Home মুখ্য পৃষ্ঠা  ন খাই অসুস্থ চৰাইদেউৰ ১৭ গৰাকীকৈ লোক

 ন খাই অসুস্থ চৰাইদেউৰ ১৭ গৰাকীকৈ লোক

126
0

ন খাই অসুস্থ চৰাইদেউৰ ১৭ গৰাকীকৈ লোক

দৈনন্দিন বাৰ্তা Live @ সোণাৰিৰপৰা অভিজিৎ ভূঞাৰ প্ৰতিবেদন,১৩ ডিচেম্বৰ : চৰাইদেউ জিলাৰ মাহমৰাত ন খাই কেইবাগৰাকী লোক অসুস্থ হৈ পৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পাৰ মতে, মাহমৰাৰ চেঙেলীমৰাত এগাৰকী লোকৰ ঘৰত মঙলবাৰে নিশা ন-খোৱা অনুষ্ঠানত নিশাৰ আহাৰ খাই অসুস্থ হৈ পৰে প্ৰায় ১৭গৰাকী লোক | মঙলবাৰে গাঁও খনৰ অকণি হাতীমুৰীয়া নামৰ লোকজনৰ ঘৰত ন-খোৱা অনুষ্ঠিত হৈছিল। ন-খোৱা অনুষ্ঠানত আন খাদ্যৰ লগত আমূল পেকেটৰ গাখীৰ মিহলাই খোৱাৰ পিছতে ৮ গৰাকী মহিলা, ৪গৰাকী শিশু  সহ ১৭গৰাকী লোক গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে। নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছতে মূৰৰ বিষ, পেটৰ বিষ আৰু বমি-শৌচ আদি হবলৈ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰে ৭গৰাকীৰ অৱস্থা সংকট জনক। অসুস্থ আটাইকে চৰাইদেউ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আনহাতে তিনিগৰাকীক উন্নত চিকিৎসা বাবে ডিব্ৰুগড়লৈ লৈ প্রেৰণ কৰে চিকিসকে |

LEAVE A REPLY

Please enter your comment!
Please enter your name here