Home মুখ্য পৃষ্ঠা উত্তৰ শালমাৰাত প্ৰধানমন্ত্ৰী উজ্জলা আচনিত ব্যাপক অনিয়ম

উত্তৰ শালমাৰাত প্ৰধানমন্ত্ৰী উজ্জলা আচনিত ব্যাপক অনিয়ম

237
0

উত্তৰ শালমাৰাত প্ৰধানমন্ত্ৰী উজ্জলা আচনিত ব্যাপক অনিয়ম ::

  • একেটা পৰিয়ালে  লাভ কৰিলে চাৰি – পাচঁটাকৈ ৰন্ধন  গেছৰ সংযোগ
  • বঞ্চিত বহু দৰিদ্ৰ পৰিয়াল

দৈনন্দিন বাৰ্তাLive@ ,  উত্তৰ শালমাৰা , ৯  ডিচেম্বৰ :: দেশৰ প্ৰতি গৰাকী মহিলাক উপযুক্ত সম্মান দিয়াৰ লক্ষ‍্য তথা প্ৰতি গৰাকী গৃহিণীৰ ৰান্ধনী ঘৰ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতিৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ মোদীয়ে ঘোষণা কৰিছিল প্ৰধান মন্ত্ৰী উজ্জালা  আচনি নামৰ এক মেগা আচনিৰ। যি আচনিৰ দ্বাৰা দেশৰ দৰিদ্ৰ পৰিয়ালৰ প্ৰতিগৰাকী মহিলালৈ চৰকাৰী ভাৱে বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল খোদ দেশৰ প্ৰধান মন্ত্ৰীয়েই । সেই মৰ্মে প্ৰতিশ্ৰুতি পালন কৰি প্ৰতিটো পঞ্চায়ততে  উক্ত আচনিখনৰ শুভাৰম্ভও কৰা হৈছিল । কিন্তু আৰম্ভণিতে যেন কেণা লাগিল এই ব্যয়বহুল আচনিখনত । দেশৰ দৰিদ্ৰ মহিলাৰ বাবে ৰূপায়িত এই আচনিখনত ব্যাপক অনিয়ম সংঘটিত হৈছে উত্তৰ শালমাৰা মহকুমাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত সৃজনগ্ৰাম , চক্ৰভৌম , আমবাড়ী – বাৰেগড়  , কাকৈজানা , উত্তৰ শালমাৰা আৰু  দেওঁহাটী গাওঁ পঞ্চায়তত । উক্ত গাওঁ পঞ্চায়ত কেইখনত  ৰন্ধন গেছৰ হিতাধিকাৰীৰ নামৰ তালিকাত বহু দৰিদ্ৰ পৰিয়ালৰ মহিলাৰ নাম বাদ পৰি যোৱাৰ বিপৰীতে তালিকাত স্থান পাইছে বহু ধনী ধনী পৰিয়ালৰ উপৰিও বহু চাকৰিয়াল ব্যক্তিৰ পত্নী তথা মাতৃৰ নাম । আনহাতে এখন পৰিয়ালৰ বাবে মাত্ৰ এটাহে গছ সংযোগৰ নিয়ম থকা আচনিখনত একেখন পৰিয়ালৰে চাৰি – পাচঁটাকৈ  নাম অন্তৰ্ভুক্ত হোৱা ঘটনাই আটাইকেইটা পঞ্চায়তৰ ৰাইজৰ মাজত আচনিখন যে দুৰ্নীতি মুক্ত নহয় সেই সন্দেহ ক্ৰমাৎ ঘনীভূত কৰি তুলিছে । তাৰোপৰি পূৰ্বতেও গেছসংযোগ লাভ কৰা তথা নিজৰ নামত গেছ সংযোগ লোৱা মহিলাৰ লগতে বহু মৃত মহিলাৰ নামো হিতাধিকাৰীৰ নামৰ তালিকাত নাম সন্নিবিষ্ট হোৱাত আচনিখনৰ মূল লক্ষ‍‍্য ই কাৰ্য্যত বুমেৰাং হৈ পৰিছে । সেয়েহে পঞ্চায়তকেইখনৰ স্থানীয় ৰাইজে এই বিষয়ত এক উচিত তদন্ত দাবী কৰি হিতাধিকাৰীৰ তালিকা সমূহ পুনৰীক্ষন কৰি উক্ত তালিকাত বঞ্চিত দৰিদ্ৰ পৰিয়ালৰ নাম সন্নিবিষ্ট কৰি ধনীক শ্ৰেণীখিনিৰ নামসমূহ কৰ্তন  কৰিবলৈ সাজোৰে দাবী উথথাপন কৰিছে । কিন্তু প্ৰশ্ন হয় সততে দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি শূন‍্য সহনশীলতাৰ কথা কোৱা  শাসনাধিস্থ চৰকাৰ খনে এই বিষয়ত উচিত পদক্ষেপ লৱ পাৰিবনে ?

LEAVE A REPLY

Please enter your comment!
Please enter your name here