Home মুখ্য পৃষ্ঠা বকোৰ বিদ্যানগৰ বজাৰত অবাধে চলিছে তীৰ খেল

বকোৰ বিদ্যানগৰ বজাৰত অবাধে চলিছে তীৰ খেল

194
0
Website and Internet concept with news word on four paper post it isolated on white background.

বকোৰ বিদ্যানগৰ বজাৰত অবাধে চলিছে তীৰ খেল
   বন্ধৰ দাবী- আৰক্ষী-প্ৰশাসনক

(মিজানুৰ ৰহমান)নগৰবেৰাঃ১১ ডিচেম্বৰঃকামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ একাংশ স্হানত চুলাই মদৰ লগতে তীৰ খেলৰ অবাধ বেহা দীৰ্ঘ দিন ধৰি চলি অহাত সম্প্ৰতি ইয়ে এক ভয়ংকৰ ৰূপ ধৰাৰ পিনে অগ্ৰসৰ হৈছে।এনে মদ আৰু তীৰ খেলৰ কবলত একাংশ লোকে সৰ্বস্বান্ত হোৱাৰ লগতে বিপথে পৰিচালিত হোৱাৰঅভিযোগ উত্থাপিত হৈছে। সমষ্টিটোৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নাইটৰ-বিদ্যানগৰ আঞ্চলিক বজাৰত চলা অবৈধ তীৰ খেলৰ প্ৰতি বহুতোৱে আকৰ্ষিত হৈ ভৱিষ্যত অন্ধকাৰৰ পিনে গতি কৰিছে।ইতিমধ্যে বজাৰ খনত চলা অবৈধ তীৰ খেল বন্ধ কৰাৰ দাবীত একাংশ ৰাইজ সৰৱ হৈ পৰিছে।তদুপৰি ৰাইজৰ হৈ এগৰাকী লোকে বজাৰ খনত চলা তীৰ খেল বন্ধ কৰিবলৈ স্হানীয় আৰক্ষী থানাত এক আবেদন দাখিল কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here