Home মুখ্য পৃষ্ঠা অসম সাহিত্য সভাৰ ভোটদানৰ পৰা বঞ্চিত ওদালগুৰি সাহিত্য সভা

অসম সাহিত্য সভাৰ ভোটদানৰ পৰা বঞ্চিত ওদালগুৰি সাহিত্য সভা

125
0
Website and Internet concept with news word on four paper post it isolated on white background.
অসম সাহিত্য সভাৰ ভোটদানৰ পৰা বঞ্চিত ওদালগুৰি সাহিত্য সভা:
  • জিলা সাহিত্য সভাক জগৰীয়া কৰি অসম সাহিত্য সভালৈ প্ৰস্তাব প্ৰেৰণ
দৈনন্দিন বাতাLive@(নব কুমাৰ ডেকা)ওদালগুৰি, ১৩ ডিচেম্বৰ: অসম সাহিত্য সভাৰ২০১৮-২০ বৰ্ষৰ ভোটদানৰ পৰা ওদালগুৰি শাখা সাহিত্য সভাই ভোটদান কৰাৰ পৰা বঞ্চিত হোৱা সন্দৰ্ভত যোৱা সাত ডিচেম্বৰত সভাপতি গৌতম জ্যোতি তালুকদাৰৰ সভাপতিত্বত এখনি সভা অনুস্ঠিত হৈ যায় ।
সম্পাদক দ্বিজেন্দ্ৰ বায়নে আত ধৰা সভাত উপদেষ্টা মানিক চন্দ্ৰ শৰ্মা, উপ সভাপতি ধীৰেন্দ্ৰ নাথ বৰুৱা, সাংগঠনিক সম্পাদক অখিল কলিতা, বীণাপাণি দেৱী, প্ৰাক্তন সভাপতি পানুৰাম নাথ, ভবেশ দত্ত আদিয়ে শাখা সাহিত্য সভাই ভোটদানৰ পৰা বঞ্চিত হোৱা কাৰ্যত ক্ষোভ প্ৰকাশ কৰি জিলা সাহিত্য সভাক জগৰীয়া কৰে আৰু কি কাৰণত ভোট দিব পৰা নগল এই সন্দৰ্ভত কৈয়ফিয়ৎ তলবৰ আহ্বান জনাই অসম সাহিত্য সভালৈ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে । সভাৰ প্ৰস্তাৱ  মৰ্মে- অসম সাহিত্য সভাৰ ২০১৮-২০বৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ পদত ভোটদানৰ পৰা বঞ্চিত হোৱাৰ বাবে ওদালগুৰি সাহিত্য সভাক জগৰীয়া কৰি প্ৰস্তাব গ্ৰহণ কৰা হয় । দ্বিতীয় প্ৰস্তাৱ মৰ্মে- যিহেতু ওদালগুৰি শাখা সাহিত্য সভাকে ধৰি জিলাখনৰ ১৩টা শাখাই ভোটদানৰ পৰা বঞ্চিত হল, সেয়ে তেনে শাখা  সমূহক দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুস্ঠিত কৰি হলেও ভোট দিয়াৰ ব্যৱস্হা কৰিবলৈ অসম সাহিত্য সভা আৰু নিৰ্বাচন পৰিচালনা সমিতিক অনুৰোধ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । তৃতীয় প্ৰস্তাৱ মৰ্মে- অসম সাহিত্য সভাৰ নিৰ্বাচন সন্দৰ্ভত শতবৰ্ষ বটাঁ প্ৰাপ্ত ওদালগুৰি শাখা সাহিত্য সভাই কি কাৰণত অসম সাহিত্য সভা অথবা ওদালগুৰি জিলা সাহিত্য সভাৰ জৰিয়তে কোনো নীতি-নিৰ্দেশনাৰ প্ৰ-পত্ৰ কিয় পোৱা নহল এই ক্ষেত্ৰত এক তদন্ত সমিতি গঠন কৰি অহা ২৮ ডিচেম্বৰৰ পূৰ্বে নিৰপেক্ষ তদন্তৰে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম সাহিত্য সভালৈ আহ্বান জনায় সিদ্ধান্ত গ্ৰহণ কৰা হয় । উক্ত সভাৰ প্ৰস্তাব সমূহৰ সদূত্তৰ বিচাৰি যোৱা ১১ডিচেম্বৰত অসম সাহিত্য সভাৰ সভাপতি  আৰু প্ৰধান সম্পাদকলৈ প্ৰেৰণ কৰা হৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here