৯

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here