Home মুখ্য পৃষ্ঠা নগাঁৱত বৃদ্ধি হৈছে হাতী মানুহৰ সংঘাত

নগাঁৱত বৃদ্ধি হৈছে হাতী মানুহৰ সংঘাত

219
0

নগাঁৱত বৃদ্ধি হৈছে হাতী মানুহৰ সংঘাত

=> ননৈ -কন্দলি অঞ্চলত হাহাকাৰ পৰিস্থিতি

দৈনন্দিন বাৰ্তা Live, জিলা প্ৰতিনিধি,দীপজ্যোতি শইকীয়া,নগাঁও ১৫ ডিচেম্বৰ :: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো হাতী মানৱৰ সংঘাতে চৰম সীমা অতিক্ৰম কৰিছে। ক্ৰমাগত ভাৱে বৃদ্ধি পাব ধৰিছে হস্তী মানৱৰ সংঘাট। জিলা খনৰ বিভিন্ন অঞ্চলত আজি কিছুদিনৰ পৰা জাকে জাকে বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ অৱ্যাহত ৰখাত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।জিলাখনৰ কলিয়াবৰ, চামগুৰি,চাপানলা,কঠিয়াতলি কন্দলী অঞ্চলত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই বহুতৰে ঘৰ দুৱাৰ ভাঙাৰ লগতে খেতি পথাৰৰ বিস্তৰ ক্ষতি সাধন কৰিছে। উল্লেখ্য যে নবেম্বৰ মাহৰ পৰা বৰ্তমানলৈ চাৰিটা হাতী বিদ্যুত পৃষ্ঠ হৈ মৃত্যুমুখত পৰিছে।শেহতীয়াকৈ জিলা খনৰ কন্দলী পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত দীৰ্ঘ দিন ধৰি বনৰীয়া হাতীৰ এটা জাকে সন্ত্ৰাস চলোৱাৰ পিছত এতিয়া ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ন-ন অঞ্চলত সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে। আনহাতে যোৱানিশা কাহিলি পুৱাতে এটা বৃহৎ হাতীৰ জাক ৰাঙলুৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ প্ৰবেশ কৰে ননৈ অঞ্চলৰ শলমাৰী,গোমোঠা গাওঁ,কচুপিট,চকৰিগাও আদি অঞ্চলত আৰু কৃষকৰ ধান সৰিয়হ কুহিয়াঁৰ আদি খাই তহিলং কৰে।উল্লেখ্য যে এই বনৰীয়া হাতীৰ জাকটোৱে যোৱা নিশা ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ ফলত বহু সময় ধৰি যান বাহন চলাচল ব্যাহত হৈ পৰে ।আজি বিয়লিলৈকে হাতীৰ জাকটোৰ তান্ডৱ অৱ্যাহত ৰাখে । ননৈ অঞ্চলত বিচৰণ কৰি থকা হাতীৰ জাকটো খেদি পঠোৱাত বন বিভাগে বলিষ্ঠ ভূমিকা গ্ৰহণ নকৰাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।।লক্ষ্যণীয় যে জিলা খনৰ ৰাইজক বনৰীয়া হাতীৰ পৰা ৰক্ষণাবেক্ষণ দিয়াত নগাঁও বন বিভাগ সফল হ’ব পৰা নাই। উল্লেখনীয় যে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰাইজক ৰক্ষণাবেক্ষণ দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি কিছুদিন পূৰ্বে কন্দলি অঞ্চলৰ একাংশ লোকে বন কৰ্মীক আক্ৰমণ কৰিছিল। এই সন্দৰ্ভত বন বিভাগৰ অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছিল। জিলা খনৰ বিভিন্ন বনাঞ্চলত খাদ্যৰ অভাৱৰ বাবাই সন্ধিয়া হলেই হাতীৰ জাক জনাঞ্চললৈ নামি আহি উপদ্ৰৱ চলাই আহিছে।তাৰোপৰি বনাঞ্চল সমূহত বেদখল হোৱাৰ ফলত হাতীৰ উপযোগী বাসস্থানৰ অভাৱ ঘটিছে।বিগত দিন সমূহত ৰাজ্য চৰকাৰে এই দিশত গুৰুত্ব প্ৰদান নকৰাৰ বাবেই হাতী মানুহৰ সংঘাত তীব্ৰতৰ হৈ উঠিছে। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা জনসাধাৰণক নিৰাপত্তা দিবলৈ ৰাইজে দাবী জনাইছে। এই ক্ষেত্ৰত চৰকাৰ আৰু বন বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here