Home মুখ্য পৃষ্ঠা পশ্চিম গুৱাহাটীৰ মফিজউদ্দিন আহমেদ প্ৰাথমিক বিদ্যালয়ৰ নাই শ্ৰেণী কোঠা : আন্তঃগাঁথনি...

পশ্চিম গুৱাহাটীৰ মফিজউদ্দিন আহমেদ প্ৰাথমিক বিদ্যালয়ৰ নাই শ্ৰেণী কোঠা : আন্তঃগাঁথনি অবিহনে পাঠদান

102
0

পশ্চিম গুৱাহাটীৰ মফিজউদ্দিন আহমেদ প্ৰাথমিক বিদ্যালয়ৰ নাই শ্ৰেণী কোঠা :

  • আন্তঃগাঁথনি অবিহনে পাঠদান

দৈনন্দিন বাৰ্তা lIVE@(ধনঞ্জয় কুমাৰ বৰ্মন) আজাৰা , ১৩ ডিচেম্বৰ : ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই শিক্ষাৰ উন্নয়নৰ ঢাক-ঢোল বজোৱাৰ সময়তে শিক্ষা বিভাগৰ কোনো এখন অভিলাষী আঁচনিয়েই ঢুকি নোপোৱা বিদ্যালয় হল ৫৪ নং পশ্চিম গুৱাহাটীৰ অন্তৰ্গত পাচনীয়া পাৰাৰ মফিজউদ্দিন আহমেদ প্ৰাথমিক বিদ্যালয় ।উল্লেখযোগ্য যে ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত  বঙৰাৰ পাচনীয়া পাৰাৰ প্ৰাথমিক বিদ্যালয় খন ২০১৩ চনত চৰকাৰী কৰণ কৰা হয় যদিও আজিলৈকে কোনো ধৰণৰ চৰকাৰী সা-সুবিধা লাভ কৰিবলৈ সক্ষম নহল বুলি অভিযোগ উত্থাপন হৈছে । বিদ্যালয় খন ছাত্ৰ ছাত্ৰী অনুপাতে যথেষ্ট ঠেক । বহিবলৈ নাই শ্ৰেণী কোঠা । এটা কোঠালীতে ভাগ ভাগ কৰি চাৰিটা -পাচটা শ্ৰেণী কোঠা সজাই কৰিছে পাঠদান । এনেকি ৰান্ধনী ঘৰতো গ্ৰহণ কৰিবলগীয়া হৈছে পাঠদান শ্ৰেণী কোঠাৰ অভাৱত । তাৰোপৰি চৰকাৰী বিদ্যালয় খনৰ নাই চাৰিসীমাৰ দেৱাল । যাৰ ফলত বিদ্যালয় খন হৈ পৰিছে গৰু-ছাগলীৰ বাবে চৰণীয়া পথাৰ । ইয়াৰোপৰি বাৰিষাৰ দিনত পানীৰে আগুৰি থকা বিদ্যালয় খনত প্ৰৱেশ কৰিব নোৱাৰে ছাত্ৰ ছাত্ৰী । উল্লেখ্য যে ১৯৯৬ চনত স্থাপিত হোৱা বিদ্যালয় খন ২০১৩ চনত চৰকাৰী কৰণ কৰাৰ পিছতো চৰকাৰে বিদ্যালয় খনৰ আন্তঃগাথনিত কিয় গুৰুত্ব দিয়া নাই সেয়া অঞ্চলটোৰ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীৰ অবিভাৱকৰ এক সাঁথৰ হৈ পৰিছে । আনহাতে অভিযোগ অনুসৰি বহুবাৰ শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াৰ লগতে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক বিদ্যালয় খনৰ আন্তঃগাঁথনি তথা দুৰৱস্থাৰ বিষয়ে অৱগত কৰিছিল যদিও আজিলৈকে কোনো সুফল নাপালে । এই ক্ষেত্ৰত প্ৰভাৱশালী
মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কি পদক্ষেপ গ্ৰহণ কৰে সেয়াই লক্ষ্যনীয় ।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here