Home মুখ্য পৃষ্ঠা দৰং জিলাৰ খেলজগতলৈ হকী খেলৰ অন্তৰ্ভুক্তিৰে এটি নতুন দিগন্তৰ সুচনা

দৰং জিলাৰ খেলজগতলৈ হকী খেলৰ অন্তৰ্ভুক্তিৰে এটি নতুন দিগন্তৰ সুচনা

200
1

 দৰং জিলাৰ খেলজগতলৈ হকী খেলৰ অন্তৰ্ভুক্তিৰে এটি নতুন দিগন্তৰ সুচনা

*( হেমচন্দ্ৰ পাঠক)

প্ৰথমবাৰৰ বাবে দৰং জিলা হকী সংস্থাৰ উদ্যোগত কেন্দ্ৰীয় বিদ্যালয়, মঙ্গলদৈৰ সহযোগত পষেকযোৰা হকীখেলৰ প্ৰশিক্ষণৰ শুভাৰম্ভনী কৰা হয়৷ ইয়াৰ পৰাই নিৰ্বাচিত খেলুৱৈয়ে 18 ডিচেম্বৰ/2017 ৰ পৰা তিনচুকীয়াত হৱ লগা জুনিয়ৰ লেভেল আৰু 22, ডিচেম্বৰ/2017 ৰ পৰা মাকুমত হৱ লগা চাব-জুনিয়ৰ ৰাজ্যিক হকী টুৰ্ণামেন্টত দৰং হকী দলে অংশগ্ৰহণ কৰিৱ৷ অসম ৰাজ্যিক হকী সংস্থাৰ কাৰ্য্যকৰী সভাপতি কিশোৰ জয়ন্ত মাধৱ আৰু সাধাৰণ সম্পাদক তপন দাসৰ উপস্থিতিয়ে খেলুৱৈ সকলক উৎসাহিত কৰে৷ প্ৰশিক্ষণ শিবিৰটোত উত্তৰ প্ৰদেশৰ ৰাজ্যিক পৰ্য্যায়ৰ খেলুৱৈ বিজয় সিঙে প্ৰশিক্ষক হিচাপে শিকোৱাৰ লগতে সহযোগ কৰিছে উত্তৰ প্ৰদেশৰ ৰাজ্যিক খেলুৱৈ আলফেজ খান আৰু স্থানীয় খেলুৱৈ সঞ্জয় চহৰীয়াই ৷

  • অসমৰ ক্ৰীড়াজগতৰ উত্তৰণৰ দ্বাৰা অসমক ক্ৰীড়া জগতৰ ৰাজধানী বনাবলৈ লোৱা সংকল্পৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী  শ্ৰীযুত সৰ্বানন্দ সোনোৱাল দেৱৰ প্ৰচেষ্টাৰে এইয়া এক অংশ৷

 

  • ৰাজ্যিক হকী সংস্থাৰ বিষয়ববীয়া সকলৰ সৈতে বিধায়ক গুৰুজ্যোতি দাসে বিভিন্ন স্থান পৰিদৰ্শন কৰি অচিৰেই এখনি হকী ফিল্ড বনাৱলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ লগতে হকীক প্ৰতিটো স্তৰৰ লোকৰ মাজলৈ লৈ যোৱাৰ পৰিকল্পনাৰে এলানি কাৰ্য্যসুচী লোৱা হয়

 

 

দৰং জিলা হকী সংস্থাৰ
সাধাৰণ সম্পাদক : মৃণালজ্যোতি  চহৰীয়া
যুটীয়া সম্পাদক: মৃদুল চহৰীয়া
সভাপতি : গুৰুজ্যোতি দাস, বিধায়ক৷

1 COMMENT

  1. I simply want to say I am new to blogging and site-building and honestly enjoyed you’re web site. Likely I’m planning to bookmark your blog post . You amazingly have fabulous writings. Thanks for revealing your web page.

LEAVE A REPLY

Please enter your comment!
Please enter your name here