Home মুখ্য পৃষ্ঠা পুৰণিগুদামত শ্বহীদ দিৱসৰ আয়োজন

পুৰণিগুদামত শ্বহীদ দিৱসৰ আয়োজন

117
0
Website and Internet concept with news word on four paper post it isolated on white background.

:পুৰণিগুদামত শ্বহীদ দিৱসৰ আয়োজন:

 

(দিব্যজ্যোতি ভূঞা)নিজা প্ৰতিবেদক, চামগুৰি, 9 ডিচেম্বৰ:- পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ড’ বিৰিঞ্চি কুমাৰ বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত পুৰণিগুদামত অহা দহ ডিচেম্বৰত দিনযোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপনৰ প্ৰস্ততি চলিছে৷ পুৰণিগুদাম ড’ বিৰিঞ্চি কুমাৰ বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা 9-30 বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব  পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি পিংকুমণি বৰাই, পুৱা দহ বজাত নৱ নিৰ্মিত শ্বহীদ বেদী উন্মোচন কৰিব আছু উপ-সভাপতি মণি মাধৱ মহন্তই, দিনৰ এঘাৰ বজাত শ্বহীদ তৰ্পণ কৰিব বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰণজিৎ গায়নে৷ দিনৰ 11-30 বজাত শিক্ষাবিদ পুলিন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া শ্বহীদ স্মৃতিচাৰণ সভাত আছুৰ উপ-সভাপতি মণি মাধৱ মহন্ত মুখ্য অতিথি আৰু আছুৰ কাৰ্যনিৰ্বাহক সদস্য মৃদুল হাজৰিকা, বিদ্যানিকেতনৰ সভাপতি পূৰ্ণানন্দ ভূঞা,আছুৰ জিলা সভাপতি অভিজিৎ দাস,সম্পাদক মুন্না শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব৷ উক্ত সভাতে পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আৰু প্ৰাক্তন সম্পাদকসকলক সম্বৰ্ধনা জনোৱা হ’ব৷সন্ধ্যা পাঁচ বজাত বন্তি প্ৰজ্বলন কৰিব নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক ৰঞ্জন শৰ্মা আৰু পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক জিতেন গায়নে৷ শ্বহীদ দিৱসৰ সমুহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি শ্বহীদ দিৱস উদযাপন সমিতিৰ সভাপতি-সম্পাদক পূৰ্ণানন্দ বাৰিক-ৰন্টু শৰ্মা আৰু পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ৰাজশেখৰ বৰাই আন্তৰিকতাৰে কামনা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here