Home মুখ্য পৃষ্ঠা ওৰাং মৌজাৰ গেলাবিল উচ্চ মাধ্যমিক বিদ্যালয়:বিদ্যালয় গৃহ,শ্ৰেণী কোঠা নিৰ্মান,আন্ত:গাঁঠনি উন্নত কৰাৰ দাবী

ওৰাং মৌজাৰ গেলাবিল উচ্চ মাধ্যমিক বিদ্যালয়:বিদ্যালয় গৃহ,শ্ৰেণী কোঠা নিৰ্মান,আন্ত:গাঁঠনি উন্নত কৰাৰ দাবী

101
0
ওৰাং মৌজাৰ গেলাবিল উচ্চ মাধ্যমিক বিদ্যালয়:বিদ্যালয় গৃহ,শ্ৰেণী কোঠা নিৰ্মান,আন্ত:গাঁঠনি উন্নত কৰাৰ দাবী
  • বিদ্যালয় গৃহ,শ্ৰেণী কোঠা নিৰ্মান,আন্ত:গাঁঠনি উন্নত কৰাৰ দাবী
দৈনন্দিন বৰ্তাLIVE@(নব কুমাৰ ডেকা,)ওদালগুৰি,১৩ ডিচেম্বৰ:-
ওদালগুৰি জিলাৰ ৭০ নং মাজবাট বিধানসভা সমষ্টি তথা মাজবাট ৰাজহ চক্ৰৰ অধীনস্থ ৰৌতা পৰিষদীয় সমষ্টি তথা ওৰাং মৌজাৰ অন্তৰ্গত ৰাজহ গাওঁ গেলাবিল গাওঁখনৰ ১৫% কৃষিজীৱি লোক হোৱাৰ উপৰিও ৯৯% শতাংই দ্ৰৰিদ্ৰ সীমাৰোখাৰ তলত কোনোমতে জীৱন নিৰ্বাহ কৰি আহিছে । যোৱা ২০/১২/১৯৯২ চনত এখন ৰাজহুৱা সভাৰ জৰিয়তে এই দৰিদ্ৰ অঞ্চলত ছাত্ৰ-ছাত্ৰীসকলক বাহিৰলৈ গৈ শিক্ষা লব অসমৰ্থ হোৱাত কেইগৰাকীমান সমাজ সচেতন নাগৰিক কৃষ্ণ বৰাক সভাপতি, পদ্ম ডেকাক উপ-সভাপতি, প্ৰমোদ বৈশ্যক সম্পাদক, ৰূপম কুমাৰ ডেকাক সহঃসম্পাদক,  আদিক লৈ গঠিত পৰিচালনা সমিতিৰ উদ্যোগত গেলাবিল উচ্চ মাধ্যমিক বিদ্যালয় নামেৰে বিদ্যালয় এখন প্ৰতিষ্ঠা কৰা হৈছিল । চাহ জনগোষ্ঠী ৬০%, জনজাতি ১৫%, অনুসুচিত জাতি ১৫%, আৰু অন্যান্য ১০% শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খন যোৱা ০১-০১-১৯৯৩ চনতে স্থাপিত, স্বীকৃতীপ্ৰাপ্ত ২০০১ আৰু প্ৰাদেশীকৃত ০১/০১/২০০৩ চনতে কৰা হয় । গেলাবিলৰ লগতে নিকটবৰ্তী প্ৰায় ২০ খন ৰাজহ গাওঁৰ ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যায়ন কৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী এতিয়াও একান্ত বাধ্য ছাত্ৰ হিচাবে পৰিচয় দাঙি ধৰি আহিছে । বৰ্তমান সমাজ উশৃংখল হৈ থকাৰ পিছতো বিদ্যালয়খন শৃংখলাবদ্ধ, অনুশাসন, পৰিপাটী, নিয়মানুবৰ্তীতা, নম্ৰ আচাৰ ব্যৱহাৰ, শিষ্টাচাৰ আদি চকুত লগা বিধৰ হৈ পৰিছে । আৰু সদায় আদৰণীয় আৰু প্ৰশংসনীয়া হৈ উঠিছে । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিদিনে প্ৰাত: ৯.১৫ বজাত নামঘোষাৰ প্ৰাৰ্থনা আৰু Motivation Song ৬(ছয়)টাৰ ভিতৰত নিয়মীয়াকৈ ৩(তিনি) টা সংগীত অসমীয়া আৰু ইংৰাজী ভাষাৰ প্ৰাৰ্থনা কৰে । ছাত্ৰ-ছাত্ৰীসকলে দৈনিক এটি সংস্কৃত শ্লোক, দৈনিক বাতৰি কাকত সমূহৰ শিৰোনামাৰ বাতৰি আৰু মহৎ লোকৰ বাণী পাঠ কৰে । বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দে, সহ শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে লাহেশ্বৰী ডেকা, দেবী প্ৰসাদ উপাধ্যায়, স্বপনালী বৰা, নিৰলা শৰ্মা, দিপক বৈশ্য, প্ৰনব জ্যোতি সুবেদী, ৰীপামনি শৰ্মাই নিয়মীয়াকৈ শিক্ষাদান কৰাৰ লগতে কাৰ্য্যালয় সহায়ক বেনুধৰ প্ৰসাদ উপ্যাধ্যায়, ৪ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী গিৰিবালা বৈশ্যই নিজা কৰ্তব্য অতি নিষ্ঠা সহকাৰে সেৱা আগবঢ়ায় আহিছে । সম্প্ৰতি বিদ্যালয়খনৰ চাৰিসীমাৰ ওখ পকী বেৰ, কম্পিউটাৰ,প্ৰধান শিক্ষকক কাৰ্য্যলয় শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ সুকীয়া-সুকীয়াকৈ জিৰণী কোঠা, পুথিভড়াল আৰু অধ্যয়ন কক্ষ্য, প্ৰেক্ষাগৃহ,বিশুদ্ধ খোৱাপানী,চাইকেল ষ্টেণ্ড, আৰ্থ ফিলিং আদি সমস্যাৰে জৰ্জৰিত  হৈ আহিছে ৷যদিও  ১৫ নং ৰাষ্টীয় ঘাই পথৰ গেলাবিলত  অৱস্থিত এই বিদ্যালয়খন ওৰাং মৌজাৰ ভিতৰত এখন আদৰ্শ বিদ্যালয় হিচাপ পৰিগনিত হৈ আহিছে ৷ আৰু বিদ্যালয়ৰ দ্ৰৰিদ্ৰ শ্ৰেনীৰ ছাত্ৰ ছাত্ৰী সকলে বছৰ বছৰ ধৰি প্ৰতিদিনে  যথেষ্ট অসুবিধা, অভাব-অভিযোগৰ মাজেৰে ছাত্ৰী-ছাত্ৰীসকলে নিয়মীয়াকৈ পাঠ দান গ্ৰহণ কৰি আহিবলৈ সক্ষম হৈছে । শিক্ষা বিভাগ, সংশ্লিষ্ট কতৃপক্ষৰ সকলোবোৰ নীতি-নিৰ্দেশনা, দৈনিক দিনপঞ্জী, গুণ উৎসৱ, কৰ্মসুচী, আঁচনি সমূহ সুচাৰুৰূপে পালন কৰি আহিছে বিদ্যালয়খনে । তদুপৰি বিদ্যালখনত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত ভাতৃত্বৱোধ,আন্তৰিকতা,  সমন্বয় ,সামাজিক দায়বদ্ধতা,গঢ়ি উঠিছে । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে NCC, বিভিন্ন বিভাগত পাৰদশিতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । গতিকে এইখন বিদ্যালয়ৰ সমস্যাবোৰ স্থায়ী সমাধান কৰি বিদ্যালয়খনক এখন  আদৰ্শ বিদ্যালয় হিচাপ ঘোষনা  কৰিবলৈ  নাগৰিক-সাংবাদিক অধিকাৰ সুৰক্ষা সমিতিৰ ওদালগুৰি জিলা  সমিতিএ চৰকাৰ,সংশ্লিষ্ট বিভাগ,কৰ্তৃপক্ষক দাবী জনাইছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here