Home মুখ্য পৃষ্ঠা নগাঁও কাণ্ডৰ মুল অভিযুক্তৰ অসমীয়াৰ বুকুৰ আপোন হোৱাৰ চেষ্টা

নগাঁও কাণ্ডৰ মুল অভিযুক্তৰ অসমীয়াৰ বুকুৰ আপোন হোৱাৰ চেষ্টা

273
0

নগাঁও কাণ্ডৰ মুল অভিযুক্তৰ অসমীয়াৰ বুকুৰ আপোন হোৱাৰ চেষ্টা

=> ১৪ টা অৰাজনৈতিক সংগঠনক আলোচনালৈ আমন্ত্ৰণ কৰি প্ৰীতি ভোজৰ আয়োজন

=> নগাঁৱত সৰ্বত্ৰে প্ৰতিক্ৰিয়া

দৈনন্দিন বাৰ্তা Live,দীপজ্যোতি শইকীয়া,জিলা প্ৰতিনিধি, নগাওঁ ,১৫ ডিচেম্বৰ: নগাঁৱৰ এক অনাঅসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠানত বিগত ২২ আগষ্টত অসমীয়া যুবকক নিৰ্মমভাবে প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে অভিযুক্ত ব্যৱসায়িক প্ৰতিষ্ঠান মেচাৰ্চ দাস এজেঞ্চিৰ তিনি স্বতাধিকাৰীয়ে কলংকিত বিষয়টো ঢাক খুৱাবৰ বাবে ১৪টা অৰাজনৈতিক সংগঠনলৈ পত্ৰ প্ৰেৰণ কৰি এক সভা তথা প্ৰীতিভোজলৈ নিমন্ত্ৰণ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ প্ৰতিষ্ঠানখনৰ তিনি স্বত্বাধিকাৰী তথা তিনি ককাই- ভাই মনোৰঞ্জন দাস, ৰাজু দাস, নিৰ্ধন দাসৰ নামত লিখিত পত্ৰখনত সেই দিনাৰ ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰি সংগঠন কেইটাৰ লগত এক আলোচনাত বহিবলৈ অহা ১৮ ডিচেম্বৰৰ দুপৰীয়া ১২ বজাত বিলাসী হোটেল নগাঁও পইন্টলৈ নিমন্ত্ৰণ জনোৱা হৈছে ৷ পত্ৰখনত যি কেইটা সংগঠনক নিমন্ত্ৰণ জনোৱা হৈছে তাৰ ভিতৰত উল্লেখ আছে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছু, অসম সেনা, তিৱা ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা আদি ৷ থলুৱা যুৱকক ষড়যন্ত্ৰ কৰি ডকাইত সজাই নিৰ্মম ভাৱে প্ৰহাৰ কৰি সমগ্ৰ ৰাজ্যতে উত্তেজনাৰ সৃষ্টি কৰা ঘটনাৰ জেল ফেৰৎ অপৰাধী ব্যৱসায়ীকেইজনে এনেদৰে জাতীয় সংগঠনক নিজৰ স্বাৰ্থত ব্যবহাৰ কৰিব বিচৰা ঘটনাত ক্ষুব্ধ হৈ পৰিছে সংশ্লিষ্ট সংগঠনসমুহ ৷ অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা প্ৰবীন চন্দ্ৰ দাসে কয় যে নগাঁও কাণ্ডৰ ঘটনাৰ পৰা শিক্ষা লব নিবিচৰা উক্ত ব্যৱসায়ী কেইজনৰ এয়া উৰ্ধতালিৰ বাহিৰে একো নহয় ৷ আমাৰ সহনশীলতাক দূৰ্বলতা বুলি ভবাটো তেওঁলোকৰ চুড়ান্ত মূৰ্খামি ৷ এনে পত্ৰ জাতীয় সংগঠনলৈ প্ৰেৰণ কৰিবলৈ তেওঁলোকে ক’ত সাহস পালে বুলিও প্ৰশ্ন কৰে। আনহাতে, প্ৰাক্তন আলফা ঐক্যমঞ্চৰ নগাঁও জিলা সমিতিৰ সভাপতি স্বপ্নীল ডেকাৰজাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে খিলঞ্জীয়াক আক্ৰমণকাৰী অনা অসমীয়া অপৰাধী ব্যৱসায়ীৰ লগত কোনো বুজাবুজিৰ প্ৰশ্ন নাহে ৷ তেওঁলোকে এনে পত্ৰ প্ৰেৰণ কৰি নিজৰ ব্যৱসায় ৰক্ষাৰ নামত থলুৱা ৰাইজৰ মাজত ভূল বুজাবুজি সৃষ্টি কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ সন্দেহ হৈছে ৷ আমাৰ সেই সকললৈ সতৰ্কবাণী। আমাৰ খং উঠাবলৈ চেষ্টা নকৰিব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here